Wednesday 28 December 2016

আলাপ: ৰীণা বুঢ়াগোহাঁইৰ স'তে

"চিঠি লিখাৰ আৰু চিঠি পঢ়াৰ যি আমেজ সেয়া ক'ৰবাত হেৰাই গ'ল।পিয়নে আহি পদূলি মূৰত কেতিয়া চাইকেলৰ টিলিঙা বজাব বুলি কাণ উনাই থকাৰ দিন উকলিল।কাৰোবাৰ পৰা অহা চিঠিখন একে উশাহে পঢ়ি শেষ কৰাৰ ৰুদ্ধশ্বাস সময়বোৰ এতিয়া অতীত হৈ গ'ল।এখন চিঠি ডাকবাকচত পেলাই উত্তৰ নহালৈকে মাহেক-পষেক কি উৎকণ্ঠাৰে পাৰ হয় তাক আজিৰ বোৰে ক'ত বুজিব ? কি দিন ক'লৈ গ'ল ? সকলো এতিয়া নষ্টালজিয়া।"
কবি,সুলেখিকা তথা যোৰহাট শংকৰদেৱ একাডেমীৰ (জুনিয়ৰ কলেজ) অধ্যক্ষা শ্ৰদ্ধেয়া ৰীণা বুঢ়াগোহাঁই বাইদেউৰ সৈতে চিঠি গোটৰ ফালৰ পৰা হোৱা এটি মধুৰ আলাপ চিঠিগোটৰ সন্মানীয় সদস্যসকললৈ বুলি আগবঢ়ালোঁ--
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
ৰীণা বুঢ়াগোহাঁই:- আন্তৰিক ধন্যবাদ জনালো মৌচুমী
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
ৰীণা বুঢ়াগোহাঁই:- বৰ্তমান সময়ত চিঠিৰ প্ৰাসঙ্গিকতা কেনে বুলি ক'লে একে আষাৰে কৈ দিব নোৱাৰি । কাৰণ বৰ্তমান সময় ভিন্ন জেনেৰেশ্যনৰ সংমিশ্ৰন । গতিকে সকলোৰে মানসিকতা ভিন্ন ধৰণৰ ।অতি আধুনিক প্ৰজন্মৰ খিনিৰ চিঠি সম্পৰ্কীয় সম্যক ধাৰণাই নাই । তেওঁলোকে কোনো ধৰণৰ চিঠিৰ বিষয়ে জানিব নিবিচাৰে । লাগিলে সেয়া যি বিধৰ চিঠিয়েই নহওক কিয় ।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
ৰীণা বুঢ়াগোহাঁই:- আমি চিঠি লিখিছিলো সেই সময়ছোৱাত চিঠিৰ আদান-প্ৰদানেৰে সকলো খা-খবৰ পঠিওৱা হৈছিল আপোনজনলৈ বা যিকোনো সামাজিক,সাংস্কৃতিক বা চৰকাৰী যিকোনো বিষয়ক লৈ চিঠি লিখিছিলো।চিঠি কোনে কিমান ভাল লগাকৈ বা ৰস লগাকৈ লিখিব পাৰি তাৰ প্ৰতিযোগিতা চলিছিল সমবয়সীয়াৰ মাজত।
আমাৰ সময়ত বিস্ময়ৰ পাতত পত্ৰবন্ধু বুলি এটা শিতান আছিল।আমি তেতিয়া কলেজৰ ছাত্ৰী । সেই শিতানৰ প্ৰেমত পৰি তাত থকা নামবোৰ সঁ‌চা নে মিছা প্ৰমাণ চাবলৈ এজন ল'ৰালৈ মই মৰসাহ কৰি এখন চিঠি দিছিলো।তাৰপিছতে উত্তৰ আহিল।চিঠিৰ চলাচল সঘনাই ঘটিল।যাৰবাবে মোৰ ৰক্ষনশীল দেউতাৰ অনেক গালিও মই হজম কৰিছিলো।অৱশ্যে মই দেউতাক বুজাই দিব পাৰিছিলো।৬মাহ চিঠিৰ বিনিময়ৰ পিছত ল'ৰাজন আমাৰ ঘৰলৈ আহিল সুদূৰ বঙাইগাঁও ৰিফাইনেৰীৰ পৰা ৰঙা বাছত উঠি আমাৰ জাঁ‌জীৰ ঘৰলৈ।৬দিন থকাৰ পিছত আমাৰ ঘৰখনৰ আতিথ্যত তেওঁ ইমানেই মুগ্ধ হ'ল যে আমাৰ ঘৰৰ লগত মিটিৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি মোলৈ চিঠি লিখিলে । মই পত্ৰবন্ধুৰ সন্মান অটুট ৰাখি মোৰ একমাত্ৰ বাইদেউক সম্পূৰ্ণ সামাজিক প্ৰথাৰে তেওঁলৈ বিয়া দিলো।এয়া মোৰ জীৱনৰ অন্যতম স্মৃতি আৰু অভিজ্ঞতা।তেওঁ এতিয়া মোৰ একমাত্ৰ ভিনদেউ।যোৱাবছৰ ৰিফাইনেৰীৰ পৰা অৱসৰ ললে । বাইদেউ “বিজনী বান্ধৱ হায়াৰ চেকেণ্ডাৰীৰ” শিক্ষয়িত্ৰী।দুটা ল'ৰা ছোৱালীৰে সুন্দৰ সংসাৰ।দুয়োটা ইঞ্জিনিয়াৰ।চিঠি লিখাৰ ইয়াতকৈ ভাল অভিজ্ঞতা আৰু স্মৃতি কি হ'ব পাৰে মৌচুমী ।
৪) প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
ৰীণা বুঢ়াগোহাঁই:- নিশ্চয় লিখিছিলো । বৰ্তমান মোৰ স্বামীয়েই আছিল এসময়ৰ মোৰ প্ৰেমাস্পদ।অৱশ্যে ভিনদেউক লগ পোৱা সময়ত মোৰ কোনো প্ৰেমিক নাছিল।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
ৰীণা বুঢ়াগোহাঁই:- আধুনিক টেকন'লজিয়ে মানুহক এই নিৰ্মল আনন্দৰ পৰা বঞ্চিত কৰি পেলাইছে।মোবাইল, ইন্টাৰনেট আদিৰ পয়োভৰে মানুহৰ বিবেক বুদ্ধিৰ ওপৰত পৰ্দা দিয়া আৰম্ভ কৰিলে।নিৰ্ভেজাল ভালপোৱাবোৰক কৃত্ৰিমতাই আকোৱালি ল'লে । চিঠি লিখাৰ আৰু চিঠি পঢ়াৰ যি আমেজ সেয়া ক'ৰবাত হেৰাই গ'ল।পিয়নে আহি পদূলি মূৰত কেতিয়া চাইকেলৰ টিলিঙা বজাব বুলি কাণ উনাই থকাৰ দিন উকলিল।কাৰোবাৰ পৰা অহা চিঠিখন একে উশাহে পঢ়ি শেষ কৰাৰ ৰুদ্ধশ্বাস সময়বোৰ এতিয়া অতীত হৈ গ'ল।এখন চিঠি ডাকবাকচত পেলাই উত্তৰ নহালৈকে মাহেক-পষেক কি উৎকণ্ঠাৰে পাৰ হয় তাক আজিৰ বোৰে ক'ত বুজিব ? কি দিন ক'লৈ গ'ল ? সকলো এতিয়া নষ্টালজিয়া।
ব্যস্ততাৰ মাজতো চিঠি গোটৰ “আলাপ”ত ভাগ লৈ আমাক যি আনন্দ দিলে তাৰ বাবে বাইদেউলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা থাকিল৷বাইদেউৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
২৮/১২/২০১৬

Monday 19 December 2016

এখন প্ৰেমপত্ৰ : সত্যেন্দ্ৰ বৰদলৈ

বহুদিনৰ পৰা চিঠি এখন লিখিম বুলি ভাবি থাকিও সময়ত লিখা হৈ উঠা নাই ৷ কামটো আজিও পিছলৈকে থ’লোঁ ৷ " চিঠি " গোটত কিবা এটা দিবলৈ মন গৈ থকাৰ বাবে এখন প্ৰেমপত্ৰকে দিলোঁ ৷ এইখন কিন্তু সাধাৰণ প্ৰেমপত্ৰ নহয় , গীনিজ বুকত ঠাই পাবলগীয়া প্ৰেমপত্ৰ ৷ কাৰণ এইখন এজনী অসমীয়া ছোৱালীয়ে লিখা প্ৰথম প্ৰেমপত্ৰ ৷ পঢ়কচোন ৷
““ স্বস্তি৷৷
শ্ৰী পৰমেশ্বৰ সকল সুৰাসুৰবন্দিত পাদপদ্ম প্ৰপন্নজনতাৰণ নাৰায়ণ শ্ৰীশ্ৰীকৃষ্ণচৰণসৰোৰুহেষু ৷ ৰুক্মিণ্যাঃ সহস্ৰ প্ৰণাম লিখনম্‌ ৷ শিৱমিহ নিবেদনঞ্চ ৷
হে স্বামী , ভিক্ষুক মুখে তব গুণ ৰূপ শুনিয়ে কায়বাক্যমনে তোহাক পতি ভাৱে বৰইছি ৷ তথি পাপী শিশুপাল হামাক বিবাহ কৰিতে আৱল থিক , যৈচে সিংহক ভাগ নিতে শৃগাল চুম্পিয়ে ৰহল থিক ৷ তাহে দেখিয়ে ভয়ে দণ্ডে যুগ যাই ৷ জানি হামু নিজ দাসীক সত্বৰে নেৱ আসিয়া স্বামী ৷
যব বোল তোহো অন্তেসপুৰে ৰহ , কোন পৰকাৰে ভেট পাৱব তথি উপায় কহোঁ , হে নাথ , তা শুনহ ৷ বিবাহক পূৰ্ব দিৱস ভৱানীক মঠ চলব , সে সময়ে হামাক হৰি নিয়ে যাৱ ৷
যব তোহো হেলা কৰি হামাক নাহি নেৱব তব তোহাত বদ্ধ দিয়ে হামো প্ৰাণ ছাড়ব ৷ পাপী শিশুপালক ছায়া হামো কবহো পাৱে নাহি পৰশো ৷ ওহি জানি নিজ দাসীক হে নাথ , উদ্ধাৰ উদ্ধাৰ ৷ তৱ চৰণসৰোৰুহে কিং বহু লেখ্যমিতি পত্ৰমিদং ৷ ””

