Wednesday, 19 October 2016

আলাপ: মলিন মজুমদাৰৰ স'তে

“আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে”৷
চাকৰি সূত্ৰে অৰুনাচল প্ৰদেশ নিবাসী এভিয়েচন(Aviation) বিষয়া তথা সুলেখক শ্ৰীযুত মলিন মজুমদাৰ দেৱৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Malin Majumdar)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
- আন্তৰিক ধন্যবাদ জনালোঁ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
- টেলিফোনৰ ব্যৱহাৰ সহজলভ্য হোৱাৰ পৰাই ক্ৰমান্বয়ে ব্যক্তিগত চিঠিৰ আদান প্ৰদান কমি আহিব ধৰে। ফলশ্ৰুতিত আমি হেৰুৱালোঁ‌ সেই মধুৰ অনুভূতিবোৰ, যিবোৰ কঢ়িয়াই আনিছিল প্ৰিয়জনৰ বহু আকাংখিত চিঠিবোৰে। চিঠি এখনে কুশল বাৰ্তা বা ঘৰুৱা খবৰ-খাতিয়েই অকল কঢ়িয়াই নানে, ই লগতে কঢ়িয়াই আনে মৰম, ভালপোৱা, প্ৰেৰণা, জ্ঞান, উপদেশ, উৎসাহ সাহস, ধৈৰ্য আৰু বহুতো। বহু সময়ত চিঠি এখনে প্ৰিয়জনৰ অশৰীৰি প্ৰতিনিধি হৈ আমাক সংগ দিয়ে, বাৰে বাৰে। মনত পৰে - গাৰুৰ তলৰ পৰা কিতাপৰ মাজত, চোলাৰ জেপত ক'ত নাছিল চিঠিখন!! মন গ'লেই উলিয়াই পঢ়িছিলোঁ ভাল লগা বাক্যকেইটা, প্ৰেৰণাভৰা শব্দকেইটা নতুনকৈ উজ্জীৱিত হ'বলৈ। কিন্তু আজিকালিৰ ফোনযোগে খবৰ-খাতি দিয়া লোৱা কথা-বতৰাত বা মোবাইল টুইটাৰৰ চুটি চুটি বাৰ্তাবোৰত চিঠিত পোৱা অনাবিল অনুভূতিবোৰ যেন বিচাৰি পোৱা নাযায়; বিচাৰি পোৱা নাযায় মন বেয়া লাগিলেই গাৰুৰ তলৰ পৰা চিঠিখন উলিয়াই পঢ়ি প্ৰিয়জনৰ অশৰীৰি সান্নিধ্যৰ অনুভূতি লোৱাৰ সুযোগ। বহু কথাই হেৰাই গ'ল।
সাম্প্ৰতিক সময়তো চিঠিৰ প্ৰাসংগিকতা সেইবাবেই বৰকৈ অনুভৱ কৰোঁ। আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে? যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
-মই অষ্টম শ্ৰেণীৰ পৰাই চিঠি লিখা আৰম্ভ কৰিছিলোঁ। অষ্টম শ্ৰেণীৰ পৰা মোক ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰমান দূৰৰ এখন স্কুলত ভৰ্তি কৰি দিছিল। ঘাই ঘৰৰ পৰা দূৰত আমাৰ পাম এখন আছিল। তাতেই সৰু ককাইদেউৰ লগত থাকি নতুন স্কুলখনত পঢ়িছিলোঁ। এদিন চতুৰ্থ পিৰিয়দৰ পাছত হোৱা বিৰতিত স্কুলৰ কেৰাণীজনে মোক মাতি নি ডাকযোগে অহা চিঠি এখন দিছিল। চিঠিখন লিখিছিল আগৰ স্কুলখনৰ সহপাঠী, ঘনিষ্ঠ বন্ধু শ্ৰীকান্ত বসুমতাৰীয়ে। জীৱনৰ প্ৰথম চিঠি। স্কুলখনৰ কোনো ছাত্ৰলৈ অহাও হেনো সেইখনেই প্ৰথম চিঠি আছিল। জীৱনৰ প্ৰথম ডাকযোগে পোৱা চিঠি, তাকো অনাকাংখিতভাবে; মই ৰোমাঞ্চিত হৈছিলোঁ, পুলকিত হৈছিলোঁ। স্বাভাবিকভাবেই নতুনকৈ অহা ছাত্ৰ হিচাপে চিঠিখনে মোক অতি সোনকালেই ল'ৰা-ছোৱালীসকলৰ মাজত চিনাকি কৰাই দিছিল।
