বহুদিনৰ পৰা চিঠি এখন লিখিম বুলি ভাবি থাকিও সময়ত লিখা হৈ উঠা নাই ৷ কামটো আজিও পিছলৈকে থ’লোঁ ৷ " চিঠি " গোটত কিবা এটা দিবলৈ মন গৈ থকাৰ বাবে এখন প্ৰেমপত্ৰকে দিলোঁ ৷ এইখন কিন্তু সাধাৰণ প্ৰেমপত্ৰ নহয় , গীনিজ বুকত ঠাই পাবলগীয়া প্ৰেমপত্ৰ ৷ কাৰণ এইখন এজনী অসমীয়া ছোৱালীয়ে লিখা প্ৰথম প্ৰেমপত্ৰ ৷ পঢ়কচোন ৷
““ স্বস্তি৷৷
শ্ৰী পৰমেশ্বৰ সকল সুৰাসুৰবন্দিত পাদপদ্ম প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰীশ্ৰীকৃষ্ণচৰণসৰোৰুহেষু ৷ ৰুক্মিণ্যাঃ সহস্ৰ প্ৰণাম লিখনম্ ৷ শিৱমিহ নিবেদনঞ্চ ৷
হে স্বামী , ভিক্ষুক মুখে তব গুণ ৰূপ শুনিয়ে কায়বাক্যমনে তোহাক পতি ভাৱে বৰইছি ৷ তথি পাপী শিশুপাল হামাক বিবাহ কৰিতে আৱল থিক , যৈচে সিংহক ভাগ নিতে শৃগাল চুম্পিয়ে ৰহল থিক ৷ তাহে দেখিয়ে ভয়ে দণ্ডে যুগ যাই ৷ জানি হামু নিজ দাসীক সত্বৰে নেৱ আসিয়া স্বামী ৷
যব বোল তোহো অন্তেসপুৰে ৰহ , কোন পৰকাৰে ভেট পাৱব তথি উপায় কহোঁ , হে নাথ , তা শুনহ ৷ বিবাহক পূৰ্ব দিৱস ভৱানীক মঠ চলব , সে সময়ে হামাক হৰি নিয়ে যাৱ ৷
যব তোহো হেলা কৰি হামাক নাহি নেৱব তব তোহাত বদ্ধ দিয়ে হামো প্ৰাণ ছাড়ব ৷ পাপী শিশুপালক ছায়া হামো কবহো পাৱে নাহি পৰশো ৷ ওহি জানি নিজ দাসীক হে নাথ , উদ্ধাৰ উদ্ধাৰ ৷ তৱ চৰণসৰোৰুহে কিং বহু লেখ্যমিতি পত্ৰমিদং ৷ ””
No comments:
Post a Comment