Monday 28 November 2016

মোৰ বহুত মৰমৰ পৰী : অনুপমা বৰগোহাঁই

মোৰ বহুত মৰমৰ পৰী ,
বহুত বহুত মৰম আৰু ডাইমকু পঠিয়ালোঁ ৷ তোমাৰ চিঠিখন, তোমাৰ ক’বলগীয়া কথাবোৰ বুকুত বান্ধি ল’বলৈ আগ্ৰহেৰে বাট চাই আছিলোঁ ৷ আৰু কালি তোমাৰ চিঠিখন পাই কিমান যে ভাল লাগিল - বুজাব নোৱাৰোঁ ! আচলতে তোমালৈ চিঠি এখন লিখিবলৈ মোৰ নিজৰো বৰ মন গৈ আছিল ৷ তোমাকো যে মোৰ বহুবোৰ মনৰ কথা ক’বলৈ মন গৈ আছিল !
পৰী, তোমাৰ উপন্যাসখন নিজে কিনি পঢ়াটো পাঠক আৰু এগৰাকী নতুন লেখক হিচাপে মোৰ দায়িত্ব বুলি ভাবো ৷ জানা নে পৰী , ঈশানজ্যোতি বৰা নামৰ মোৰ ভাইটি জনে ( যাৰ নামটো মই মোৰ উপন্যাসত কৃতজ্ঞতাৰ শিতানত উল্লেখ কৰিছোঁ ) মোৰ প্ৰথমখন গ্ৰন্থ ‘অনুভৱৰ জোঁটনি’ খন কিনিবৰ বাবে কিতাপৰ দোকানত বিচাৰি নাপাই মোলৈ কিতাপৰ মূল্য আৰু কুৰিয়াৰৰ মূল্য ডাকযোগে পঠিয়াই দিছিল ৷ ঈশানেই মোক শিকাইছিল , আমি নিজে লিখা কিতাপৰ মূল্য যদি নিজেই নিদিওঁ তেনে কোনেও নিদিয়ে ৷ সেইবুলি আমি নিজে লিখা কিতাপ কাকো উপহাৰ নিদিম নেকি ? দিম ৷ কিয় নিদিম ? কিন্তু সেই উপহাৰ গ্ৰহণ কৰোঁতাজনেও কৃতজ্ঞতা আৰু প্ৰেৰণা জনাবৰ বাবে নতুন লেখকৰ কিতাপ কিনি আনক উপহাৰ দিব পাৰে ৷ তোমাৰ মৌ বাই মোৰ দুয়োখন কিতাপ কিনি কিমানক যে উপহাৰ দিছে ! তোমাৰ মৌবা অৰ্থাৎ মোৰ মৰমৰ ভনী চুমীৰ ওচৰত মই যে কিমান কৃতজ্ঞ সেয়া বুজাবলৈ মোৰ ওচৰত শব্দৰ অভাব ৷ কেতিয়াবা সন্দেহ হয় - শব্দৰ শক্তি অমোঘ , এই কথাষাৰ সত্য হয় জানো ? জীৱনৰ ওচৰত মই যে কিমান কৃতজ্ঞ সেয়া বুজাবলৈ শব্দৰ শক্তি নাই ৷ জীৱনে মোক ইমানবোৰ ভাল ব্যক্তিৰ সান্নিধ্যত আনি দিছে যে তথাকথিত বেয়ামানুহৰ , দুখ দিয়া মানুহৰ কথা ভাবিবলৈ মই সুৰুঙাই নাপাওঁ ৷ বাৰু এইবোৰ কথা বাদ - পৰী, মই তোমাৰ কিতাপখন কিনিম আনক উপহাৰ দিবলৈ ৷ আৰু তোমাক মোৰ ডাক ঠিকনাটো দিম ৷ মোলৈ তোমাৰ হাতৰ আখৰে লিখা কিতাপখনৰ কপি এটা পোৱাৰ আশাৰে ৷
পৰী, তুমি আকাশত উৰাটোকে মই বিচাৰোঁ ৷ তুমি ইমান ওপৰলৈ উৰা যে তলৰ পৃথিৱীত থকা বাধা, বিঘিনী , সমস্যা সকলো তেনেই ক্ষুদ্ৰ হৈ নাইকীয়া হয় পৰে ৷ কিন্তু এটা কথা মনত ৰাখিবা - ওপৰলৈ উৰিবলৈ হলে নিজৰ মনৰ বোজা কিছুমান একেবাৰে পেলাই দিব লাগিব আৰু তেতিয়া পাখি দুখন বেছি শক্তিশালী হ’ব ৷ পাখি দুখনত শক্তি থকা মানে পৰি যোৱাৰ ভয় নাথাকে ৷ তোমাৰ নতুন উপন্যাস ‘‘কুণ্ডলীনি’’ আত্মজৈৱনীক হ’ব নিশ্চয় ৷ উপন্যাস বা গপ্ল বাস্তৱ জীৱনৰ ওপৰত লিখিলেহে মোৰ মতে ভাল ৷ কল্পনা আৰু ভাষাৰ শক্তিৰে মোহময় অসত্যৰ সৃষ্টি কৰি ক্ষন্তেকীয়া ভাববিলাস বা আনন্দৰ মায়াজাল সৃষ্টি কৰিব পাৰি ৷ কিন্তু ই সাহিত্যৰ ঐশ্বৰিক শক্তিক অনুভৱ কৰাবলৈ , জীৱনটো আনন্দৰে যাপন কৰাৰ পথ দেখুৱাবলৈ, জীৱনক সঁচা অৰ্থত বুজাবলৈ নোৱাৰে ৷ এয়া অৱশ্যে মোৰহে ধাৰণা ৷ বাস্তৱ জীৱন , বাস্তৱ ঘটনাক অনুধাবন কৰি নিজৰ কল্পনা আৰু লেখনিৰ ক্ষমতাৰে এখন সুন্দৰ উপন্যাস সৃষ্টিত লাগি যোৱা পৰী ৷ মোৰ বহুত শুভকামনা আৰু ডাইমকু আছে তোমালৈ ৷
পৰী, তোমাক ক’ব লগীয়া আৰু বহুত কথা আছে ৷ কিন্তু বহুত বেছি কথা একেদিনাই নকওঁ ৷ তোমাৰ আমনি লাগিব ৷ মাত্ৰ আৰু এটা কথা কওঁ - ফেচবুক তথা অন্য সামাজিক জালপঞ্জীৰ মাধ্যমবোৰৰ ব্যৱহাৰ সীমিত কৰিবা ৷ যিকোনো বস্তু যিমান ভাল হলেও ব্যৱহাৰ সীমিত হ’লেহে প্ৰকৃত উপকাৰ পোৱা যায় ৷ ফেচবুক জৰিয়তে আমি ইমানবোৰ ভাল ভাল ব্যক্তি লগ পাইছো, সঁচা সম্বন্ধ গঢ়িব পাৰিছোঁ - কিন্তু তথাপিও ইয়াৰ পৰিমাণ কম কৰিলে আমি বাস্তৱ জীৱনৰ বহুতো সমস্যাৰ পৰা ৰেহাই পাব পাৰিম ৷ কম সময় বা নিৰ্দিষ্ট দিনতহে যদি ফেচবুক চাওঁ - তেতিয়াও আমি এই সঁচা আৰু ভাল ব্যক্তি সকলক পাম ৷ ভাল লেখা , ভাল খবৰবোৰ তেতিয়াও পঢ়িবলৈ পাম ৷ ফেচবুকে কব নোৱাৰাকৈ আমাৰ হাতৰ পৰা বহুবোৰ সময়েই কাঢ়ি নিয়ে ৷ সেই সময়খিনি আমি নিজৰ পৰিয়ালক বা নিজক দিলে আমাৰ লগতে সমাজৰো উপকাৰ হ’ব ৷ মই এতিয়াৰ পৰা কেৱল শনি আৰু দেওবাৰেহে ফেচবুক ব্যৱহাৰ কৰিম বুলি সিদ্ধান্ত লৈছোঁ ৷ জানা পৰী, সৰুৰে পৰাই মই যেতিয়াই যি সংকপ্ল লওঁ , সেই সংকপ্ল কেতিয়াও কোনো পৰিস্থিতিতে ভংগ নকৰোঁ ৷ বুদ্ধ দৰ্শণৰ অনুশীলন কৰাৰ পৰা মই এই কথা জানিলোঁ যে অষ্টাংগিক মাৰ্গৰ এটা মাৰ্গ হ’ল - সম্যক সংকল্প ৷ বুদ্ধৰ অষ্টাংগিক মাৰ্গৰ কথা তোমাক মই অন্য এদিন কম দেই পৰী ৷
আজিলৈ আহিছো ৷ মোৰ বহুত শুভকামনা তোমাৰ গৃহস্থ - মোৰ ভনী জোঁৱাইৰ বাবে , অকণমাণি দুটাৰ বাবেও বহুত ডাইমকু আৰু মৰম ৷ তোমালৈ পুনৰ বহুত মৰম , শুভকামনা আৰু ডাইমকু ....
উত্তৰ দিবা ৷
ইতি,
তোমাৰ পমাবা
নয়ডা (28/11/16) MY ADD: ONGC HOUSING COMPLEX. FLAT NO C34 .NOIDA SEC 39 PIN 201301 UTTAR PRADESH

Wednesday 2 November 2016

আলাপ:সত্য়েন্দ্ৰ বৰদলৈৰ স'তে

বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক শ্ৰীযুত সত্যেন্দ্ৰ বৰদলৈ দেৱৰ স’তে চিঠিগোটৰ “আলাপ শিতান”ৰ ফালৰ পৰা কেইটামান প্ৰশ্ন আগবঢ়োৱা হৈছিল৷প্ৰশ্ন কেইটা আছিল— Satyendra Bordoloi
১)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
২)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
৩)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
৪) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
গোটেই প্ৰশ্নকেইটা সামৰি বৰদলৈ দেৱে খুউব সুন্দৰ ভাৱে আমালৈ আগবঢ়াইছে প্ৰশ্নৰ উত্তৰসমূহ৷আহকচোন পঢ়োঁ---
স.ব:- চিঠি সম্পৰ্কে তুমি সোধা প্ৰশ্ন কেইটা সামৰি এই প্ৰসংগত মোৰ মন্তব্য আগবঢ়ালোঁ ৷ তুমি সোধা কেয়োটা প্ৰশ্নৰ উত্তৰ ইয়াতে পাবাঁ ৷
চিঠি এনে এটা শব্দ যি মোক স্মৃতিকাতৰ কৰি তোলে , অতীতৰ এক মধুৰ অনুভূতি অন্তৰত পুনৰ সাৰ পাই উঠে , ডাকঘৰৰ পিয়নজনক ৰাষ্টাত দেখা পালেই পদুলিলৈ দৌৰ মৰা দিনবিলাকলৈ মনত পেলাই দিয়ে ৷
এটা সময়ত আমাৰ ঘৰলৈ প্ৰায় প্ৰতি দিনেই চিঠি আহিছিল ৷ কেতিয়াবা কেবাখনো আহিছিল ৷ ইনলেণ্ড লেটাৰ কাৰ্ড , এন্‌ভেলপ আৰু ডাকটিকট আমি একেলগে বহুত আনি ৰাখোঁ ৷ দূৰত থকা আত্মীয় আৰু বন্ধু-বান্ধৱৰ লগত সম্পৰ্ক ৰখাৰ একমাত্ৰ মাধ্যম আছিল চিঠি ৷ এটা সময়ত মোৰ দেশী-বিদেশী ভালেমান পত্ৰ-বন্ধুও আছিল ৷ বৰ্তমানৰ প্ৰজন্মই পত্ৰ-বন্ধু কি বুলি হয়তো সুধিব পাৰে ৷ মই ৰেডিঅ’ মস্কো , ভইচ অব্‌ আমেৰিকা , বি বি চি , ডাট্‌চি ৱালি , ৰেডিঅ’ জাপান , ৰেডিঅ’ পিকিং আদিৰ লগত ডি-এক্সিং কৰিছিলোঁ আৰু সেই সূত্ৰে দেশী-বিদেশী ভালেমান বন্ধু লাভ কৰিছিলোঁ ৷ চিঠিৰ জৰিয়তেই আমাৰ ভাৱ বিনিময় হৈছিল ৷ সাহিত্যৰ প্ৰতি আগ্ৰহী হোৱাৰ সূত্ৰে অসমৰ ভালেকেইজন বিশিষ্ট লেখক/সাহিত্যিকলৈ মই ছাত্ৰাৱস্থাত চিঠি লিখিছিলোঁ ৷ মোৰ চিঠিৰ উত্তৰ হিচাপে লিখা ড° মহেন্দ্ৰ বৰা , ড° লীলা গগৈ , যতীন্দ্ৰ নাথ গোস্বামী , মহিম বৰা আদি কেবাগৰাকীও বিশিষ্ট পণ্ডিতৰ চিঠি এতিয়াও সযতনে ৰাখিছোঁ ৷
চিঠি লিখাটো এটা বিশেষ কলা ৷ মান্যানুসৰি চিঠি লিখা ৰীতিও ভিন্ন হয় ৷ চিঠিৰ আৰ্হিত ভালেমান মহৎ সাহিত্যও সৃষ্টি হৈছে ৷ কিন্তু ইয়াৰ মহত্ব চিঠিৰ লগত পৰিচয় থাকিলেহে উপলব্ধি কৰিব পাৰি ৷ কিন্তু দুখৰ কথা কম্পিউটাৰ-মোবাইল ফোন অহাৰেপৰা চিঠিৰ প্ৰচলন কমি গ’ল আৰু ইন্টাৰনেট , ই-মেইল , ফেইছবুক , হোৱাট্‌চ এপৰ প্ৰচলনে ব্যক্তিগত চিঠিৰ প্ৰচলন নিঃশেষ কৰি দিলে ৷ প্ৰতিদিনেই ঘৰলৈ অহা বা নহালৈকে উৎসুকতাৰে বাটলৈ চাই ঠকা পিয়নজনৰ লগত এতিয়া চিনাকি হেৰাই গ’ল ৷ তিনি আলি-চাৰি আলিত আঁৰি থোৱা ৰঙা ডাকবাকচবোৰ অদৃশ্য হৈ পৰিল ৷ বৰ্তমান কেৱল কাৰ্যালয় সংক্ৰান্তীয় চিঠি আৰু টোপোলা প্ৰেৰণতে ডাক বিভাগটো সীমাৱদ্ধ হৈ পৰিল ৷ আজিৰ প্ৰজন্মই চিঠি লিখা কলাটোৰ লগত পৰিচয় হেৰুৱাই পেলালে ৷ নিজৰ ঠিকনাটোকে লিখিব নজনা হ’ল ৷ এটা উদাহৰণ দিওঁ , ---পৰীক্ষাত “ তোমাৰ চলিত পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ এখন চিঠি লিখাঁ " প্ৰশ্নৰ উত্তৰত ভালেমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা বহীত লিখা পাইছিলোঁ এনেদৰে , ---- প্ৰতি অভিভাৱক, তাং ---------- বিষয় : পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ লিখা চিঠি ৷
মাননীয় অভিভাৱক ----------------
সৰুতে বিদ্যালয়ত ছুটী বিচাৰি লিখা আবেদনৰ আৰ্হিতে তেওঁলোকে লিখিছিল ৷ এনে হোৱাৰ প্ৰধান কাৰণ হ’ল এওঁলোকৰ চিঠিৰ লগত পৰিচয় নাই ৷ বিল গেট্‌ছে পৃথিৱীৰ পৰা কাগজ নিৰ্মূল কৰাৰ যি সপোন দেখিছিল , এয়া যেন তাৰেই আৰম্ভণি ৷ আজি ইন্টাৰনে’টৰ সহায়ত প্ৰপত্ৰ পূৰণ , বেংক সেৱা আদি প্ৰায় সকলো সম্ভৱ ৷ ই-বুক , ই-জাৰ্ণেল , ই-মেগাজিন , ই-নিউজ পেপাৰ আদি সহজলভ্য হ’ল ৷ শেহতীয়া কাৰুকাৰ্যৰ মোবাইল ফোন এটা হাতত থাকিলে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড মুঠিটোত সোমাই পৰে ৷ এনচাইক্ল’পেডিয়া ব্ৰীটানিকা বৰ্তমান ছপাৰূপত প্ৰকাশ বন্ধ কৰি কেৱল ছফ্ট কপিহে প্ৰচলন কৰে ৷ গেট্‌ছৰ সপোন যে সমাগত , এয়া তাৰেই ইংগিত ৷ বৰ্তমান অফিচ-কাছাৰিৰ চিঠিৰে ডাক বিভাগটো চলি আছে যদিও এনে চিঠিওযে সোনকালে বিলুপ্ত হ’ব , সেই কথা নুই কৰিব নোৱাৰি ৷
পৰিৱৰ্তন অৱধাৰিত ৷ আমাৰ বাবে মৰ্মান্তিক যদিও এয়া অৱশ্যম্ভাবি ৷ কাগজৰ আৱিষ্কাৰে সাঁচি-পাত নোহোৱা কৰাৰ দৰে বিজ্ঞান তথা তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিয়ে চিঠিয়েই নহয় , আৰু বহুত বস্তু নিঃচিহ্ণ কৰিলে ৷নেন’ টেক্‌নল’জিৰ বিকাশ সাধনে আৰুযে কিমান পৰিৱৰ্তন আনিব , সেই কথা কল্পনাও কৰিব নোৱাৰি ৷ হয়তো " চিঠি " শব্দটো এসময়ত চাৰ্চ ইঞ্জিনতহে বিচাৰিব লাগিব ৷
তোমাৰ কেয়োটা প্ৰশ্নৰ উত্তৰ সামৰি কথাখিনি লিখিলোঁ ৷ এয়া মোৰ ব্যক্তিগত চিন্তা ৷ কিন্তু এয়াইযে ভৱিষ্যৎ , মই নিশ্চিত ৷ আৰু প্ৰেমাস্পদলৈ চিঠি ? সঁচা কথা কওঁ , ধুনীয় ছোৱালী মাত্ৰেই প্ৰেমত পৰিছিলোঁ , বহুত সৰুৰেপৰা ৷ চিঠিও লিখিছিলোঁ বহুত ৷ কিন্তু এখন চিঠিও দিব নোৱাৰিলোঁ , ভয়তে ৷ কোনো ছোৱালীয়ে গমকে নাপালে , মই তাইৰ প্ৰেমত মতলীয়া হোৱাবুলি ৷ কিমধিকমিতি ৷
ব্যস্ততাৰ মাজতো আলাপ শিতানটিৰ বাবে সময় দিয়া বাবে সন্মানীয় বৰদলৈ দাদালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