পাঠ্যক্ৰমত লিখা গতানুগতিক চিঠিৰ পাছত সেই প্ৰথম চিঠি লিখিছিলোঁ মোৰ বন্ধুজনলৈ, তেওঁৰ চিঠিৰ উত্তৰ হিচাপে। আস! কিযে সুন্দৰ অনুভূতি আছিল সেয়া। এতিয়াও সেই পৰিবেশ মনত পৰিলে ৰোমাঞ্চিত হওঁ। সেইযে চিঠি লিখা আৰম্ভ হৈছিল, যতি নপৰাকৈ চলি আছিল সৌ সিদিনালৈ, ঘৰত ফোনৰ সংযোগ নকৰালৈকে। পামৰ পৰা ঘাই ঘৰলৈ বেছি দূৰ নাছিল। মাহেকে পষেকে কোনোবা নহয় কোনোবা আহিছিল। তেওঁলোকৰ হাতত বাইদেউলৈ সদায় চিঠি লিখিছিলোঁ। বাইদেউলৈ লিখা চিঠিখনতেই নিৰক্ষৰ আইলৈ বেলেগে লিখিছিলোঁ, বাইদেউএ পঢ়ি শুনাবলৈ। তেনেকৈ উত্তৰো আহিছিল। চিঠিবোৰত অকল কুশল বাতৰিয়েই নাছিল, মোলৈ উপদেশ, মৰম-আশীৰ্বাদৰ লগতে লগৰীয়াবোৰৰ বা-বাতৰি, ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ খবৰ, খেতি-খোলাৰ খবৰ, মধুৰিআম, পনীয়ল লগাৰ খবৰ - সকলো আছিল। বাইদেউৰ চিঠি পঢ়ি নিজকে যেন ঘাই ঘৰত পাইছিলোঁ। সকলোকে, সকলোবোৰ যেন স্বচক্ষে দেখিছিলোঁ‌ চিঠিৰ যাদুকৰী শব্দবোৰৰ মাজেৰে। এইদৰে চিঠি মোৰ হাইস্কুলীয়া জীৱনৰ পৰাই অন্তহীন প্ৰেৰণা আৰু আনন্দৰ উৎস হৈ পৰিছিল।
পাছত যোৰহাটত পঢ়ি থকা সময়ত ডাকযোগে চিঠিৰ আদান প্ৰদান আৰু বাঢ়িছিল। বাইদেউৰ লগতে কলেজ পোৱা ভাইটি, ভতিজী এজনী, দুজনমান কলেজীয়া বন্ধু আৰু এগৰাকী বান্ধৱীৰ লগত নিয়মিতভাবে চিঠিৰ আদান প্ৰদান হৈছিল। যোৰহাটৰ ভাড়াঘৰটোত থাকোঁতে ৰজাবাৰী ডাকঘৰৰ পিয়নজন সেইফালে আহিলেই মোৰ চিঠি আহিছে বুলি গম পোৱা হৈছিলোঁ। প্ৰতি সপ্তাহত এখন বা দুখন চিঠি প্ৰায়েই পাইছিলোঁ। কেতিয়াবা একেদিনাই দুখন বা তিনিখন চিঠি পোৱাৰ আনন্দ এতিয়াও অনুভৱ কৰোঁ। কোনোবা সপ্তাহত চিঠি নাপালেই মন উৎকন্ঠিত হৈছিল। চিঠি লিখিবলৈ মই একেলগে পচিশখনমানকৈ "অন্তৰ্দেশীয় পত্ৰ" ডাকঘৰৰ পৰা কিনি আনিছিলোঁ।
আমাৰ চিঠিৰ আদান প্ৰদানৰ নিয়ম আছিল চিঠি পোৱা মাত্ৰেই উত্তৰ পঠিওৱা। কাজেই চিঠি এখন গৈ পাবলৈ লগা ছয়-সাতদিনৰ প্ৰায় দুগুণ সময়ত উত্তৰ পোৱা গৈছিল। নাপালেই চিন্তা-ভাবনা হৈছিল। কোনোবাই দেৰিকৈ উত্তৰ দিলেই প্ৰথমেই দেৰি হোৱাৰ কৈফিয়ৎ লিখিহে বাকীবোৰ কথা লিখা হৈছিল।
এনেকুৱাও নহয় যে প্ৰতিখন চিঠিয়েই আনন্দেৰে ওপচাই দিছিল। কোনোখন চিঠিয়ে কন্দুৱাইছিল, মন দুখ আৰু চিন্তাৰে ভৰাই পেলাইছিল। কিন্তু তাতো কিবা এটা সুখ আছিল- আপোনজনৰ দুখৰ সৈতে একাত্ম হোৱাৰ সুখ। আমি পৰস্পৰে পৰস্পৰৰ সুখ দুখৰ সমভাগী আছিলোঁ আৰু চিঠিবোৰৰ যোগেদি ইজনে সিজনৰ দুখ শোকত শান্তনা আৰু সাহস দিছিলোঁ।
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
