বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক শ্ৰীযুত সত্যেন্দ্ৰ বৰদলৈ দেৱৰ স’তে চিঠিগোটৰ “আলাপ শিতান”ৰ ফালৰ পৰা কেইটামান প্ৰশ্ন আগবঢ়োৱা হৈছিল৷প্ৰশ্ন কেইটা আছিল— Satyendra Bordoloi
১)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
২)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
৩)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
৪) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?

গোটেই প্ৰশ্নকেইটা সামৰি বৰদলৈ দেৱে খুউব সুন্দৰ ভাৱে আমালৈ আগবঢ়াইছে প্ৰশ্নৰ উত্তৰসমূহ৷আহকচোন পঢ়োঁ---
স.ব:- চিঠি সম্পৰ্কে তুমি সোধা প্ৰশ্ন কেইটা সামৰি এই প্ৰসংগত মোৰ মন্তব্য আগবঢ়ালোঁ ৷ তুমি সোধা কেয়োটা প্ৰশ্নৰ উত্তৰ ইয়াতে পাবাঁ ৷
চিঠি এনে এটা শব্দ যি মোক স্মৃতিকাতৰ কৰি তোলে , অতীতৰ এক মধুৰ অনুভূতি অন্তৰত পুনৰ সাৰ পাই উঠে , ডাকঘৰৰ পিয়নজনক ৰাষ্টাত দেখা পালেই পদুলিলৈ দৌৰ মৰা দিনবিলাকলৈ মনত পেলাই দিয়ে ৷
এটা সময়ত আমাৰ ঘৰলৈ প্ৰায় প্ৰতি দিনেই চিঠি আহিছিল ৷ কেতিয়াবা কেবাখনো আহিছিল ৷ ইনলেণ্ড লেটাৰ কাৰ্ড , এন্ভেলপ আৰু ডাকটিকট আমি একেলগে বহুত আনি ৰাখোঁ ৷ দূৰত থকা আত্মীয় আৰু বন্ধু-বান্ধৱৰ লগত সম্পৰ্ক ৰখাৰ একমাত্ৰ মাধ্যম আছিল চিঠি ৷ এটা সময়ত মোৰ দেশী-বিদেশী ভালেমান পত্ৰ-বন্ধুও আছিল ৷ বৰ্তমানৰ প্ৰজন্মই পত্ৰ-বন্ধু কি বুলি হয়তো সুধিব পাৰে ৷ মই ৰেডিঅ’ মস্কো , ভইচ অব্ আমেৰিকা , বি বি চি , ডাট্চি ৱালি , ৰেডিঅ’ জাপান , ৰেডিঅ’ পিকিং আদিৰ লগত ডি-এক্সিং কৰিছিলোঁ আৰু সেই সূত্ৰে দেশী-বিদেশী ভালেমান বন্ধু লাভ কৰিছিলোঁ ৷ চিঠিৰ জৰিয়তেই আমাৰ ভাৱ বিনিময় হৈছিল ৷ সাহিত্যৰ প্ৰতি আগ্ৰহী হোৱাৰ সূত্ৰে অসমৰ ভালেকেইজন বিশিষ্ট লেখক/সাহিত্যিকলৈ মই ছাত্ৰাৱস্থাত চিঠি লিখিছিলোঁ ৷ মোৰ চিঠিৰ উত্তৰ হিচাপে লিখা ড° মহেন্দ্ৰ বৰা , ড° লীলা গগৈ , যতীন্দ্ৰ নাথ গোস্বামী , মহিম বৰা আদি কেবাগৰাকীও বিশিষ্ট পণ্ডিতৰ চিঠি এতিয়াও সযতনে ৰাখিছোঁ ৷
চিঠি লিখাটো এটা বিশেষ কলা ৷ মান্যানুসৰি চিঠি লিখা ৰীতিও ভিন্ন হয় ৷ চিঠিৰ আৰ্হিত ভালেমান মহৎ সাহিত্যও সৃষ্টি হৈছে ৷ কিন্তু ইয়াৰ মহত্ব চিঠিৰ লগত পৰিচয় থাকিলেহে উপলব্ধি কৰিব পাৰি ৷ কিন্তু দুখৰ কথা কম্পিউটাৰ-মোবাইল ফোন অহাৰেপৰা চিঠিৰ প্ৰচলন কমি গ’ল আৰু ইন্টাৰনেট , ই-মেইল , ফেইছবুক , হোৱাট্চ এপৰ প্ৰচলনে ব্যক্তিগত চিঠিৰ প্ৰচলন নিঃশেষ কৰি দিলে ৷ প্ৰতিদিনেই ঘৰলৈ অহা বা নহালৈকে উৎসুকতাৰে বাটলৈ চাই ঠকা পিয়নজনৰ লগত এতিয়া চিনাকি হেৰাই গ’ল ৷ তিনি আলি-চাৰি আলিত আঁৰি থোৱা ৰঙা ডাকবাকচবোৰ অদৃশ্য হৈ পৰিল ৷ বৰ্তমান কেৱল কাৰ্যালয় সংক্ৰান্তীয় চিঠি আৰু টোপোলা প্ৰেৰণতে ডাক বিভাগটো সীমাৱদ্ধ হৈ পৰিল ৷ আজিৰ প্ৰজন্মই চিঠি লিখা কলাটোৰ লগত পৰিচয় হেৰুৱাই পেলালে ৷ নিজৰ ঠিকনাটোকে লিখিব নজনা হ’ল ৷ এটা উদাহৰণ দিওঁ , ---পৰীক্ষাত “ তোমাৰ চলিত পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ এখন চিঠি লিখাঁ " প্ৰশ্নৰ উত্তৰত ভালেমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা বহীত লিখা পাইছিলোঁ এনেদৰে , ---- প্ৰতি অভিভাৱক, তাং ---------- বিষয় : পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ লিখা চিঠি ৷
মাননীয় অভিভাৱক ----------------
সৰুতে বিদ্যালয়ত ছুটী বিচাৰি লিখা আবেদনৰ আৰ্হিতে তেওঁলোকে লিখিছিল ৷ এনে হোৱাৰ প্ৰধান কাৰণ হ’ল এওঁলোকৰ চিঠিৰ লগত পৰিচয় নাই ৷ বিল গেট্ছে পৃথিৱীৰ পৰা কাগজ নিৰ্মূল কৰাৰ যি সপোন দেখিছিল , এয়া যেন তাৰেই আৰম্ভণি ৷ আজি ইন্টাৰনে’টৰ সহায়ত প্ৰপত্ৰ পূৰণ , বেংক সেৱা আদি প্ৰায় সকলো সম্ভৱ ৷ ই-বুক , ই-জাৰ্ণেল , ই-মেগাজিন , ই-নিউজ পেপাৰ আদি সহজলভ্য হ’ল ৷ শেহতীয়া কাৰুকাৰ্যৰ মোবাইল ফোন এটা হাতত থাকিলে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড মুঠিটোত সোমাই পৰে ৷ এনচাইক্ল’পেডিয়া ব্ৰীটানিকা বৰ্তমান ছপাৰূপত প্ৰকাশ বন্ধ কৰি কেৱল ছফ্ট কপিহে প্ৰচলন কৰে ৷ গেট্ছৰ সপোন যে সমাগত , এয়া তাৰেই ইংগিত ৷ বৰ্তমান অফিচ-কাছাৰিৰ চিঠিৰে ডাক বিভাগটো চলি আছে যদিও এনে চিঠিওযে সোনকালে বিলুপ্ত হ’ব , সেই কথা নুই কৰিব নোৱাৰি ৷
পৰিৱৰ্তন অৱধাৰিত ৷ আমাৰ বাবে মৰ্মান্তিক যদিও এয়া অৱশ্যম্ভাবি ৷ কাগজৰ আৱিষ্কাৰে সাঁচি-পাত নোহোৱা কৰাৰ দৰে বিজ্ঞান তথা তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিয়ে চিঠিয়েই নহয় , আৰু বহুত বস্তু নিঃচিহ্ণ কৰিলে ৷নেন’ টেক্নল’জিৰ বিকাশ সাধনে আৰুযে কিমান পৰিৱৰ্তন আনিব , সেই কথা কল্পনাও কৰিব নোৱাৰি ৷ হয়তো " চিঠি " শব্দটো এসময়ত চাৰ্চ ইঞ্জিনতহে বিচাৰিব লাগিব ৷
তোমাৰ কেয়োটা প্ৰশ্নৰ উত্তৰ সামৰি কথাখিনি লিখিলোঁ ৷ এয়া মোৰ ব্যক্তিগত চিন্তা ৷ কিন্তু এয়াইযে ভৱিষ্যৎ , মই নিশ্চিত ৷ আৰু প্ৰেমাস্পদলৈ চিঠি ? সঁচা কথা কওঁ , ধুনীয় ছোৱালী মাত্ৰেই প্ৰেমত পৰিছিলোঁ , বহুত সৰুৰেপৰা ৷ চিঠিও লিখিছিলোঁ বহুত ৷ কিন্তু এখন চিঠিও দিব নোৱাৰিলোঁ , ভয়তে ৷ কোনো ছোৱালীয়ে গমকে নাপালে , মই তাইৰ প্ৰেমত মতলীয়া হোৱাবুলি ৷ কিমধিকমিতি ৷

ব্যস্ততাৰ মাজতো আলাপ শিতানটিৰ বাবে সময় দিয়া বাবে সন্মানীয় বৰদলৈ দাদালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷
No comments:
Post a Comment