Wednesday 26 October 2016

আলাপ: সাৰদা শ্ৰেষ্ঠাৰ স'তে

“চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে ।“
চিঠিগোটৰ এগৰাকী প্ৰবীণ সক্ৰিয় সদস্য তথা কবি সুলেখিকা সাৰদা শ্ৰেষ্ঠা বাইদেউৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Sarada Shrestha)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
সা.শ্ৰে:- চছিয়েল নেটৱৰ্কিং চাইট "চিঠি গোট"লৈ মোৰ আন্তৰিক শুভকামনা যাচিলো । আলাপৰ বাবে মোক নিৰ্বাচন কৰা বাবে মৌচুমী বৰিলৈ তথা চিঠি গোটলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
সা.শ্ৰে:-সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিতা এক চিন্তাৰ বিষয় হৈ পৰিছে । আজিৰ মানুহ ভীষন ব্যস্ত । ব্যস্ততাই কোঙা কৰা মানুহৰ আজিকালি চিঠি লিখাৰ আহৰি নাই । তদুপৰি মোবাইল, নেটৱৰ্ক চাইটবোৰে চিঠিলৈ ভাবুকি কঢ়িয়াই আনিছে । ডাকৰ চিঠি হাতত পৰিবলৈ কমেও দুই তিনিদিন সময় লাগে । কিন্তু মোবাইল বা চছিয়েল নেটৱৰ্ক ব্যৱস্থাই যোগাযোগ অতি ক্ষিপ্ৰ কৰি তুলিছে । আনকি আমি আজি আমাৰ পৰা শত যোজন আঁতৰত থকা আমাৰ আপোনজনৰ সৈতে পলকতে মুখামুখিকৈ কথা পাতিব পাৰোঁ । এহাতে ব্যস্ততা আনহাতে যোগাযোগৰ সহজ ব্যৱস্থাই চিঠি লিখাৰ মানসিকতাক ক্ৰমে নিঃশেষ কৰিছে, এই কথা অস্বীকাৰ কৰাৰ উপায় নাই । কিন্তু চিঠিৰ মাদকতা মোবাইল বা নেটৱৰ্ক চাইট সমূহে কেতিয়াও দিব নোৱাৰে । চিঠিত মানুহৰ মনৰ আবেগ অনুভূতিৰ যি সুমধুৰ মাদকতা আছে তাক আন একোৱে দিব নোৱাৰে । তদুপৰি চিঠিৰ মাদকতাই মানুহৰ মন আজীৱন আচ্ছন্ন কৰি ৰাখিব পাৰে । সেয়ে আজিও চিঠিৰ প্ৰয়োজনীয়তাক একেমুখে অস্বীকাৰ কৰিবও নোৱাৰি ।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
সা.শ্ৰে:-মই এসময়ত চিঠি লিখিছিলো । ছাত্রী জীৱনত আৰু তাৰ পৰৱৰ্তী কালত বহু চিঠি মোৰ বান্ধৱীসকললৈ লিখিছিলো । কলেজত পঢ়ি থকা কালত কেইবাজনো অনুজ ভাই ভনীৰ মোৰ সৈতে সুহৃদয়তা গঢ়ি উঠিছিল । দূৰৈত থকা সেই অনুজ সকললৈ কলেজ বন্ধ থকা কালত, কলেজৰ পৰা বিদায় লোৱাৰ পাছতো চিঠি লিখিছিলো । তেওঁলোকেও চিঠি যোগে বহু দিনলৈ মোৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল । মোৰ সতীৰ্থৰ ভনীৰ বিয়াত উপহাৰৰ সৈতে এখন চিঠিও গাঁঠি দিছিলোঁ, চিঠিখনে নকইনাক যথেষ্ট আনন্দ দিয়া বুলি সতীৰ্থগৰাকীয়ে মোক জনাইছিল । চিঠি লিখি ভাল পাইছিলো সেয়ে আপোনজনলৈ চিঠি লিখিবলৈ এলাহ নকৰিছিলো । তেনেকৈ আনৰ পৰা পোৱা চিঠিয়ে মনত কিমান যে আনন্দ দিছিল তাক কেৱল অনুভৱহে কৰিব পাৰি । চিঠি লিখাৰ কথা মনলৈ আহিলে বহুতো কথাই মনত পৰে । বিশেষকৈ এটা ঘটনাই মোক আজিও ব্যথিত কৰে । তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ অসমীয়া সন্মানৰ ছাত্রী । আমাক লগা বিষয়ৰ আনুষঙ্গিক কিতাপ কিনিবলৈ পোৱা নগৈছিল । তাৰ বাবে অধ্যাপকে দিয়া নোট আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল । মোৰ এজনী বান্ধৱী শিৱসাগৰৰ আছিল, পূজাৰ দীঘলীয়া বন্ধত তাই ঘৰলৈ গ'ল । কিন্তু কলেজ খুলাৰ বহু দিনলৈ তাই কলেজলৈ আহিব নোৱাৰিলে নিজৰ কিছু সমস্যাৰ বাবে । তাই আমাক চিঠি লিখি অনুৰোধ কৰিলে শ্ৰেণীত ছাৰে দিয়া নোট যেন তাইলৈ লিখি পঠাওঁ । লগৰ কেইজনীয়ে তাইলৈ চিঠি লিখাৰ দ্বায়িত্ব মোকেই দিলে । মই নিয়মীয়াকৈ তাইলৈ শ্ৰেণীত দিয়া পাঠবোৰ লিখি পঠিয়ালো, তায়ো মোৰ চিঠি বোৰৰ উত্তৰ দি গৈছিল । এটা সময়ত তাই কলেজলৈ আহিল । সকলো ঠিকেই আছিল । পিছে এদিন লগৰ কেইজনীয়ে মোক কলে, মালাই হেনো (শিৱসাগৰৰ বান্ধৱীজনী) সিহঁতক অভিযোগ কৰিছে, ইমান দিন তাই কলেজলৈ আহিব নোৱাৰিলে; আমি কোনেও তাইৰ সৈতে যোগাযোগ নাৰাখিলো । সিহঁতৰ পৰা তাইৰ অভিযোগৰ কথা গম পাই মই লাজে অপমানে মৰ্মাহত হ'লো । মই তাইলৈ লিখা চিঠিৰ প্ৰত্যূত্তৰত তাই দিয়া চিঠিবোৰ পিছদিনা মই সিহঁতক দেখুৱাই মোৰ নিৰ্দোষীতাৰ প্ৰমাণ দিব পাৰিছিলো যদিও এই কথাটোৱে মোক যথেষ্ট আঘাট দিলে । দৰাচলতে বিশ্বাস ভংগতাৰ সমান আন একোৱেই মানুহক আঘাট দিব নোৱাৰে ।আমাৰ লগত পঢ়ি থকা বান্ধৱী এজনী গুৱাহাটী মেডিকেল কলেজলৈ তিনিবছৰীয়া নাৰ্চিংৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল । তাই তাৰেই হোষ্টেলত থাকি প্ৰশিক্ষণ ল'ব লগা হৈছিল । সেয়ে তাইৰ সৈতে নিয়মীয়াকৈ চিঠিৰ আদান - প্ৰদান কৰিছিলোঁ । তাইৰ আখৰবোৰ ছপা আখৰৰ দৰেই গোট গোট, সুন্দৰ আৰু পৰিস্কাৰ আছিল । তাৰোপৰি তাই চিঠি এটা বিশেষ ভাঁজ দি বৰ সুন্দৰকৈ খামত ভৰাই দিছিল । তাইৰ এই কৌশল পাছলৈ ময়ো প্ৰয়োগ কৰিছিলোঁ । সেই সময়ত বহুল জনপ্ৰিয় সঁফুৰা, বিস্ময়ত এটা জনপ্ৰিয় শিতান আছিল "পত্ৰবন্ধু" । এই শিতানে সেই সময়ত পত্ৰ লিখাৰ যেন এক আন্দোলন গঢ় লৈ উঠিছিল । এই শিতানৰ সহযোগত মোৰো বহু কেইজন অচিনাকি বন্ধুৰ সৈতে পত্ৰালাপ হৈছিল । এই অনুভবো বৰ সুন্দৰ । এই পত্ৰবোৰৰ দ্বাৰা বহুতো কথাই জানিব পাৰিছিলো ।
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
সা.শ্ৰে:-মোৰ প্ৰিয়জনলৈ চিঠি লিখিছিলো ।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
সা.শ্ৰে:-বৰ্তমান মানুহৰ সময়ৰ পাছত দৌৰাৰ যি প্ৰতিযোগিতা, ভাব হয় এই দৌৰৰ ধাম্‌খুমীয়াত হয়তো এদিন চিঠিৰ দৰে বহু আপুৰুগীয়া সম্পদ নিঃশেষ হ’ব । আমি সময়ৰ আহ্বান অস্বীকাৰ কৰিব নোৱাৰোঁ । আজিৰ যুৱ প্ৰজন্মই চিঠি লিখিবলৈ টান পায় । যুৱ প্ৰজন্মৰ কথা বাদেই আমিও কালৈকো আজি আৰু চিঠি নিলিখোঁ । খৰতকীয়া যোগাযোগ ব্যৱস্থাই আজি যেন আমাক ক্ৰমে পংগু কৰি আনিছে । চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে । চিঠিৰ আবেদন আজিও একে আছে । আজিও চিঠিয়ে আগৰ দৰেই মানুহৰ মন আলোড়িত কৰিব পাৰে । এই গোটত সন্নিৱিষ্ট চিঠিবোৰেই তাৰ প্ৰমাণ দিয়ে । ফে’চবুকত লগ পোৱা মোৰ অনুজ বন্ধু পল্লৱলৈ চিঠি ডাকত দিছিলোঁ, চিঠি গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ । বহু বছৰৰ পাছত চিঠি লিখিবলৈ হাতত কলম তুলি লৈছিলো, প্ৰথমে অলপ খোকোজা লাগিলেও পিছত সহজে লিখি শেষ কৰিলোঁ । চিঠিৰ প্ৰত্যোত্তৰত পল্লৱেও পলমকৈ হ’লেও মোলৈ চিঠি পঠিয়াইছিল । কাম এটাৰ বাবে মই মোৰ কাৰ্যক্ষেত্ৰৰ পৰা ওলাই গৈছিলোঁ । উভতি আহি মোৰ টেবুলৰ ওপৰত পৰি থকা দেখিছিলোঁ মোৰ নামত অহা চিঠি । বাহিৰৰ পৰা অহা বাবে মই কিছু ক্লান্ত হৈ পৰিছিলোঁ । কিন্তু টেবুলত পৰি থকা খামত মোৰ নাম দেখাৰ লগে লগে মোৰ ভাগৰ টিলিকিতে আঁতৰিল । হাতৰ বেগ থ'বলৈকো মোৰ মনলৈ নাহিল । যি ভাঁজত আহিছিলো, সেই ভাঁজতেই চিঠিৰ খাম খুলি পঢ়িবলৈ ল'লো । এক স্বৰ্গীয় আনন্দত মোৰ মন ফৰকাল হৈ পৰিছিল । এয়াই চিঠিৰ আবেদন । আমি যিবোৰ কথা মুখামুখিকৈ ক'ব নোৱাৰোঁ, সেইবোৰ চিঠিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ । মহাত্মা গান্ধীয়ে ল'ৰালিতে কৰা অপৰাধৰ কথা পিতাকৰ ওচৰত মুখামুখিকৈ ক'ব নোৱাৰি চিঠি লিখি জনাই নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিছিল । পুত্ৰৰ অনুতাপযুক্ত চিঠিয়ে পিতা পুত্ৰ দুয়োৰে মন ন আলোকত আলোকিত হৈছিল, এই কথা সকলোৱে জানে ।
৬) আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে অলপ জনাব নেকি?
সা.শ্ৰে:-মই গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চকু চিকিৎসালয়ত কাম কৰিছিলো । চিকিৎসালয়খন সৰু, ইয়াৰ কৰ্মচাৰীও সেয়ে তাকৰ । ইয়াৰ মূখ্য চিকিৎসক ডা° বিজয় কুমাৰ জৈন । এই চিকিৎসালয়ত চকুৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা হয় । ডা° জৈন চিকিৎসালয়ৰ গুৰিয়াল তথা চিকিৎসক হিচাপে স্নেহশীল । তেখেতৰ তত্ত্বাৱধানত মই চকু চিকিৎসা সম্পৰ্কীয় বহুতো কথাই শিকিলো । তেখেতৰ প্ৰেৰণাত কলাৰ ছাত্ৰী হৈয়ো চকুৰ দৰে এক জটিল বিষয়ৰ বহুতো কথাই জানিব পাৰিছিলো । চকুৰ বিষয়ে মানুহৰ মনত সজাগতা আনিবলৈ আৰু আৰ্থিক ভাবে অসমৰ্থ সকলক সকাহ দিবলৈ গাঁও তথা চহৰৰ ভিতৰুৱা অঞ্চলত আমি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছিলো । তদুপৰি SOS Village, Missionaries of charityৰ দৰে অনুষ্ঠানতো সময়ে সময়ে শিবিৰ পতা হৈছিল । এতিয়া মই মোৰ ঘৰুৱা সমস্যাৰ বাবে স্বইচ্ছাই মোৰ কৰ্মজীৱনৰ পৰা অবসৰ লৈছোঁ ।
ব্যস্ততাৰ মাজতো “চিঠি গোটৰ আলাপত” ভাগ লৈ আমাক যি আনন্দ দিলে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

