Monday 28 November 2016

মোৰ বহুত মৰমৰ পৰী : অনুপমা বৰগোহাঁই

মোৰ বহুত মৰমৰ পৰী ,
বহুত বহুত মৰম আৰু ডাইমকু পঠিয়ালোঁ ৷ তোমাৰ চিঠিখন, তোমাৰ ক’বলগীয়া কথাবোৰ বুকুত বান্ধি ল’বলৈ আগ্ৰহেৰে বাট চাই আছিলোঁ ৷ আৰু কালি তোমাৰ চিঠিখন পাই কিমান যে ভাল লাগিল - বুজাব নোৱাৰোঁ ! আচলতে তোমালৈ চিঠি এখন লিখিবলৈ মোৰ নিজৰো বৰ মন গৈ আছিল ৷ তোমাকো যে মোৰ বহুবোৰ মনৰ কথা ক’বলৈ মন গৈ আছিল !
পৰী, তোমাৰ উপন্যাসখন নিজে কিনি পঢ়াটো পাঠক আৰু এগৰাকী নতুন লেখক হিচাপে মোৰ দায়িত্ব বুলি ভাবো ৷ জানা নে পৰী , ঈশানজ্যোতি বৰা নামৰ মোৰ ভাইটি জনে ( যাৰ নামটো মই মোৰ উপন্যাসত কৃতজ্ঞতাৰ শিতানত উল্লেখ কৰিছোঁ ) মোৰ প্ৰথমখন গ্ৰন্থ ‘অনুভৱৰ জোঁটনি’ খন কিনিবৰ বাবে কিতাপৰ দোকানত বিচাৰি নাপাই মোলৈ কিতাপৰ মূল্য আৰু কুৰিয়াৰৰ মূল্য ডাকযোগে পঠিয়াই দিছিল ৷ ঈশানেই মোক শিকাইছিল , আমি নিজে লিখা কিতাপৰ মূল্য যদি নিজেই নিদিওঁ তেনে কোনেও নিদিয়ে ৷ সেইবুলি আমি নিজে লিখা কিতাপ কাকো উপহাৰ নিদিম নেকি ? দিম ৷ কিয় নিদিম ? কিন্তু সেই উপহাৰ গ্ৰহণ কৰোঁতাজনেও কৃতজ্ঞতা আৰু প্ৰেৰণা জনাবৰ বাবে নতুন লেখকৰ কিতাপ কিনি আনক উপহাৰ দিব পাৰে ৷ তোমাৰ মৌ বাই মোৰ দুয়োখন কিতাপ কিনি কিমানক যে উপহাৰ দিছে ! তোমাৰ মৌবা অৰ্থাৎ মোৰ মৰমৰ ভনী চুমীৰ ওচৰত মই যে কিমান কৃতজ্ঞ সেয়া বুজাবলৈ মোৰ ওচৰত শব্দৰ অভাব ৷ কেতিয়াবা সন্দেহ হয় - শব্দৰ শক্তি অমোঘ , এই কথাষাৰ সত্য হয় জানো ? জীৱনৰ ওচৰত মই যে কিমান কৃতজ্ঞ সেয়া বুজাবলৈ শব্দৰ শক্তি নাই ৷ জীৱনে মোক ইমানবোৰ ভাল ব্যক্তিৰ সান্নিধ্যত আনি দিছে যে তথাকথিত বেয়ামানুহৰ , দুখ দিয়া মানুহৰ কথা ভাবিবলৈ মই সুৰুঙাই নাপাওঁ ৷ বাৰু এইবোৰ কথা বাদ - পৰী, মই তোমাৰ কিতাপখন কিনিম আনক উপহাৰ দিবলৈ ৷ আৰু তোমাক মোৰ ডাক ঠিকনাটো দিম ৷ মোলৈ তোমাৰ হাতৰ আখৰে লিখা কিতাপখনৰ কপি এটা পোৱাৰ আশাৰে ৷
পৰী, তুমি আকাশত উৰাটোকে মই বিচাৰোঁ ৷ তুমি ইমান ওপৰলৈ উৰা যে তলৰ পৃথিৱীত থকা বাধা, বিঘিনী , সমস্যা সকলো তেনেই ক্ষুদ্ৰ হৈ নাইকীয়া হয় পৰে ৷ কিন্তু এটা কথা মনত ৰাখিবা - ওপৰলৈ উৰিবলৈ হলে নিজৰ মনৰ বোজা কিছুমান একেবাৰে পেলাই দিব লাগিব আৰু তেতিয়া পাখি দুখন বেছি শক্তিশালী হ’ব ৷ পাখি দুখনত শক্তি থকা মানে পৰি যোৱাৰ ভয় নাথাকে ৷ তোমাৰ নতুন উপন্যাস ‘‘কুণ্ডলীনি’’ আত্মজৈৱনীক হ’ব নিশ্চয় ৷ উপন্যাস বা গপ্ল বাস্তৱ জীৱনৰ ওপৰত লিখিলেহে মোৰ মতে ভাল ৷ কল্পনা আৰু ভাষাৰ শক্তিৰে মোহময় অসত্যৰ সৃষ্টি কৰি ক্ষন্তেকীয়া ভাববিলাস বা আনন্দৰ মায়াজাল সৃষ্টি কৰিব পাৰি ৷ কিন্তু ই সাহিত্যৰ ঐশ্বৰিক শক্তিক অনুভৱ কৰাবলৈ , জীৱনটো আনন্দৰে যাপন কৰাৰ পথ দেখুৱাবলৈ, জীৱনক সঁচা অৰ্থত বুজাবলৈ নোৱাৰে ৷ এয়া অৱশ্যে মোৰহে ধাৰণা ৷ বাস্তৱ জীৱন , বাস্তৱ ঘটনাক অনুধাবন কৰি নিজৰ কল্পনা আৰু লেখনিৰ ক্ষমতাৰে এখন সুন্দৰ উপন্যাস সৃষ্টিত লাগি যোৱা পৰী ৷ মোৰ বহুত শুভকামনা আৰু ডাইমকু আছে তোমালৈ ৷
পৰী, তোমাক ক’ব লগীয়া আৰু বহুত কথা আছে ৷ কিন্তু বহুত বেছি কথা একেদিনাই নকওঁ ৷ তোমাৰ আমনি লাগিব ৷ মাত্ৰ আৰু এটা কথা কওঁ - ফেচবুক তথা অন্য সামাজিক জালপঞ্জীৰ মাধ্যমবোৰৰ ব্যৱহাৰ সীমিত কৰিবা ৷ যিকোনো বস্তু যিমান ভাল হলেও ব্যৱহাৰ সীমিত হ’লেহে প্ৰকৃত উপকাৰ পোৱা যায় ৷ ফেচবুক জৰিয়তে আমি ইমানবোৰ ভাল ভাল ব্যক্তি লগ পাইছো, সঁচা সম্বন্ধ গঢ়িব পাৰিছোঁ - কিন্তু তথাপিও ইয়াৰ পৰিমাণ কম কৰিলে আমি বাস্তৱ জীৱনৰ বহুতো সমস্যাৰ পৰা ৰেহাই পাব পাৰিম ৷ কম সময় বা নিৰ্দিষ্ট দিনতহে যদি ফেচবুক চাওঁ - তেতিয়াও আমি এই সঁচা আৰু ভাল ব্যক্তি সকলক পাম ৷ ভাল লেখা , ভাল খবৰবোৰ তেতিয়াও পঢ়িবলৈ পাম ৷ ফেচবুকে কব নোৱাৰাকৈ আমাৰ হাতৰ পৰা বহুবোৰ সময়েই কাঢ়ি নিয়ে ৷ সেই সময়খিনি আমি নিজৰ পৰিয়ালক বা নিজক দিলে আমাৰ লগতে সমাজৰো উপকাৰ হ’ব ৷ মই এতিয়াৰ পৰা কেৱল শনি আৰু দেওবাৰেহে ফেচবুক ব্যৱহাৰ কৰিম বুলি সিদ্ধান্ত লৈছোঁ ৷ জানা পৰী, সৰুৰে পৰাই মই যেতিয়াই যি সংকপ্ল লওঁ , সেই সংকপ্ল কেতিয়াও কোনো পৰিস্থিতিতে ভংগ নকৰোঁ ৷ বুদ্ধ দৰ্শণৰ অনুশীলন কৰাৰ পৰা মই এই কথা জানিলোঁ যে অষ্টাংগিক মাৰ্গৰ এটা মাৰ্গ হ’ল - সম্যক সংকল্প ৷ বুদ্ধৰ অষ্টাংগিক মাৰ্গৰ কথা তোমাক মই অন্য এদিন কম দেই পৰী ৷
আজিলৈ আহিছো ৷ মোৰ বহুত শুভকামনা তোমাৰ গৃহস্থ - মোৰ ভনী জোঁৱাইৰ বাবে , অকণমাণি দুটাৰ বাবেও বহুত ডাইমকু আৰু মৰম ৷ তোমালৈ পুনৰ বহুত মৰম , শুভকামনা আৰু ডাইমকু ....
উত্তৰ দিবা ৷
ইতি,
তোমাৰ পমাবা
নয়ডা (28/11/16) MY ADD: ONGC HOUSING COMPLEX. FLAT NO C34 .NOIDA SEC 39 PIN 201301 UTTAR PRADESH