-প্ৰেমাস্পদলৈ চিঠি লিখাৰ সৌভাগ্যকণহে নহ'লগৈ। বিয়াৰ কেইদিনমান আগতেহে লগ পোৱা বাবে চিঠি লিখাৰ সময়েই নাপালোঁ। বিয়াৰ পৰা বহুবছৰ একেলগে থকাৰ পাছত যোৱা দুবছৰ ল'ৰাৰ পঢ়াৰ খাতিৰত প্ৰেমাস্পদক ল'ৰাৰ লগত ঘৰত থৈ কৰ্মস্থলীত অকলে আছোঁ। ফোনযোগে প্ৰতিদিনে দীঘলীয়াকৈ কথা পতা হয়। সকলো কথাই কোৱা হয়; তথাপি ভাব হয়, চিঠিৰে খবৰ বাতৰি লোৱা হ'লে বা জনালে কিজানি কিছুমান কথা আৰু ভালকৈ সুধিব পাৰিলোহেঁতেন, জনাব পাৰিলোহেঁতেন!! ফোনতচোন কিছুমান কথা ভালদৰে সুধিবলৈ, ক'বলৈ থাকি যায়!! প্ৰশ্নটো পোৱাৰ পাছত কথাটো ভালদৰে উপলব্ধি হ'ল। তেওঁলৈ চিঠি এখন লিখিব লাগিব।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
-এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই বিষয়ত মোৰ অনুভৱখিনি কিছু পৰিমাণে দ্বিতীয় প্ৰশ্নৰ উত্তৰত কোৱা হৈছে।
ব্যক্তিগত চিঠি বৰ্তমান হেৰাই যোৱাৰ পথত--কথাটো সঁচা আৰু দুৰ্ভাগ্যজনক। ফোনযোগে কৰা বাৰ্তালাপ বা চুটি চুটি লিখিত বাৰ্তাই চিঠিৰ নিচিনা যাদুকৰী প্ৰভাৱ কেতিয়াও পেলাব নোৱাৰে। চিঠি লিখি নোপোৱাসকলে এই কথা উপলব্ধি কৰিব নোৱাৰিব নিশ্চয়। চিঠি এখনে আমাৰ মন-মগজুক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে "মমতাৰ চিঠি"খন পঢ়িলেই উপলব্ধি কৰিব পৰা যায়।
দূৰত থকা প্ৰেমাস্পদৰ প্ৰেমসিক্ত কথাকেইষাৰ বা মাতৃৰ মমতাৰে সদুপদেশ দিয়া কথাকেইষাৰ দূৰত অকলশৰে থকাজনে ফোনত শুনি সুখী নিশ্চয় হ'ব, উপকৃতও হ'ব ; কিন্তু একেখিনি কথা অলপ বহলাই, আবেগ ঢালি বাছি বাছি শব্দৰ মুকুতাৰে চিঠি লিখি পঠালে যি যাদুকৰী প্ৰভাৱ পেলাব সি চিঠি পঢ়াৰ অভিজ্ঞতা পোৱাজনেহে উপলব্ধি কৰিব পাৰিব। চিঠিয়ে মানুহৰ সুক্ষ্ম অনুভূতিবোৰ জীপাল কৰি ৰাখে।
আপোনজনৰ আবেগভৰা হৃদয়ৰ ভাষাৰে লিখা চিঠি এখনে আমাক সেই আপোনজনৰ অশৰীৰি উপস্থিতিৰ অনুভৱ কৰায়। চিঠিখন চুই চাওঁ, পঢ়োঁ আৰু সযতনে সামৰি থওঁ, আকৌ উলিয়াওঁ; বিশেষ কেইটামান শব্দ বা বাক্য বাৰে বাৰে পঢ়োঁ, গোটেই চিঠিখনেই আকৌ পঢ়োঁ, মন গ'লেই পঢ়োঁ, মন বিষন্ন হ'লেই পঢ়োঁ, একাকীত্ব অনুভৱ হ'লেই পঢ়োঁ, দুখী হ'লেই পঢ়োঁ আৰু উজ্জীৱিত হওঁ প্ৰতিবাৰ। --- এনেকুৱা অকল চিঠিৰেহে, হয়, চিঠিৰেহে সম্ভৱ। সেয়ে চিঠি লিখাৰ অভ্যাসটো আকৌ জীপাল কৰিব লাগিব। নতুনচামলৈ, যাৰ চিঠি লিখাৰ সৌভাগ্য হোৱা নাই, পুৰণিচামে চিঠি লিখি তেওঁলোকৰো চিঠি লিখাৰ অভ্যাস গঢ় দিব লাগিব। "চিঠি" গোটৰ উদ্যোগক আদৰণি জনালোঁ‌ আৰু গোটৰ উদ্দেশ্য সফল হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।

No comments:

Post a Comment

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...