Wednesday 19 October 2016

আলাপ: মলিন মজুমদাৰৰ স'তে

“আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে”৷
চাকৰি সূত্ৰে অৰুনাচল প্ৰদেশ নিবাসী এভিয়েচন(Aviation) বিষয়া তথা সুলেখক শ্ৰীযুত মলিন মজুমদাৰ দেৱৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Malin Majumdar)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
- আন্তৰিক ধন্যবাদ জনালোঁ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
- টেলিফোনৰ ব্যৱহাৰ সহজলভ্য হোৱাৰ পৰাই ক্ৰমান্বয়ে ব্যক্তিগত চিঠিৰ আদান প্ৰদান কমি আহিব ধৰে। ফলশ্ৰুতিত আমি হেৰুৱালোঁ‌ সেই মধুৰ অনুভূতিবোৰ, যিবোৰ কঢ়িয়াই আনিছিল প্ৰিয়জনৰ বহু আকাংখিত চিঠিবোৰে। চিঠি এখনে কুশল বাৰ্তা বা ঘৰুৱা খবৰ-খাতিয়েই অকল কঢ়িয়াই নানে, ই লগতে কঢ়িয়াই আনে মৰম, ভালপোৱা, প্ৰেৰণা, জ্ঞান, উপদেশ, উৎসাহ সাহস, ধৈৰ্য আৰু বহুতো। বহু সময়ত চিঠি এখনে প্ৰিয়জনৰ অশৰীৰি প্ৰতিনিধি হৈ আমাক সংগ দিয়ে, বাৰে বাৰে। মনত পৰে - গাৰুৰ তলৰ পৰা কিতাপৰ মাজত, চোলাৰ জেপত ক'ত নাছিল চিঠিখন!! মন গ'লেই উলিয়াই পঢ়িছিলোঁ ভাল লগা বাক্যকেইটা, প্ৰেৰণাভৰা শব্দকেইটা নতুনকৈ উজ্জীৱিত হ'বলৈ। কিন্তু আজিকালিৰ ফোনযোগে খবৰ-খাতি দিয়া লোৱা কথা-বতৰাত বা মোবাইল টুইটাৰৰ চুটি চুটি বাৰ্তাবোৰত চিঠিত পোৱা অনাবিল অনুভূতিবোৰ যেন বিচাৰি পোৱা নাযায়; বিচাৰি পোৱা নাযায় মন বেয়া লাগিলেই গাৰুৰ তলৰ পৰা চিঠিখন উলিয়াই পঢ়ি প্ৰিয়জনৰ অশৰীৰি সান্নিধ্যৰ অনুভূতি লোৱাৰ সুযোগ। বহু কথাই হেৰাই গ'ল।
সাম্প্ৰতিক সময়তো চিঠিৰ প্ৰাসংগিকতা সেইবাবেই বৰকৈ অনুভৱ কৰোঁ। আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে? যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
-মই অষ্টম শ্ৰেণীৰ পৰাই চিঠি লিখা আৰম্ভ কৰিছিলোঁ। অষ্টম শ্ৰেণীৰ পৰা মোক ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰমান দূৰৰ এখন স্কুলত ভৰ্তি কৰি দিছিল। ঘাই ঘৰৰ পৰা দূৰত আমাৰ পাম এখন আছিল। তাতেই সৰু ককাইদেউৰ লগত থাকি নতুন স্কুলখনত পঢ়িছিলোঁ। এদিন চতুৰ্থ পিৰিয়দৰ পাছত হোৱা বিৰতিত স্কুলৰ কেৰাণীজনে মোক মাতি নি ডাকযোগে অহা চিঠি এখন দিছিল। চিঠিখন লিখিছিল আগৰ স্কুলখনৰ সহপাঠী, ঘনিষ্ঠ বন্ধু শ্ৰীকান্ত বসুমতাৰীয়ে। জীৱনৰ প্ৰথম চিঠি। স্কুলখনৰ কোনো ছাত্ৰলৈ অহাও হেনো সেইখনেই প্ৰথম চিঠি আছিল। জীৱনৰ প্ৰথম ডাকযোগে পোৱা চিঠি, তাকো অনাকাংখিতভাবে; মই ৰোমাঞ্চিত হৈছিলোঁ, পুলকিত হৈছিলোঁ। স্বাভাবিকভাবেই নতুনকৈ অহা ছাত্ৰ হিচাপে চিঠিখনে মোক অতি সোনকালেই ল'ৰা-ছোৱালীসকলৰ মাজত চিনাকি কৰাই দিছিল।
পাঠ্যক্ৰমত লিখা গতানুগতিক চিঠিৰ পাছত সেই প্ৰথম চিঠি লিখিছিলোঁ মোৰ বন্ধুজনলৈ, তেওঁৰ চিঠিৰ উত্তৰ হিচাপে। আস! কিযে সুন্দৰ অনুভূতি আছিল সেয়া। এতিয়াও সেই পৰিবেশ মনত পৰিলে ৰোমাঞ্চিত হওঁ। সেইযে চিঠি লিখা আৰম্ভ হৈছিল, যতি নপৰাকৈ চলি আছিল সৌ সিদিনালৈ, ঘৰত ফোনৰ সংযোগ নকৰালৈকে। পামৰ পৰা ঘাই ঘৰলৈ বেছি দূৰ নাছিল। মাহেকে পষেকে কোনোবা নহয় কোনোবা আহিছিল। তেওঁলোকৰ হাতত বাইদেউলৈ সদায় চিঠি লিখিছিলোঁ। বাইদেউলৈ লিখা চিঠিখনতেই নিৰক্ষৰ আইলৈ বেলেগে লিখিছিলোঁ, বাইদেউএ পঢ়ি শুনাবলৈ। তেনেকৈ উত্তৰো আহিছিল। চিঠিবোৰত অকল কুশল বাতৰিয়েই নাছিল, মোলৈ উপদেশ, মৰম-আশীৰ্বাদৰ লগতে লগৰীয়াবোৰৰ বা-বাতৰি, ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ খবৰ, খেতি-খোলাৰ খবৰ, মধুৰিআম, পনীয়ল লগাৰ খবৰ - সকলো আছিল। বাইদেউৰ চিঠি পঢ়ি নিজকে যেন ঘাই ঘৰত পাইছিলোঁ। সকলোকে, সকলোবোৰ যেন স্বচক্ষে দেখিছিলোঁ‌ চিঠিৰ যাদুকৰী শব্দবোৰৰ মাজেৰে। এইদৰে চিঠি মোৰ হাইস্কুলীয়া জীৱনৰ পৰাই অন্তহীন প্ৰেৰণা আৰু আনন্দৰ উৎস হৈ পৰিছিল।
পাছত যোৰহাটত পঢ়ি থকা সময়ত ডাকযোগে চিঠিৰ আদান প্ৰদান আৰু বাঢ়িছিল। বাইদেউৰ লগতে কলেজ পোৱা ভাইটি, ভতিজী এজনী, দুজনমান কলেজীয়া বন্ধু আৰু এগৰাকী বান্ধৱীৰ লগত নিয়মিতভাবে চিঠিৰ আদান প্ৰদান হৈছিল। যোৰহাটৰ ভাড়াঘৰটোত থাকোঁতে ৰজাবাৰী ডাকঘৰৰ পিয়নজন সেইফালে আহিলেই মোৰ চিঠি আহিছে বুলি গম পোৱা হৈছিলোঁ। প্ৰতি সপ্তাহত এখন বা দুখন চিঠি প্ৰায়েই পাইছিলোঁ। কেতিয়াবা একেদিনাই দুখন বা তিনিখন চিঠি পোৱাৰ আনন্দ এতিয়াও অনুভৱ কৰোঁ। কোনোবা সপ্তাহত চিঠি নাপালেই মন উৎকন্ঠিত হৈছিল। চিঠি লিখিবলৈ মই একেলগে পচিশখনমানকৈ "অন্তৰ্দেশীয় পত্ৰ" ডাকঘৰৰ পৰা কিনি আনিছিলোঁ।
আমাৰ চিঠিৰ আদান প্ৰদানৰ নিয়ম আছিল চিঠি পোৱা মাত্ৰেই উত্তৰ পঠিওৱা। কাজেই চিঠি এখন গৈ পাবলৈ লগা ছয়-সাতদিনৰ প্ৰায় দুগুণ সময়ত উত্তৰ পোৱা গৈছিল। নাপালেই চিন্তা-ভাবনা হৈছিল। কোনোবাই দেৰিকৈ উত্তৰ দিলেই প্ৰথমেই দেৰি হোৱাৰ কৈফিয়ৎ লিখিহে বাকীবোৰ কথা লিখা হৈছিল।
এনেকুৱাও নহয় যে প্ৰতিখন চিঠিয়েই আনন্দেৰে ওপচাই দিছিল। কোনোখন চিঠিয়ে কন্দুৱাইছিল, মন দুখ আৰু চিন্তাৰে ভৰাই পেলাইছিল। কিন্তু তাতো কিবা এটা সুখ আছিল- আপোনজনৰ দুখৰ সৈতে একাত্ম হোৱাৰ সুখ। আমি পৰস্পৰে পৰস্পৰৰ সুখ দুখৰ সমভাগী আছিলোঁ আৰু চিঠিবোৰৰ যোগেদি ইজনে সিজনৰ দুখ শোকত শান্তনা আৰু সাহস দিছিলোঁ।
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
-প্ৰেমাস্পদলৈ চিঠি লিখাৰ সৌভাগ্যকণহে নহ'লগৈ। বিয়াৰ কেইদিনমান আগতেহে লগ পোৱা বাবে চিঠি লিখাৰ সময়েই নাপালোঁ। বিয়াৰ পৰা বহুবছৰ একেলগে থকাৰ পাছত যোৱা দুবছৰ ল'ৰাৰ পঢ়াৰ খাতিৰত প্ৰেমাস্পদক ল'ৰাৰ লগত ঘৰত থৈ কৰ্মস্থলীত অকলে আছোঁ। ফোনযোগে প্ৰতিদিনে দীঘলীয়াকৈ কথা পতা হয়। সকলো কথাই কোৱা হয়; তথাপি ভাব হয়, চিঠিৰে খবৰ বাতৰি লোৱা হ'লে বা জনালে কিজানি কিছুমান কথা আৰু ভালকৈ সুধিব পাৰিলোহেঁতেন, জনাব পাৰিলোহেঁতেন!! ফোনতচোন কিছুমান কথা ভালদৰে সুধিবলৈ, ক'বলৈ থাকি যায়!! প্ৰশ্নটো পোৱাৰ পাছত কথাটো ভালদৰে উপলব্ধি হ'ল। তেওঁলৈ চিঠি এখন লিখিব লাগিব।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
-এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই বিষয়ত মোৰ অনুভৱখিনি কিছু পৰিমাণে দ্বিতীয় প্ৰশ্নৰ উত্তৰত কোৱা হৈছে।
ব্যক্তিগত চিঠি বৰ্তমান হেৰাই যোৱাৰ পথত--কথাটো সঁচা আৰু দুৰ্ভাগ্যজনক। ফোনযোগে কৰা বাৰ্তালাপ বা চুটি চুটি লিখিত বাৰ্তাই চিঠিৰ নিচিনা যাদুকৰী প্ৰভাৱ কেতিয়াও পেলাব নোৱাৰে। চিঠি লিখি নোপোৱাসকলে এই কথা উপলব্ধি কৰিব নোৱাৰিব নিশ্চয়। চিঠি এখনে আমাৰ মন-মগজুক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে "মমতাৰ চিঠি"খন পঢ়িলেই উপলব্ধি কৰিব পৰা যায়।
দূৰত থকা প্ৰেমাস্পদৰ প্ৰেমসিক্ত কথাকেইষাৰ বা মাতৃৰ মমতাৰে সদুপদেশ দিয়া কথাকেইষাৰ দূৰত অকলশৰে থকাজনে ফোনত শুনি সুখী নিশ্চয় হ'ব, উপকৃতও হ'ব ; কিন্তু একেখিনি কথা অলপ বহলাই, আবেগ ঢালি বাছি বাছি শব্দৰ মুকুতাৰে চিঠি লিখি পঠালে যি যাদুকৰী প্ৰভাৱ পেলাব সি চিঠি পঢ়াৰ অভিজ্ঞতা পোৱাজনেহে উপলব্ধি কৰিব পাৰিব। চিঠিয়ে মানুহৰ সুক্ষ্ম অনুভূতিবোৰ জীপাল কৰি ৰাখে।
আপোনজনৰ আবেগভৰা হৃদয়ৰ ভাষাৰে লিখা চিঠি এখনে আমাক সেই আপোনজনৰ অশৰীৰি উপস্থিতিৰ অনুভৱ কৰায়। চিঠিখন চুই চাওঁ, পঢ়োঁ আৰু সযতনে সামৰি থওঁ, আকৌ উলিয়াওঁ; বিশেষ কেইটামান শব্দ বা বাক্য বাৰে বাৰে পঢ়োঁ, গোটেই চিঠিখনেই আকৌ পঢ়োঁ, মন গ'লেই পঢ়োঁ, মন বিষন্ন হ'লেই পঢ়োঁ, একাকীত্ব অনুভৱ হ'লেই পঢ়োঁ, দুখী হ'লেই পঢ়োঁ আৰু উজ্জীৱিত হওঁ প্ৰতিবাৰ। --- এনেকুৱা অকল চিঠিৰেহে, হয়, চিঠিৰেহে সম্ভৱ। সেয়ে চিঠি লিখাৰ অভ্যাসটো আকৌ জীপাল কৰিব লাগিব। নতুনচামলৈ, যাৰ চিঠি লিখাৰ সৌভাগ্য হোৱা নাই, পুৰণিচামে চিঠি লিখি তেওঁলোকৰো চিঠি লিখাৰ অভ্যাস গঢ় দিব লাগিব। "চিঠি" গোটৰ উদ্যোগক আদৰণি জনালোঁ‌ আৰু গোটৰ উদ্দেশ্য সফল হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।

