“চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে ।“
চিঠিগোটৰ এগৰাকী প্ৰবীণ সক্ৰিয় সদস্য তথা কবি সুলেখিকা সাৰদা শ্ৰেষ্ঠা বাইদেউৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Sarada Shrestha)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
সা.শ্ৰে:- চছিয়েল নেটৱৰ্কিং চাইট "চিঠি গোট"লৈ মোৰ আন্তৰিক শুভকামনা যাচিলো । আলাপৰ বাবে মোক নিৰ্বাচন কৰা বাবে মৌচুমী বৰিলৈ তথা চিঠি গোটলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
সা.শ্ৰে:-সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিতা এক চিন্তাৰ বিষয় হৈ পৰিছে । আজিৰ মানুহ ভীষন ব্যস্ত । ব্যস্ততাই কোঙা কৰা মানুহৰ আজিকালি চিঠি লিখাৰ আহৰি নাই । তদুপৰি মোবাইল, নেটৱৰ্ক চাইটবোৰে চিঠিলৈ ভাবুকি কঢ়িয়াই আনিছে । ডাকৰ চিঠি হাতত পৰিবলৈ কমেও দুই তিনিদিন সময় লাগে । কিন্তু মোবাইল বা চছিয়েল নেটৱৰ্ক ব্যৱস্থাই যোগাযোগ অতি ক্ষিপ্ৰ কৰি তুলিছে । আনকি আমি আজি আমাৰ পৰা শত যোজন আঁতৰত থকা আমাৰ আপোনজনৰ সৈতে পলকতে মুখামুখিকৈ কথা পাতিব পাৰোঁ । এহাতে ব্যস্ততা আনহাতে যোগাযোগৰ সহজ ব্যৱস্থাই চিঠি লিখাৰ মানসিকতাক ক্ৰমে নিঃশেষ কৰিছে, এই কথা অস্বীকাৰ কৰাৰ উপায় নাই । কিন্তু চিঠিৰ মাদকতা মোবাইল বা নেটৱৰ্ক চাইট সমূহে কেতিয়াও দিব নোৱাৰে । চিঠিত মানুহৰ মনৰ আবেগ অনুভূতিৰ যি সুমধুৰ মাদকতা আছে তাক আন একোৱে দিব নোৱাৰে । তদুপৰি চিঠিৰ মাদকতাই মানুহৰ মন আজীৱন আচ্ছন্ন কৰি ৰাখিব পাৰে । সেয়ে আজিও চিঠিৰ প্ৰয়োজনীয়তাক একেমুখে অস্বীকাৰ কৰিবও নোৱাৰি ।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
সা.শ্ৰে:-মই এসময়ত চিঠি লিখিছিলো । ছাত্রী জীৱনত আৰু তাৰ পৰৱৰ্তী কালত বহু চিঠি মোৰ বান্ধৱীসকললৈ লিখিছিলো । কলেজত পঢ়ি থকা কালত কেইবাজনো অনুজ ভাই ভনীৰ মোৰ সৈতে সুহৃদয়তা গঢ়ি উঠিছিল । দূৰৈত থকা সেই অনুজ সকললৈ কলেজ বন্ধ থকা কালত, কলেজৰ পৰা বিদায় লোৱাৰ পাছতো চিঠি লিখিছিলো । তেওঁলোকেও চিঠি যোগে বহু দিনলৈ মোৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল । মোৰ সতীৰ্থৰ ভনীৰ বিয়াত উপহাৰৰ সৈতে এখন চিঠিও গাঁঠি দিছিলোঁ, চিঠিখনে নকইনাক যথেষ্ট আনন্দ দিয়া বুলি সতীৰ্থগৰাকীয়ে মোক জনাইছিল । চিঠি লিখি ভাল পাইছিলো সেয়ে আপোনজনলৈ চিঠি লিখিবলৈ এলাহ নকৰিছিলো । তেনেকৈ আনৰ পৰা পোৱা চিঠিয়ে মনত কিমান যে আনন্দ দিছিল তাক কেৱল অনুভৱহে কৰিব পাৰি । চিঠি লিখাৰ কথা মনলৈ আহিলে বহুতো কথাই মনত পৰে । বিশেষকৈ এটা ঘটনাই মোক আজিও ব্যথিত কৰে । তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ অসমীয়া সন্মানৰ ছাত্রী । আমাক লগা বিষয়ৰ আনুষঙ্গিক কিতাপ কিনিবলৈ পোৱা নগৈছিল । তাৰ বাবে অধ্যাপকে দিয়া নোট আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল । মোৰ এজনী বান্ধৱী শিৱসাগৰৰ আছিল, পূজাৰ দীঘলীয়া বন্ধত তাই ঘৰলৈ গ'ল । কিন্তু কলেজ খুলাৰ বহু দিনলৈ তাই কলেজলৈ আহিব নোৱাৰিলে নিজৰ কিছু সমস্যাৰ বাবে । তাই আমাক চিঠি লিখি অনুৰোধ কৰিলে শ্ৰেণীত ছাৰে দিয়া নোট যেন তাইলৈ লিখি পঠাওঁ । লগৰ কেইজনীয়ে তাইলৈ চিঠি লিখাৰ দ্বায়িত্ব মোকেই দিলে । মই নিয়মীয়াকৈ তাইলৈ শ্ৰেণীত দিয়া পাঠবোৰ লিখি পঠিয়ালো, তায়ো মোৰ চিঠি বোৰৰ উত্তৰ দি গৈছিল । এটা সময়ত তাই কলেজলৈ আহিল । সকলো ঠিকেই আছিল । পিছে এদিন লগৰ কেইজনীয়ে মোক কলে, মালাই হেনো (শিৱসাগৰৰ বান্ধৱীজনী) সিহঁতক অভিযোগ কৰিছে, ইমান দিন তাই কলেজলৈ আহিব নোৱাৰিলে; আমি কোনেও তাইৰ সৈতে যোগাযোগ নাৰাখিলো । সিহঁতৰ পৰা তাইৰ অভিযোগৰ কথা গম পাই মই লাজে অপমানে মৰ্মাহত হ'লো । মই তাইলৈ লিখা চিঠিৰ প্ৰত্যূত্তৰত তাই দিয়া চিঠিবোৰ পিছদিনা মই সিহঁতক দেখুৱাই মোৰ নিৰ্দোষীতাৰ প্ৰমাণ দিব পাৰিছিলো যদিও এই কথাটোৱে মোক যথেষ্ট আঘাট দিলে । দৰাচলতে বিশ্বাস ভংগতাৰ সমান আন একোৱেই মানুহক আঘাট দিব নোৱাৰে ।আমাৰ লগত পঢ়ি থকা বান্ধৱী এজনী গুৱাহাটী মেডিকেল কলেজলৈ তিনিবছৰীয়া নাৰ্চিংৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল । তাই তাৰেই হোষ্টেলত থাকি প্ৰশিক্ষণ ল'ব লগা হৈছিল । সেয়ে তাইৰ সৈতে নিয়মীয়াকৈ চিঠিৰ আদান - প্ৰদান কৰিছিলোঁ । তাইৰ আখৰবোৰ ছপা আখৰৰ দৰেই গোট গোট, সুন্দৰ আৰু পৰিস্কাৰ আছিল । তাৰোপৰি তাই চিঠি এটা বিশেষ ভাঁজ দি বৰ সুন্দৰকৈ খামত ভৰাই দিছিল । তাইৰ এই কৌশল পাছলৈ ময়ো প্ৰয়োগ কৰিছিলোঁ । সেই সময়ত বহুল জনপ্ৰিয় সঁফুৰা, বিস্ময়ত এটা জনপ্ৰিয় শিতান আছিল "পত্ৰবন্ধু" । এই শিতানে সেই সময়ত পত্ৰ লিখাৰ যেন এক আন্দোলন গঢ় লৈ উঠিছিল । এই শিতানৰ সহযোগত মোৰো বহু কেইজন অচিনাকি বন্ধুৰ সৈতে পত্ৰালাপ হৈছিল । এই অনুভবো বৰ সুন্দৰ । এই পত্ৰবোৰৰ দ্বাৰা বহুতো কথাই জানিব পাৰিছিলো ।

৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
সা.শ্ৰে:-মোৰ প্ৰিয়জনলৈ চিঠি লিখিছিলো ।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
সা.শ্ৰে:-বৰ্তমান মানুহৰ সময়ৰ পাছত দৌৰাৰ যি প্ৰতিযোগিতা, ভাব হয় এই দৌৰৰ ধাম্খুমীয়াত হয়তো এদিন চিঠিৰ দৰে বহু আপুৰুগীয়া সম্পদ নিঃশেষ হ’ব । আমি সময়ৰ আহ্বান অস্বীকাৰ কৰিব নোৱাৰোঁ । আজিৰ যুৱ প্ৰজন্মই চিঠি লিখিবলৈ টান পায় । যুৱ প্ৰজন্মৰ কথা বাদেই আমিও কালৈকো আজি আৰু চিঠি নিলিখোঁ । খৰতকীয়া যোগাযোগ ব্যৱস্থাই আজি যেন আমাক ক্ৰমে পংগু কৰি আনিছে । চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে । চিঠিৰ আবেদন আজিও একে আছে । আজিও চিঠিয়ে আগৰ দৰেই মানুহৰ মন আলোড়িত কৰিব পাৰে । এই গোটত সন্নিৱিষ্ট চিঠিবোৰেই তাৰ প্ৰমাণ দিয়ে । ফে’চবুকত লগ পোৱা মোৰ অনুজ বন্ধু পল্লৱলৈ চিঠি ডাকত দিছিলোঁ, চিঠি গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ । বহু বছৰৰ পাছত চিঠি লিখিবলৈ হাতত কলম তুলি লৈছিলো, প্ৰথমে অলপ খোকোজা লাগিলেও পিছত সহজে লিখি শেষ কৰিলোঁ । চিঠিৰ প্ৰত্যোত্তৰত পল্লৱেও পলমকৈ হ’লেও মোলৈ চিঠি পঠিয়াইছিল । কাম এটাৰ বাবে মই মোৰ কাৰ্যক্ষেত্ৰৰ পৰা ওলাই গৈছিলোঁ । উভতি আহি মোৰ টেবুলৰ ওপৰত পৰি থকা দেখিছিলোঁ মোৰ নামত অহা চিঠি । বাহিৰৰ পৰা অহা বাবে মই কিছু ক্লান্ত হৈ পৰিছিলোঁ । কিন্তু টেবুলত পৰি থকা খামত মোৰ নাম দেখাৰ লগে লগে মোৰ ভাগৰ টিলিকিতে আঁতৰিল । হাতৰ বেগ থ'বলৈকো মোৰ মনলৈ নাহিল । যি ভাঁজত আহিছিলো, সেই ভাঁজতেই চিঠিৰ খাম খুলি পঢ়িবলৈ ল'লো । এক স্বৰ্গীয় আনন্দত মোৰ মন ফৰকাল হৈ পৰিছিল । এয়াই চিঠিৰ আবেদন । আমি যিবোৰ কথা মুখামুখিকৈ ক'ব নোৱাৰোঁ, সেইবোৰ চিঠিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ । মহাত্মা গান্ধীয়ে ল'ৰালিতে কৰা অপৰাধৰ কথা পিতাকৰ ওচৰত মুখামুখিকৈ ক'ব নোৱাৰি চিঠি লিখি জনাই নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিছিল । পুত্ৰৰ অনুতাপযুক্ত চিঠিয়ে পিতা পুত্ৰ দুয়োৰে মন ন আলোকত আলোকিত হৈছিল, এই কথা সকলোৱে জানে ।
৬) আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে অলপ জনাব নেকি?
সা.শ্ৰে:-মই গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চকু চিকিৎসালয়ত কাম কৰিছিলো । চিকিৎসালয়খন সৰু, ইয়াৰ কৰ্মচাৰীও সেয়ে তাকৰ । ইয়াৰ মূখ্য চিকিৎসক ডা° বিজয় কুমাৰ জৈন । এই চিকিৎসালয়ত চকুৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা হয় । ডা° জৈন চিকিৎসালয়ৰ গুৰিয়াল তথা চিকিৎসক হিচাপে স্নেহশীল । তেখেতৰ তত্ত্বাৱধানত মই চকু চিকিৎসা সম্পৰ্কীয় বহুতো কথাই শিকিলো । তেখেতৰ প্ৰেৰণাত কলাৰ ছাত্ৰী হৈয়ো চকুৰ দৰে এক জটিল বিষয়ৰ বহুতো কথাই জানিব পাৰিছিলো । চকুৰ বিষয়ে মানুহৰ মনত সজাগতা আনিবলৈ আৰু আৰ্থিক ভাবে অসমৰ্থ সকলক সকাহ দিবলৈ গাঁও তথা চহৰৰ ভিতৰুৱা অঞ্চলত আমি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছিলো । তদুপৰি SOS Village, Missionaries of charityৰ দৰে অনুষ্ঠানতো সময়ে সময়ে শিবিৰ পতা হৈছিল । এতিয়া মই মোৰ ঘৰুৱা সমস্যাৰ বাবে স্বইচ্ছাই মোৰ কৰ্মজীৱনৰ পৰা অবসৰ লৈছোঁ ।

ব্যস্ততাৰ মাজতো “চিঠি গোটৰ আলাপত” ভাগ লৈ আমাক যি আনন্দ দিলে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷
No comments:
Post a Comment