Tuesday 31 January 2017

আলাপ: মীনাক্ষী বৰুৱাৰ স'তে

“এবাৰ শিশু সাহিত্যিক ৰঞ্জু হাজৰিকালৈ মই লিখা চিঠি এখনৰ বাবেই মোক আচৰিত কৰি তেখেতৰ জেচন চিৰিজৰ এটা সংখ্যা মোৰ নামত উচৰ্গা কৰিছিল । বিদ্যালয়ৰপৰা উভতি আহোঁতে মই সেই সংখ্যাটো লৈ আহিছিলোঁ আৰু মনৰ স্ফূৰ্তিতে ঘৰত কথাটো ক'বলৈ লৈ চলাই অহা চাইকেলখন ষ্টেণ্ড নকৰাকৈ এৰি দিছিলোঁ !”
কবি,সুলেখিকা চিঠি গোটৰ সক্ৰিয় সদস্যা মীনাক্ষী বৰুৱা বাইদেউৰ সৈতে চিঠিগোটৰ ফালৰ পৰা হোৱা এটি মধুৰ আলাপ চিঠি গোটৰ সন্মানীয় সদস্য সকললৈ আগবঢ়ালোঁ ----
চিঠি গোট: ছচিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
মী.ব:- ধন্যবাদ
চিঠি গোট: সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
মী.ব:-মোবাইল ফোন আৰু ইণ্টাৰনেটৰ বহুল ব্যৱহাৰৰ লগে লগে সাম্প্রতিক সময়ত ডাকযোগে অহা চিঠিৰ প্ৰচলন ব্যক্তিগত ক্ষেত্ৰত একেবাৰেই কমি আহিল । প্ৰাত্যহিক জীৱনৰ যান্ত্ৰিকতা আৰু ঘড়ীৰ কাটাৰ সমতা ৰক্ষাৰ হেতুকেই মানুহে সহজ আৰু দ্ৰুত মাধ্যমক আদৰি ল'বলৈ বাধ্য হৈছে ।সময়ে কঢ়িয়াই অনা এনে ৰূপান্তৰসমূহ সহজলভ্য হোৱাটো কিছু ক্ষেত্ৰত অৱশ্যে ক্ষতিকাৰক বুলিও বিবেচনা কৰোঁ । সহজলভ্য প্ৰাপ্তিত শিহঁৰণ নাথাকে । শিহঁৰণে আনন্দত ৰং সানে, সেয়েহে হয়তো চিঠিয়ে কঢ়িয়াই অনা আবেগৰ মাদকতা দ্ৰুত মাধ্যম সমূহত আমি বিচাৰি নাপাওঁ । আমাৰ পিছৰ প্ৰজন্ম চিঠিৰ আমেজৰপৰা বঞ্চিত হোৱা কথাটোৱে অৱশ্যেই দুখ দিয়ে ।
চিঠি গোট: আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
মী.ব:-আমাৰ ছোৱালীকাল শেষ হোৱালৈকে চিঠিৰ ব্যৱহাৰ খুব কমি যোৱা নাছিল । ভাবৰ আদান-প্ৰদানৰ বাবে চিঠিয়েই একমাত্ৰ মাধ্যম আছিল । মই বৰ বন্ধুপ্ৰিয় ছোৱালী আছিলোঁ । মনত দোলা দি থকা সকলো কথাই চিঠিৰ জড়িয়তে প্ৰকাশ কৰি বৰ ভাল পাইছিলোঁ । এক কথাত ক'বলৈ গ'লে চিঠি লিখাটো মোৰ 'হবি'ৰ দৰেই আছিল । কেৱল বন্ধু/বান্ধৱীয়েই নহয় , আত্মীয়স্বজন আৰু আপোন হৈ পৰা সৰু-ডাঙৰ সকলোলৈকে মই অলেখ চিঠি লিখিছিলোঁ । চিঠিৰ সৈতে স্মৃতি আৰু অভিজ্ঞতা অনেক আছে । এবাৰ শিশু সাহিত্যিক ৰঞ্জু হাজৰিকালৈ মই লিখা চিঠি এখনৰ বাবেই মোক আচৰিত কৰি তেখেতৰ জেচন চিৰিজৰ এটা সংখ্যা মোৰ নামত উচৰ্গা কৰিছিল । বিদ্যালয়ৰপৰা উভতি আহোঁতে মই সেই সংখ্যাটো লৈ আহিছিলোঁ আৰু মনৰ স্ফূৰ্তিতে ঘৰত কথাটো ক'বলৈ লৈ চলাই অহা চাইকেলখন ষ্টেণ্ড নকৰাকৈ এৰি দিছিলোঁ ! মোৰ এইবাবেই ভাল লাগিছিল যে চিঠিখনত মই জেচন সম্পৰ্কীয় একো কথাই লিখা নাছিলোঁ । সামৰণিত কেৱল জেচনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ বুলিহে উল্লেখ কৰিছিলোঁ । এজনী অচিনাকি ছোৱালীৰ সাধাৰণ চিঠি এখনেও এজন ব্যস্ত ব্যক্তিৰ হৃদয়ত স্নেহ জগোৱা কথাটোৱে চিঠিৰ প্ৰতি মোৰ মৰম দুগুণে বৃদ্ধি কৰিলে । সেইদৰে পত্ৰ বান্ধৱীলৈ লিখা চিঠিৰ অভিজ্ঞতাইও সমৃদ্ধ কৰিছিল জীৱনৰ এছোৱা সময় । চিনি নোপোৱা, মাত নুশুনা, মুখ নেদেখা বান্ধৱীসকলৰ প্ৰতি মনত দিনে দিনে বাঢ়ি গৈছিল মৰম আৰু সৰল আন্তৰিকতাৰ উচ্ছ্বাস । চিঠিৰেই বুজিবলৈ প্ৰয়াস কৰিছিলোঁ তেওঁলোকৰ অন্তৰ্জগতৰ ন ন কথা । চিঠি লিখিবলৈ সাধাৰণতে Inland letter ব্যৱহাৰ কৰিছিলোঁ যদিও ইয়াৰ সীমিত স্থানৰ বাবে দীঘলীয়া কথা থাকিলে ফুলস্কেপ পৃষ্ঠাও ব্যৱহাৰ কৰিছিলোঁ । এনেকৈ লিখা চিঠিৰ ওজন বেছি হ'লে খামৰ ওপৰত ডাক-টিকটটো অধিক মূল্যৰ লগাব লগা হৈছিল । টেলিগ্ৰাম অৱশ্যে মই কৰি পোৱা নাছিলোঁ । সীমিত খবৰ বা শুভেচ্ছাৰ বাবে পোষ্টকাৰ্ড কেতিয়াবা ব্যৱহাৰ কৰিছিলোঁ । চিঠি এখনৰ আৰম্ভণি আৰু শেষ অংশটোত সোমাই থকা আবেগ আৰু আন্তৰিকতাই মোক সমৃদ্ধ কৰিছিল, অপেক্ষাৰ কথা নকলোৱেইবা ! চিঠি এখন ডাকত দিয়াৰ এসপ্তাহমান পিছতহে নিৰ্দিষ্ট স্থান পাইছিলগৈ, পিছৰ সপ্তাহটো আছিল অপেক্ষাৰ সময় । মুখামুখিকৈ ক'ব নোৱাৰা কথা আৰু অনুভৱবোৰ ব্যক্ত কৰিবলৈ চিঠি আছিল উপযুক্ত মাধ্যম ।
চিঠি গোট: প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
মী.ব: প্ৰেমাস্পদলৈ চিঠি লিখাৰ সৌভাগ্য মোৰ নহ'ল । মনৰ কাগজতে গোপনে বহু পত্ৰ লিখিছিলোঁ কাল্পনিক প্ৰেমিকলৈ । তাৰবাবে অৱশ্যে দুখ বা আক্ষেপ নাই । সময়ৰ লগে লগে এনে অনুভৱ সলনি হৈ যায় । অৱশ্যে নিজে প্ৰেমপত্ৰ লিখাৰ সুযোগ নাপালেও, লুকাই লুকাই পঢ়া চিঠিৰ অনন্য অভিজ্ঞতাৰপৰা বঞ্চিত হোৱা নাছিলোঁ ! বিয়া ঠিক হোৱাৰ পিছত ভাবী স্বামীলৈ দুই এখন পত্ৰ লিখিছিলোঁ যদিও ঘনীষ্ঠ হোৱাৰ সুযোগ নোপোৱা বাবে মনৰ ভাববোৰ মুকলিকৈ তেতিয়া প্ৰকাশ কৰিব পৰা নাছিলোঁ ।
চিঠি গোট:বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
মী.ব::সামাজিক আৰু অফিচিয়েল প্ৰয়োজনৰ বাদে ব্যক্তিগত জীৱনত চিঠিৰ আদান-প্ৰদান নোহোৱা হৈ যোৱা কথাটোৱে মনলৈ বেদনা আনে । যোগাযোগ মাধ্যম যিমানেই খৰতকীয়া হৈছে মানুহ সিমানেই হকে বিহকে ব্যস্ত হৈ পৰিছে । সম্পৰ্কবোৰৰ মাজত নিৰ্মল আত্মীয়তা যেন নোহোৱা হৈ আহিছে । পৃথিৱীখন ওচৰ চাপি অহাৰ লগে লগে বহু ওচৰ সম্পৰ্ক যেন দূৰলৈ আঁতৰি গৈছে ! চিঠিৰ সুন্দৰ স্মৃতিয়ে সেয়েহে প্ৰায়েই আমনি কৰে ।
মীনাক্ষী বৰুৱা বাইদেউৰ বিষয়ে অকনমান:
গুৱাহাটী আজাৰা নিৱাসী বাইদেউ দুটি সন্তানৰ মাতৃ৷শিক্ষা বিষয়ত স্নাতকোত্তৰ তথা বি এড -- সন্মানীয়া বাইদেউ সাহিত্যৰ একান্ত অনুৰাগী৷
ব্যস্ততাৰ মাজতো চিঠি গোটৰ “আলাপ”ত ভাগ লৈ আমাক যি আনন্দ দিলে তাৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল৷বাইদেউৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে বাইদেউলৈ থাকিল অফুৰন্ত শুভকামনা৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
৩১.০১.১৭

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...