শ্ৰদ্ধাৰ দাদা: পৰী পাৰবিন

প্ৰতি,
শ্ৰী মলিন মজুমদাৰ,
নাহৰলগুণ, অৰুণাচল প্ৰদেশ ।
শ্ৰদ্ধাৰ দাদা ,
পোন প্ৰথমেই মোৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব । প্ৰথমেই এটা ভাল খবৰেৰে আৰম্ভ কৰো । ' অহা ইং ৩০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত মোৰ প্ৰথমখন পত্ৰ উপন্যাস 'শব্দৰ এলজোলাম: নৈঋতলৈ বুলি ' ৰ শুভ উন্মোচন আছে। ভাল খবৰ হলেও উগুল থুগুল মন এটাই অলপ চাপ বঢ়াইছে যেন লাগিছে । জীৱনৰ নতুন এটা প্লেটফৰ্মত মই ভৰি দিবলৈ ওলাইছো । নাজানো জীৱনৰ ৰেলে কি গতি লয় । আপোনালোকৰ প্ৰেৰণাতে ইমানখিনি ।
আপোনাৰ উপস্থিতিয়ে মোতকৈ বেছি সুখী কাকো নকৰিলেহেঁতেন যদিও জোৰ দিবলৈ বেয়া লাগিছে কাৰণ আপুনি বহুত দূৰত থাকে । কিন্তু এইফালে অহাৰ যদি কিবা প্লেন থাকে অলপ মিলাব পাৰে নেকি চাবচোন ।
আপোনালৈ এটা অনুৰোধ, অত্যধিক কৰ্মব্যস্ততাৰ মাজতো আপোনাৰ কলমৰ চিঞাহীৰে অনুভৱবোৰ নিগৰালে নথৈ আনন্দিত হ'ম । কাৰণ আপোনাৰ গল্পসমূহ অত্যন্ত বাস্তৱমুখী আৰু সাম্প্ৰতিক পৰিঘটনাৰে পৰিচালিত । যিবোৰে আমাৰ দৰে পঢ়ুৱৈক বহু চিন্তাৰ খোৰাক যোগায় ।
সদৌশেষত , ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৱে ভালে থাকে ।
মৰমেৰে
আপোনাৰ ভন্টী
পাৰবীন

Friday 14 October 2016

মৰমৰ শিৱ(বাবু) : পৰী পাৰবিন

মৰমৰ শিৱ(বাবু),
পোন প্ৰথমেই মোৰ মৰম লবা । তোমালৈ এইখন মোৰ প্ৰথম চিঠি । আচলতে কালি তোমাৰ চিঠিখন পোৱাৰ পাছতে কেতিয়াকৈ উত্তৰ দিও দিও লাগি আছিল । কিন্তু কিবা কিবি কাৰণত লিখাত মনোনিৱেশ কৰিব পৰা নাছিলো কাৰণে অলপ দেৰি হ’ল ।
আচলতে কি জানা, লিখাটো মোৰ বাবে এক সাধনা । বাস্তবিকতে মোৰ পৃথিৱীখন অতি সৰু । আৰু সিমানেই বিশাল মোৰ সপোনৰ পৰিধি । মোৰ সৰু পৃথিৱীখনত সীমা চেৰাই যোৱা সপোনবোৰে প্ৰায়ে উজুতি খাই কষ্ট পায় । আৰু তেনে এক অস্থিৰতাতে মই কলম হাতত তুলি লওঁ । কবিতা এটাই হওক বা তোমালৈ বুলি লিখা চিঠিখনেই হওক, ই মোক সমানেই আনন্দ দিয়ে ।কাৰণ ই মোক মোৰ আত্মাৰ স’তে সংযোগ কৰে ।
এইখিনিতে তুমি হয়তো সুধিবা, আত্মাৰ স’তে আমাৰ সংযোগ কিয় জৰুৰী । ভাইটি জানানে, সকলোৰে বাবে নহলেও আমাৰ দৰে মানুহৰ বাবে আত্মাৰ সংযোগ অতি জৰুৰী । কাৰণ আমাৰ জীৱনবোৰ অতি ঘাত- প্ৰতিঘাতেৰে পৰিপুষ্ট হোৱাৰ পাছতো উৰাৰ হেঁপাহ কোনোদিনেই নকমে । গতিকে বিভিন্ন সময়ত বহু হতাশা আহে । হতাশাৰ মুহূৰ্তবোৰত আত্মাৰ লগত সংযোগ নাথাকিলে বিভিন্ন নেতিবাচক সিদ্ধান্ত লৈ লোৱা যায় ।
মোৰ কেৰিয়াৰ জীৱন বহুত উজ্জ্বল আছিল । আচলতে মোৰ কেৰিয়াৰ বুলি কবলৈ বেয়া লাগিছে । উপযুক্ত সময়ত উপযুক্ত মানুহৰ মানুহৰ হাতত মোৰ প্ৰতিভাখিনি পৰা হ’লে এই কেৰিয়াৰৰ গ্ৰাফডাল বহুত ওপৰলৈ যাব পাৰিলেহেঁতেন । কিন্তু এই “হেঁতেনবাদ”ত মই বিশ্বাসী নহয় । আমাৰ জীৱনৰ প্ৰতিটো ক্ষু্দ্ৰতম মূহুৰ্তৰে কিবা এক লক্ষ্য থাকে । মোৰ দাদাই মাৰ আগত অনুশোচনা কৰে, “ইঞ্জিনিয়াৰিং পঢ়ি তাই বাহিৰলৈ যোৱা হ’লে বহুত ওপৰলৈ যাব পাৰিলেহেঁতেন” ।কথাটো মই একেবাৰেই নস্যাৎ কৰোঁ ।আচলতে আমাৰ জীৱনটো ভাৰসাম্য কৰি ৰখাৰ বাবে এক মহাজাগতিক প্ৰক্ৰিয়া নিৰ্ধাৰিত হৈয়েই থাকে । তাতে আকৌ মই জীৱনৰ অমূল্য মুহূৰ্তবোৰ টকাৰে গনিব নোৱাৰো । অৱশ্যে আমিবোৰ অলপ আবেগিক । আবেগক নিয়ন্ত্ৰণ কৰাৰ বাবেও আত্মাৰ স’তে সংযোগ জৰুৰী ।
কিবাকিবি লিখি আছো অ ভাইটি । তোমাৰ চাগৈ আমনিয়েই লাগিছে । তুমি মৌবালৈ লিখা এখন চিঠিত তোমাৰ অস্থিৰতাৰ আভাস পাইছিলো । তেতিয়াই ভাবিছিলো তোমালৈ দু আষাৰ লিখিম বুলি ।তুমি এতিয়া যিটো স্তৰত থিয় হৈ আঁছা, সেইটো স্তৰ আমি পাৰ হৈ আহিছোঁ । গতিকে কিবা এটা দায়িত্ববোধে মনৰ মাজত জন্ম ল’লে । তাতে আক’ মোৰ ভাইটি নাই । আচলতে মই ঘৰৰ সৰু । গতিকে উপদেশ দিবলৈ পালে লানি নিছিগাকৈ ওলায় ।
বাকী কোৱা । নতুন ঠাইত মন বহিছেনে ? ঘৰ এৰি বাহিৰত চাকৰি কৰিবলৈ আহিলেহে ঘৰৰ মূল্য বুজি পোৱা যায় । মইও কোন কাহানিবাই মোৰ ঘৰৰ গলি এৰি আহিলো । এতিয়াও কেতিয়াবা কাৰোবাক ঠিকনা দিব লগা হ’লে সেই ঠিকনাটোহে মনলৈ আহে, “…..পো. অ. খেলমাটি, উত্তৰ লক্ষীমপুৰ” ইত্যাদি ইত্যাদি । শিপাডাল এৰি আহিলো যে তাত ! যি ডাল শিপাই ‘মই’ নামৰ গছজোপা অত ধুমুহাতো হাউলি পৰিবলৈ নিদিলে, সেইডাল শিপাক এতিয়াও সাৰ পানী দি বুকুৰ মাজত জীপাল কৰি নৰখাকৈ কেনেকৈ থাকোঁ ?
ভালে থাকা তোমালোক । মন- মগজুৰ উচিত ব্যৱহাৰেৰে জীৱনৰ যিকোনো বাধা হেলাৰঙে পাৰ হোৱা, সেয়াই কামনা কৰোঁ ।
পুনৰ মৰমেৰে,
ইতি,
তোমাৰ মৰমৰ বা’
পাৰবীন

মৰমৰ মৌ বা :পৰী পাৰবিন

মৰমৰ মৌ বা,(Mousumee Bori)
ভালে আছানে ? বেমাৰৰ নাম শুনি এসোঁতা কান্দি লোৱা পৰ্বটো শেষ হ’ল নে বাৰু ? ভিনদেউটোলৈ দুখেই লাগে পাই । তিনিজনীকৈ এমা ডিমা ছোৱালীক কেনেকৈ যে চম্ভালিছে!
এই মৌ বা, আজি তোমাক এজনী সৰু ছোৱালীৰ কথা কবলৈ মন গৈছে । আচলতে ছোৱালীজনীক মই অলপ মিছ কৰি আছো এইকেইদিন । শুনিবানে ছোৱালীজনীৰ কাহিনী । ডাৰউইনে ‘ছাৰভাইভেল অৱ দ্য ফিট” সূত্ৰটোৰ পৰীক্ষণৰ বাবে পৃথিৱীলৈ পঠোৱা এজনী ছোৱালীৰ কথা ।
ককায়েক বায়েকক স্কুললৈ যোৱা দেখি মাকৰ আঁচলত ধৰি পাঁচবছৰীয়া ছোৱালীজনীৰো ঠেনঠেননি আৰম্ভ হ’ল স্কুললৈ যোৱাৰ আৱদাৰেৰে । সৰুৰে পৰাই অসুখীয়া ছোৱালীজনীৰ অভিমানবোৰৰ বিপক্ষে মাত মতাৰ সাহস কাৰো নাছিল । মানিমুনি, মছণ্ডৰীৰ পাতৰ মাজতে তাইক বুৰাই ৰাখে মাকে । খীণ মীণ ছোৱালীজনীৰ মাৰ্কশ্বিটৰ নাম্বাৰবোৰো সিমানেই ভৰপূৰ আছিল । চতুৰ্থ মানত পঢ়ি থাকোতে ক্লাছলৈ নতুন লৰা এটা আহিল । ছোৱালীজনীক প্ৰত্যাহবান জনাব পৰা লৰা । সিহঁতৰ সৰু অঞ্চলটোত সেইটো এটা খবৰ হ’ল । স্কুলখনলৈ নাম কঢ়িয়াব হেনো ল’ৰাটোৱে, ককায়েকে ছোৱালীজনীক জোকায়, চা লগৰজন জিলাৰ ভিতৰত ফাৰ্ষ্ট হ’ব আৰু তই বেমাৰতে পৰি থাকিবি । মূৰৰ তেজ উথলি উঠে তাইৰ । সেইটো কেনেকৈ হ’ব? কেনেকৈ হ’ব ?
সেইটো জিদতে তাই ৰাতি এপৰলৈকে জমা জমা-খৰচৰ অংক কৰি বহি থাকে মাকৰ লগত । দেউতাকে ৰাতি ঘৰ সোমোৱাৰ পাচতহে তাই বিছনাৰ পাটীত পৰে । দেউতাকজন বৰ ওখ আছিল তাইৰ বাবে । আনৰ বাবে যিমান ওখ, তাইৰ বাবে তাতোকৈও বহুত বেছি ওখ । সেই ওখ দেউতাকজনক চুব পাৰিলেই তাইৰ আকাশ চুব পৰা হেন হৈ পৰে ।“ইমান ডাঙৰলৈকে মাকৰ কোলাত উঠি থাকে নেকি” বুলি দেউতাকে মাকৰ কোলাৰ পৰা নিজৰ কোলালৈ টানি লয় ছোৱালীজনী । জীৱনৰ নটা বছৰ ইকোলা সিকোলাকৈ এনেকৈয়ে ডাঙৰ হ’ল ছোৱালীজনী ।
আলসুৱা ছোৱালীজনীয়ে কোলাত উঠি থাকিলে জানো শিলৰ স’তে খেলিব পাৰিব ? ডাৰউইনৰ তত্ব অনুসৰি তাইক দিয়া হ’ল বাস্তৱৰ কঠিনতাৰ পাঠ । কুঁহিয়াৰ পেৰাত সোমাৱাই ৰস উলিয়াওৱাৰ দৰে কষ্টত তাই সিদিনা কলগছৰ আঁৰ লৈ চকুলো টুকিছিল ।এল পি বৃত্তিৰ ভাল ৰিজাল্টটো আনিবলৈ তাইৰ লগত কোনো নাছিল । দেউতাক নৰিয়া পাটীত, দেউতাকৰ স’তে মাক হস্পিতেলত , ককায়েক মেট্ৰিক পৰীক্ষাত আৰু তাইৰ লগত অকলে এঘাৰবছৰীয়া বায়েক । বছৰেকৰ উৎসৱটোত হেঁপাহৰ কাপোৰযোৰতকৈ নবছৰীয়া ছোৱালীজনীৰ বাবে গুৰুত্বপূৰ্ণ আছিল আকাশৰ সমান ওখ দেউতাকজন আহি তাইক এবাৰলৈ কোলাত তুলি লোৱাটো ।
মাকগঢ়ী ছোৱালীজনী দেউতাকৰ আদৰ্শৰে পৰিপুষ্ট আছিল । নবছৰতে শিকি লোৱা সেই আদৰ্শতে বাট বুলিছে তাই ।মৰমত মৰম, খঙত খং, কামত কাম, জেদত জেদেৰে জীৱনৰ প্ৰত্যাহবানবোৰ পাৰ হোৱা ছোৱালীজনীয়ে নিজৰ নবছৰীয়া লৰাটোক স্কুললৈ লৈ যাওতে কথাবোৰ মনলৈ আনিলে । দেউতাকৰ এটাই ভুল আছিল, নিজৰ স্বাস্থ্যৰ প্ৰতি অবজ্ঞা । সেই ভুলটো তাই বুকুত বান্ধি ল’লে । দেউতাকৰ দৰে সেইটো ভুল তাই নকৰে । স্বাস্থ্য সচেতন হ’ব তাই আৰু স্বাস্থ্য সচেতন কৰি তুলিব তাইক বেৰি থকা আপোন মানুহবোৰক ।
লৰাটোক স্কুলত থৈ আহিয়ে তাই নিজৰ এটা স্বাস্থ্য বীমা কৰিলে আৰু স্বাস্থ্যটোৰ খুতি নাটিবোৰ পৰীক্ষা কৰালে । সৰু সুৰা যিবোৰ আপদীয়া অশান্তি আছিল, এই ধৰা মূৰ কামোৰণি বা তেনেকুৱা বিলাক, সেইবোৰ তাই মনৰ জোৰেৰে পাহৰিবলৈ চেষ্টা কৰিলে ।
অপাৰেচন এটা হ’ব বুলিয়েইনো এসোঁতা কন্দাৰ কি প্ৰয়োজন আছে অ মৌবা ? অদৰকাৰী অংগ এটা আঁতৰাই পেলাব ভাল ডক্টৰ এজনে । বিধিসন্মত খাদ্যাভাস, প্ৰচুৰ পৰিমাণৰ জুলীয়া খাদ্য, কেলচিয়াম-আইৰণ আদি মিনাৰেলযুক্ত সুষম আহাৰ আৰু অলপ পৰিমাণৰ পাতলীয়া শৰীৰ চৰ্চা- শৰীৰ নামৰ মেচিনটো ভালে ৰাখিবলৈ ইয়াতকৈনো বেলেগ কি লাগে ? অত্যন্ত জীৱনবোধেৰে ভৰপূৰ তোমাৰ মন । অলপমান মিলাব পাৰিলেই দেখোন চৌপাশ ৰঙীন ।
ভালে থাকা তুমি , ভালে থাকক তোমাৰ পৰিয়াল , ভালে থাকক আমাৰ চিঠিগোট ।
সদৌশেষত পুনৰ মৰমেৰে
ইতি
তোমাৰ মৰমৰ ভন্টী
পাৰবীন
ডিব্ৰুগড়

Wednesday 12 October 2016

মৰমৰ পাৰবীন বাইদেউ : শিৱপ্ৰসাদ হাজৰিকা

মৰমৰ
পাৰবীন বাইদেউ ,

পোনপ্ৰথমে মোৰ মৰম আৰু নমস্কাৰ গ্ৰহণ কৰিব । আশাকৰো আপোনালোক সকলোৱে কুশলে আছে । বহুত দিনৰ পৰাই আপোনালৈ কিবা লিখিম লিখিম কৈ থাকোতেই সময়বোৰ এনেকৈয়ে গুচি গৈছে । কিন্তু যে লিখা নহয়গৈয়ে । যাৰবাবে মোৰ সকলো কাম আধৰুৱা হৈ আছে । আচলতে কি জানেনে , দিনে দিনে মই খুব এলেহুৱা হৈ গৈছো :) । সেয়েহে আজি যেনেকৈ নহওক আপোনালৈ চিঠি লিখিমেই বুলি নিজকে দৃঢ় কৰি লিখিবলৈ বহিছো । মানুহবোৰ কেনেকৈ পলকতেই যে কাৰোবাৰ আপোন হৈ পৰে নহয়নে ? ভাবিলেই আচৰিত লাগে । অথচ কেতিয়াবা তেজৰ সম্পৰ্ক থাকিও দেখোন মানুহ আপোন হ'ব নোৱাৰে । বহুতেই কয় বা কোৱা শুনো এই আভাসী (ভাৰ্চুৱেল) পৃথিৱীখনত কোনো কাৰো আপোন হব নোৱাৰে । ইয়াত সকলোৱেই স্বৰ্থপৰ আৰু মিছাৰ আশ্ৰয় লৈ নিজকে নি থাকে । কিন্তু বাস্তৱৰ পৃথিৱীখনতকৈ হ'ব পাৰে এই পৃথিৱী বহুত বেলেগ কিন্তু ইয়াতো যে সম্পৰ্কৰ এনাজৰী এডাল গঢ় লৈ উঠিব পাৰে সেয়া হয়তো আজিও বহুতেই বিশ্বাস নকৰে । চাওকচোন, যদি এই আভাসী পৃথিৱীখনেই নাথাকিলে হয় মই জানো কেতিয়াবা আপোনালৈ এনেকৈ চিঠি লিখিলোহেতেন নে বাৰু ? নিশ্চয় নিলিখো । মাৰ্ক জুকাৰবাৰ্গৰ সৃষ্টি এই পৃথিৱীখনৰ জৰিয়তেই আমি আজি চিনাকি হৈছো । সুখ - দুখৰ মহুৰ্তবোৰ সকলোৰে সৈতে ভগাই লৈছো । অচিনাকী এজনকো পলকতেই আপোন কৰি লৈছো ইত্যাদি ইত্যাদি....। মুঠতে কোনো এটা বস্তুৰ নেতিবাচক দিশবোৰতকৈ যদি ইতিবাচক দিশ সমূহৰ কথা আমি বিচাৰো তেতিয়াই হয়তো জীয়াই থকাৰ প্ৰকৃত আনন্দ উপভোগ কৰিম । প্ৰতিটো মহুৰ্ততে সুখী হব পাৰিম নহয়নে বাৰু বা ? আজিলৈ ইমানতেই সামৰো । আকৌ পিছত লিখিম , কবলৈও যে বহু কথা আছে :) । আপোনাৰ নতুন কিতাপখনৰ বাবে বহুত বহুত শুভকামনা জনালোঁ । আশাকঁৰো অতি সোনকালেই পঢ়িবলৈ পাম ।শেষত এটা অনুৰোধ আছে- লিখা-মেলা কৰি আপোনাৰ সৃষ্টিশীল প্ৰতিভাক জীয়াই ৰাখিব । আপোনাৰ উত্তৰলৈ বাট চাই ৰ'ম ।
ইতি
আপোনাৰ ভাইটি
শিৱ প্ৰসাদ হাজৰিকা 

Saturday 8 October 2016

মৰমৰ মৌচুমী: সত্যেন্দ্ৰ বৰদলৈ

০৭/১০/২০১৬
বিহপুৰীয়া ৷
শ্ৰী হৰি ৷
মৰমৰ মৌচুমী
প্ৰথমে মোৰ মৰম ল’বাঁ ৷ মান্যানুসাৰে বাকী সকলক মোৰ শ্ৰদ্ধা আৰু মৰম জনাবাঁ ৷ আশা কৰোঁ তোমালোক সকলোৰে মঙ্গল ৷ তোমালোকৰ শুভকামনা আৰু অদৃষ্টৰ কৃপাত আমাৰো কুশল ৷
আজি বহু দিনৰ পৰাই তোমালৈ এখন চিঠি লিখাৰ কথা ভাবি আছিলোঁ ৷ সম-সদ্ভাৱাপন্ন নহ’লে মনৰ কথাবোৰ যাকে-তাকে ক’বলৈ গৈ নিজক লঘু কৰাৰ বাহিৰে আৰু কিবা লাভ হ’ব জানো ? আন হাতে মই লোকালয়ৰ পৰা মানসিক ভাৱে বহুত আঁতৰত ৷ কিয় নাজানো , সৰুৰেপৰা মই হীনমন্যতাত ভুগি আহিছিলোঁ ৷ সেয়ে সমনীয়াৰ পৰা বা আন মানুহৰ পৰা সদায় আঁতৰি ফুৰিছিলোঁ ৷ মোৰ নিঃসঙ্গতাৰ একমাত্ৰ সঙ্গী হিচাপে সেয়ে কিতাপকে বাচি ল’লোঁ ৷ কিন্তু এই ক্ষেত্ৰত মোৰ কোনো পথ-প্ৰদৰ্শক নথকাৰ বাবে , আৰু সেই সময়ত ইচ্ছা মতে কিতাপ কিনিব বা সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে সহজে হাতত পোৱা যিকোনো কিতাপকে পঢ়িবলৈ ল’লোঁ ৷ একেবাৰে সহজতে পোৱাৰ ভিতৰত আছিল দেউতাৰ ধৰ্মীয় কিতাপবোৰ ৷ গতিকে কীৰ্তন , নামঘোষা , গীতা , বেদ , উপনিষদ আৰু জ্যোতিষ শাস্ত্ৰ সমূহত সোমাই পৰিলোঁ , বৰ কম বয়সতে ৷ কিন্তু ইয়াৰ ফল বিপৰীতহে হ’ল বুলি ভাবোঁ ৷ শাস্ত্ৰ সমূহৰ জীৱন আৰু জগতৰ প্ৰতি থকা ঋণাত্মক ব্যাখ্যাই মোকো অনুৰূপ ধাৰণা দিলে , আৰু এক কথাত কবলৈ হ’লে মই ক্ৰমশ নিৰাশাবাদী হৈ পৰিলোঁ ৷ মোৰ চিন্তাধাৰা আনৰ লগত অমিল হ’বলৈ ধৰিলে আৰু ঐহিক সমৃদ্ধিৰ বিপৰীতে পাৰত্ৰিক জীৱনটোৱেহে মোক বৰকৈ আকৰ্ষিত কৰিবলৈ ধৰিলে ৷ বাস্তৱ জীৱনটো চিনি পাওঁতে মোৰ বহুত পলম হৈ গ’ল ৷ আজি মই জীৱনটোৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰিব পৰা হৈছোঁ আৰু যাপন কৰিবলৈ যত্নৰ ত্ৰুটী কৰা নাই যদিও মোৰ অৱচেতনাত মজ্জাগত হৈ থকা অতীতৰ উপলব্ধিয়ে সংগোপনে সোঁৱৰাই দিয়ে ; মোক বিচলিত কৰিব খোজে ৷ এই দুই সত্বাৰ অন্তৰ্দ্বন্দই মোক দুৰ্বল কৰে , মাজে মাজে ৷ আধুনিক জীৱনৰ বিচ্ছিন্নতা আৰু নিঃসংগতাবোধ অন্য এক অণুঘটক ৷ তাৰ মাজতো মই নিজকে বুজাবলৈ যত্ন কৰোঁ , জীৱনৰ আচল অৰ্থ ৷ হৰা-জিকাৰ এই নৈমিত্তিক যুদ্ধৰ মাজেৰেই আজি অৰ্ধ শতাব্দীৰ পদূলি পালোঁহি ৷ কিন্তু “ Miles to go before I sleep. "
এঃ , প্ৰথম চিঠিখনতে বহুত কথা লিখিলোঁ ৷ লিখা খিনিও হৈ পৰিল একান্ত ব্যক্তিগত ৷ তুমি বা কেনে পোৱা আনৰ ব্যক্তিগত কথা শুনি ! সেয়ে এই প্ৰসংগটো আজিলৈ ইমানতে এৰিছোঁ ৷ মোৰ চিঠি পায়েই উত্তৰ দিবাঁ ৷ পৰিয়ালৰ বাকী সদস্য সকলৰ পৰাও চিঠি পাম বুলি অধীৰ আশাৰে বাট চাই ৰ’লোঁ ৷ অ , আৰু এটা কথা কৈ থওঁ দেই , মই মানুহটো বৰ অমশৃন ৷ মানে মোৰ কলমৰ পৰা পঢ়ি ভাল লগা ধৰণৰ , মানে কাব্যিক কিবা এটা কেতিয়াও আশা নকৰিবা ৷ ভাষাৰ ওপৰত মোৰ অলপো দখল নাই ৷ সেয়ে শব্দ বিচাৰি ফুৰোতেই বহুত সময় লাগে ৷
আজিলৈ ইমানতে সামৰিছোঁ ৷
পুনৰ মৰম আৰু আন্তৰিক শুভকামনাৰে---
ইতি
তোমাৰ দাদা ৷

Tuesday 4 October 2016

মৰমৰ এন : মৌচুমী বৰি

কি লিখিম মৰমৰ এন,
মনটো দুখেৰে পৰিপূৰ্ণ৷সাময়িক আনন্দখিনিও গলি গলি এতিয়া শেষ হোৱাৰ পথত৷কি কৰো এতিয়া!তোমাক এতিয়াও এটা কথা জনোৱা নাই৷আমাৰ ফোন ললে৷ফোন নম্বৰ ৪২৮৯৬৷দিনবোৰ মোৰ বৰ বেয়া৷এতিয়া মই এটা সিদ্ধান্ত লওঁ বুলি ভাবিছোঁ—মই আৰু কাৰোলে ফোন নকৰোঁ৷এই ফোনটোও মোৰ বাবে বৰ সমস্যা হৈ দেখা দিছে৷হে মোৰ বিবেক,মোক তুমি সান্ত্বনা দিয়া৷মই বৰ অশান্ত হৈ পৰিছোঁ৷
অ’ আমাৰ এইবাৰ চেকন্ড য়েৰৰ ৰোল নাম্বাৰ, কাকলিৰ ৮,পাপৰিৰ ১২,মোৰ ২২,মৌচুমী হাজৰিকাৰ ২৪৷আজিলৈ আহোঁ এন৷তথাপি মোৰ মন অকনো ভাল নাই৷
--মৌ,জুলাই ২৬,১৯৯৬

Tuesday 27 September 2016

মৰমৰ মৌচুমী : মীনাক্ষী বৰুৱা

প্ৰতি ,মৌচুমী বড়ি
মৰমৰ মৌচুমী ,
মৰম ল'বা । বহু ভাবিগুণি চিঠিখন তোমালৈকে লিখাৰ সিদ্ধান্ত ল'লো । তুমি মোৰ ফে'চবুকৰ বন্ধুৰ তালিকাত নাছিলা যদিও তোমাৰ নামটো আন বন্ধুৰ জৰিয়তে প্ৰায়েই দেখি আছিলোঁ । তাৰোপৰি বাতৰি কাকততো মাজে সময়ে তোমাক দেখোঁ । অনুপমাই চিঠি গোটত মোক অন্তৰ্ভুক্ত কৰাৰ পিছত তোমাক অকণমান ওচৰৰপৰা দেখাৰ সুযোগ পাইছোঁ । 
পুৰণি চিনাকি হিচাপে চিঠিখন মই অনুুপমা অথবা কবিতা বাইদেউলৈ নিলিখি তোমালৈ কিয় লিখিলোঁ ! কাৰণ নতুনকৈ চিনাকি হোৱা বন্ধু এগৰাকীক কবলৈ মনত অনেক কথাই অগাদেৱা কৰি থাকে । তুমি মোৰ নতুন চিনাকি । ফেচবুকীয়া জীৱনত কথা নপতাকৈও এজনে আন এজনৰ মনৰ গহ্বৰলৈকে দেখাৰ সুযোগ মিলে । কিন্তু তোমাৰ আৰু মোৰ মাজত সেই সুযোগ এতিয়াহে আহিছে । তুমি মোক চিনি নোপোৱা , মোৰ বিষয়ে হয়তো একোকে নাজানা । আচলতে মোক জানিব লগাকৈ কোনো বিশেষ গুণৰ অধিকাৰী মই নহওঁ। তোমালোকৰ পোষ্টবোৰ দেখি মোৰ ভাৱ হয় অনুপমাই এই গোটলৈ মোক কিয় আনিলে ! কিন্তু আনৰ অজ্ঞাতে হলেও মোৰ এটা ইতিবাচক দিশ আছে বুলি মই মাজে মাজে অনুভৱ কৰোঁ । সেয়া হ'ল সহজতে মই কাৰো বেয়াবোৰ নেদেখোঁ ! ফে'চবুক এনে এক জগত য'ত আঙুলিৰ নিৰ্দেশতে মূহুৰ্তে মূহুৰ্তে ন ন মুখৰ আগমন হয় । ইয়াত বন্ধুত্ব গঢ়া আৰু বন্ধুত্ব ভঙা মুঠেই সহজ । সহজ নহয় কেৱল সকলোকে সহ্য কৰা । কাৰোবাৰ ব্যক্তিগত কথা বা কাৰ্য্যত অসহনীয় হোৱাৰ কোনো শক্তিশালী যুক্তি মই বিচাৰি নাপাওঁ । সকলো মানুহতো আৰু একে নহয় !! মনৰ অমিল দেখিলে মৌনতাই শ্ৰেয় । আনৰ দুখত দুখী হোৱা মানুহৰ আজিৰ যুগত অভাৱ নাই , কিন্তু আনৰ সুখত সুখীনো কিমান ? মোৰ এনে লাগে, নিজৰ থকাখিনিতে সন্তুষ্ট হব নোৱাৰা মানুহেহে আনৰ সুখ দেখি হা-হুতাহ পাৰে !
সময় আৰু পৰিবেশভেদে সুখৰ সংজ্ঞাও সলনি হয় ।আমাৰ প্ৰত্যেকৰে এখন বাস্তৱ পৃথিৱী আছে , তাৰপিছতহে এই ভাৰ্চুৱেল জগত । এই ভাৰ্চুৱেল পৃথিৱীত সুখৰ সন্ধান কৰি থাকোঁতে বহু লোকৰে ওচৰ সম্বন্ধত ক্ৰমাত ফাট মেলিছে । আপদে-বিপদে মানুহেই মানুহৰ সাহস । মই ভাবোঁ ব্যস্ততাই যিমানেই গ্ৰাস নকৰক কিয় মৰমসনা এষাৰ মাতেই বিষণ্ণ মন সজীৱ কৰাৰ বাবে যথেষ্ট । সেয়া বাস্তৱেই হওক বা ভাৰ্চুৱেল জগতেই হওক । এই দুই জগতৰ মাজত সামঞ্জস্য ৰাখি জীৱন অতিবাহিত কৰিব পৰাটো এতিয়া আমাৰ বুলি প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ইয়াৰ এটা অবিহনে জীৱন যেন অসম্পূৰ্ণ ! দোষে-গুণেইতো মানুহ । সেয়ে দোষবোৰ কাটি কৰি সকলোৰে ভালবোৰ সৰলভাৱে গ্ৰহণ কৰিলেই নিজৰ পৃথিৱীত সুখী হোৱা সম্ভৱ । দোষবোৰ বৰকৈ চকুত নপৰা কথাটোৱে মোক ব্যক্তিগতভাৱে সুখী হোৱাত যথেষ্ট সহায় কৰিছে ।
আজিলৈ ৰাখোঁ । তোমাৰ অনুভৱ জনাবলৈ নাপাহৰিবা দেই । মৰমেৰে-
তোমাৰ মীনাক্ষীবা
২৭/০৯/২০১৬ আজাৰা, গুৱাহাটী

Sunday 24 July 2016

লনি বাইদেউৰ পোনাকণলৈ চিঠি : মলিন মজুমদা

কলকাতা,
২৪ জুলাই,২০১৬
মৰমৰ পোনাকণ,
মৰম লবি। আশা কৰোঁ তহঁত সকলোটি কুশলে আছ। আমি ভালে আছোঁ। যোৱা সপ্তাহত ফোনযোগে খা-খৱৰ লৈছোৱেই।তই ভাবিছ চাগৈ-- -বাইদেৱে আকৌ কি কাৰণত চিঠি লিখিলে? আচলতে টেলিফোনত কিছুমান কথা পতা নাযায়। পাতিব নোৱাৰি। কিছুমান কথা ক'বলৈ, বুজি পোৱাকৈ ক'বলৈ কিজানি চিঠিয়েই উত্তম মাধ্যম। পাতনি এৰি আচল কথালৈ আহোঁ‌।
আইৰ যোৱা কেইদিনমানৰ পৰা গা ভাল নহয়। ভৰি দুখন ফুলিছে, গাটো দুৰ্বল, থিয় হ'লেই মূৰ ঘূৰায়। ভিনদেৱেৰা পৰহি অফিচৰ কামত গুৱাহাটীলৈ গৈছিল। ডাক্তৰক দেখুৱাই ঔষধ-পাতি আনি দিছে। পুৱা-গধূলি কাম কৰি দিয়া মানুহজনীকেই কেইদিনমান ৰাতিও থকাৰ বন্দোবস্ত কৰি এওঁ‌ আজি আহি পাইছেহি। মইও যাওঁ‌ বুলিয়েই সদায় যাব নোৱাৰোঁ‌। সৰুটো ভাগিনীয়েৰ দুমহীয়া হৈছেহে। তাতেই কলকাতাৰ পৰা যাবলৈ দূৰো ভালেখিনি। কিযে কৰা যায় ভাবি পোৱা নাই। তোকো চাগৈ অসুখৰ খবৰ দিয়া নাই। এওঁ‌ ফোন কৰিব খুজিছিল, আই মানা কৰিলে হেনো। তোৰ নিজৰেই সংসাৰৰ কত কাম, মিছা মিছি চিন্তা বঢ়াব নালাগে হেনো । মই কিন্তু এওকহে দুষিলোঁ‌। আইৰ কথা শুনিব নালাগিছিল। আইৰ বেমাৰৰ কথা তই নাজানিলে, তোক নজনালে ভাল হ'বনে ? আইৰ বেমাৰৰ কথাৰে তোৰ চিন্তা বঢ়াবলৈ তই বেয়া পাবি জানো পোনাকণ?
জাননে পোনা, যোৱাবেলি পিতাই একেবাৰে গুচি যোৱাৰ পাছৰ পৰা আইৰ স্বাস্থ্য বহুখিনি পৰিল। তইতো কাজ-কৰ্ম কৰিয়েই গলিগৈ। যাবও লাগিব দেচোন। বিদেশত বাস, বিদেশৰ চাকৰি। কিমানদিননো থাকিবি? তোৰ লগত নিম বোলতেও নগ'ল। মোৰ লগতো নাথাকে। পিতাইৰ স্মৃতিবিজড়িত ঘৰখন এৰি কলৈকো নাযায় হেনো। কেইবাটাও ষ্ট্ৰোক চম্ভালিব নোৱাৰি চিকিৎসালয়ত আইৰ হাতত ধৰি শেষ কথা কৈছিল হেনো--" তুমি অকলে থাকিবলৈ অকণো চিন্তা নকৰিবা। মইও থাকিম তোমাৰ কাষত আমাৰ হেঁপাহৰ ঘৰখনত।"
সেইবাবেই আই সেই ঘৰ এৰি কলৈকো নাযায়। বৰ দুখ লাগে পোনা । হেঁপাহৰ ঘৰখনত আই-পিতাই হেঁপাহেৰে, আনন্দেৰে, সপৰিয়ালে কিমানদিননো থাকিবলৈ পালে?
তোৰ মনত আছেনে পোনা, আমাৰ ভবিষ্যত গঢ়াৰ কাৰণে কিমান সচেষ্ট, কিমান ব্যতিবস্ত আছিল আই-পিতাই? সঘনে বদলি হৈ থাকিবলগীয়া চাকৰি কৰা পিতাই অকল আমাৰ সোণালী ভবিষ্যত গঢ়াৰ বাবেই আইক আমাৰ লগত গুৱাহাটীত ভাৰাঘৰত থৈ সেই নিম্নশ্ৰেণীতেই ভাল স্কুলত ভৰ্তি কৰাই দিছিল ? আইৰো ব্যক্তিগত স্কুল এখনত চাকৰি এটাৰ যোগাৰ হৈছিল। আলহীৰ দৰেই এমাহ-দুমাহৰ বিৰতিত পিতাই ঘৰলৈ আহিছিল। ঘৰখন দুদিনমান উৎসৱমুখৰ হৈছিল। আই-পিতাই হেঁপাহৰ ঘৰ এখনৰ কথা পাতিছিল।
তই দ্বাদশশ্ৰেণী পাছ কৰাবেলি পিতাইও বদলি হৈ গুৱাহাটীলৈ আহিছিল । বৰ ভাল লাগিছিল। আই-পিতাইক একেলগে পাই। গুৱাহাটীত মাটি এটুকুৰা কিনাৰ যো-জা চলিছিল। ৰাতি দুপৰলৈ এখন হেঁপাহৰ ঘৰ সজাৰ আলোচনা চলিছিল।পিছে হেঁপাহৰ ঘৰখনৰ আলোচনা আৰু এটা বছৰ পিচুৱাইছিল। তোক ইঞ্জিনীয়াৰিঙৰ প্ৰবেশ পৰীক্ষাৰ প্ৰস্তুতিৰ শিক্ষা লবলৈ কোটা চহৰলৈ পঠাইছিল। ছাত্ৰাবাসত কষ্ট পাবি বুলি ভাৰাঘৰ এটা লৈ আইও গুচি গৈছিল তোৰ লগত, চাকৰি ত্যাগ কৰি। মনত আছেনে পোনা ? কিমান মৰম, কিমান চিন্তা কৰিছিল তোক লৈ ভাবি চাচোন এবাৰ পোনা ।
আশা কৰামতেই তই ইঞ্জিনীয়াৰিং পঢ়িবলৈ গলিগৈ খড়গপুৰলৈ। মই বিশ্ববিদ্যালয়ত ভৰ্তি হ'লোঁ‌। খৰচ বাঢ়িল। মাটি এটুকুৰা কিনা হ'ল। কিন্তু ঘৰ সজা নহ'ল। কেইমাহমান পাছতেই পিতাইৰ আকৌ বদলি। আই মোৰ লগত থাকি গ'ল।
------- ------ -------
আমাৰ পঢ়া শেষ হ'ল। পিতাইও চাকৰিৰ পৰা অৱসৰ ল'লে। হেঁপাহৰ ঘৰখনো সজা হ'ল। মোৰো বিয়া হ'ল। ভিনদেৱেৰাৰ কোম্পানীৰ চাকৰি কলকাতাত। তইও চাকৰি কৰিলিগৈ বিদেশত। বিয়াও পাতিলি বিদেশত। কিয়েইবা বাকী আছিলগৈ আই-পিতাইৰ হেঁপাহৰ ঘৰখনত, এবাৰ ভাবি চাচোন পোনা।
মই গৈ আছিলোঁ‌ বছৰেকত এবাৰ-দুবাৰকৈ। পিতাই দুখ কৰিছিল। মোক কৈছিল- "হেঁপাহেৰে ঘৰখন সাজিলোঁ হয়। পিছে কালৈ ? সংসাৰৰ বোজা টানোতে টানোতে পুত্ৰ-কন্যাৰ সৈতে দুটা বছৰো একেলগে থাকিবলৈ সুবিধা নাপালোঁ‌ দেখোন। ভাবিছিলোঁ‌ নাতি-নাতিনীৰে সৈতে সেই আশা পূৰণ কৰিম। পিছে সেই সুখো নহ'ল। পুত্ৰ সন্তান জন্মিলে মানুহে ধন্য ধন্য বুলি কয়। কন্যা সন্তানতো পৰৰ ধন। যিমান যত্নেৰেই মানুহ কৰা লাগিলে, সময়ত তোমাক এৰি যি এবাৰ কইনা সাজেৰে ওলাই গ'ল, সেই গ'লেই আৰু। পিছে ক'তা? আমিতো পুত্ৰ সন্তানো পাইছো। থাকিল জানো কাষত?"
পিতাই অভিমান কৰিছিল জাননে পোনা ?
কিন্তু আই মুখ ফুটাই একো নকয়। মই জানো। আইৰো মনত দুখ আছে। কিন্তু অভিমান নাই। থাকিবই বা কেনেকৈ ? আইতো আইয়েই। পিতাইক বুজাইছিল--"চাকৰিৰ দায়ততো দূৰত থাকিবই লাগিব। হ'ব দিয়া। সি দূৰত থাকিলে কি হ'ব! সিতো মোৰ বুকুৰ একেবাৰে ওচৰতে আছে। চকু মুদিয়েই মই তাৰ উশাহৰ শব্দ শুনিব পাৰোঁ। নাক উজাই তাৰ শিশুকালৰ শৰীৰৰ গোন্ধ ল'ব পাৰোঁ। য'তেই থাকে, কুশলে থাকক।"
তই বুজিব পাৰিছনে পোনা ? মাথো চাৰি বছৰ। মাথো চাৰি বছৰ আই-পিতাই হেঁপাহৰ ঘৰখনত একেলগে থাকিবলৈ পাইছিল। কত যত্নেৰে গঢ়ি তোলা ঘৰখন। পো-বোৱাৰী, নাতি-নাতিনীয়েকৰ সৈতে আনন্দেৰে থাকিব খোজা ঘৰখনত দুয়ো দুয়োকো সংগ দিছিল মাথোন। হা-হুমুনিয়াহ থাকিলেও মানি লৈছিল। কিন্তু যোৱাবেলি পিতাই এৰি যোৱাৰ পাছৰ পৰা আই সঁ‌চাকৈয়ে অকলশৰীয়া হৈ পৰিছে পোনা।
সিদিনা ফোন কৰোতে কাম কৰা মানুহজনীয়ে ধৰিছিল। তেওঁ ক'লে--" বাইদেউ, খুড়ীটিক আপোনালোকৰ লগলৈ লৈ যাওঁ‌ক। নহ'লে কোনোবা লগ এটা থকাৰ ব্যৱস্থা কৰক। মানুহ এনেকৈ ইমান অকলশৰীয়াকৈ থাকিব নোৱাৰে। তাকো এই বয়সত।
প্ৰত্যেক দিনেই মই আহি কামত ধৰাৰ আগতেই নিজে দুকাপ চাহ কৰি আনি বাৰাণ্ডাত বহি ডাঙৰ ডাঙৰকৈ খবৰ কাগজখন পঢ়ি থাকে। যেন কাষতে খুড়া বহি আছে আৰু খুড়াৰ চকুৰ শক্তি কম বাবে তেওঁ আগতে শুনোৱাৰ দৰে বাতৰি পঢ়ি শুনাইছে। নিজৰ হাতত লোৱা কাপটোৰ চাহ সেই প্ৰথমতে যি এঢোক বা দুঢোক খায়, তাৰ পাছত হাততেই চেঁ‌চা হৈ যায়। বাতৰি পঢ়ি যায় মাথো। আনকাপ চাহ মেজত তেনেকৈয়ে থাকে। মই আহিলেই উপযাচি কৈফিয়ৎ দিয়ে---অভ্যাস হৈ গ'ল অ' । এবছৰ হওঁ‌ হওঁ‌ হ'ল এওঁ‌ মোক এৰি যোৱা। তথাপি দেখোন ৰাতিপুৱা কোনোপধ্যেই একাপ চাহ কৰি খোৱাৰ অভ্যাস কৰিব পৰা নাই।---- -------- কিবা এটা কৰক বাইদেউ। অসুখ-বিসুখৰ কথাও আছে দিয়কচোন ।"
আৰুনো কি লিখিম পোনা । আইক সেই হেঁপাহৰ ঘৰটো এৰি জোৰকৈ মোৰ লগলৈ আনিবলৈ সত নাযায়। তোৰ তালৈও নাযায় তেওঁ। গাত সামান্য শক্তি থকালৈকে ক'লৈকো নাযায়, মই নিশ্চিত। তেওঁ তাত পিতাইৰ অস্তিত্বৰ অনুভূতিৰ সংগত আছে, ঘৰখনৰ মোহত আছে। এই অনুভূতি, এই মোহৰ গভীৰতা আনে বুজা সহজ নহয়। কথাটো-- চেণ্টিমেণ্টেল, অদৰকাৰী, যুক্তিহীন বুলি উৰুৱাই দিব পাৰি। কিন্তু সেয়া সমাধান নহয়। তেওঁ‌ নিজে মান্তি নোহোৱালৈকে জোৰ কৰি, বাধ্য কৰি ঘৰটো এৰাব নোৱাৰি। তেনে কৰিলে তেওঁৰ মমতাক অসন্মান কৰা হ'ব। যি মমতা আৰু ত্যাগ-কষ্টেৰে মোক , তোক মানুহ হিচাপে গঢ়ি তুলিলে, তাক অসন্মান কৰা হ'ব। সেইবাবে কথাটো ভালদৰে গমি পিতি চাবি।পাৰিলে ইয়ালৈকে গুচি আহ। তোৰ অৰ্হতা আৰু অভিজ্ঞতাৰে চোন ইয়াতো ভাল চাকৰি এটা সহজে পাবি। ঘৰত আন এজন সদস্য থকা হ'লে মই এই কথা নকলোহেঁ‌তেন। তই একমাত্ৰ পুত্ৰ সন্তান বাবেই কিজানি তইও অলপ এৰা-ধৰা কৰিব লাগিব তোৰ কেৰিয়াৰৰ ক্ষেত্ৰত। যেনেকৈ আই ত্যাগ কৰিছিল। কথাবোৰ বুজি পাইছ চাগৈ।
চিঠিখন দীঘলীয়া হ'ল। ফোনত কলে কথাবোৰ থাকি যায়। আকৌ সম্পূৰ্ণকৈ কলেও পাহৰি যাব পাৰ। সেয়ে চিঠি লিখিলোঁ। দুবাৰমান পঢ়িবি। কি সিদ্ধান্ত লৱ জনাবি শীঘ্ৰে। মই চিন্তাত আছোঁ‌। বোৱাৰীক কথাবোৰ বুজাবি। একেই পৰিস্থিতিলৈ আমিও গৈ আছোঁ‌। সেইফালৰ পৰা ভাবি চাবি কথাটো। সহজে বুজি পাবি।
ভালে থাক সকলোটি।
ইতি--
লনি বাইদেউ

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...