Wednesday 2 November 2016

আলাপ:সত্য়েন্দ্ৰ বৰদলৈৰ স'তে

বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক শ্ৰীযুত সত্যেন্দ্ৰ বৰদলৈ দেৱৰ স’তে চিঠিগোটৰ “আলাপ শিতান”ৰ ফালৰ পৰা কেইটামান প্ৰশ্ন আগবঢ়োৱা হৈছিল৷প্ৰশ্ন কেইটা আছিল— Satyendra Bordoloi
১)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
২)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
৩)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
৪) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
গোটেই প্ৰশ্নকেইটা সামৰি বৰদলৈ দেৱে খুউব সুন্দৰ ভাৱে আমালৈ আগবঢ়াইছে প্ৰশ্নৰ উত্তৰসমূহ৷আহকচোন পঢ়োঁ---
স.ব:- চিঠি সম্পৰ্কে তুমি সোধা প্ৰশ্ন কেইটা সামৰি এই প্ৰসংগত মোৰ মন্তব্য আগবঢ়ালোঁ ৷ তুমি সোধা কেয়োটা প্ৰশ্নৰ উত্তৰ ইয়াতে পাবাঁ ৷
চিঠি এনে এটা শব্দ যি মোক স্মৃতিকাতৰ কৰি তোলে , অতীতৰ এক মধুৰ অনুভূতি অন্তৰত পুনৰ সাৰ পাই উঠে , ডাকঘৰৰ পিয়নজনক ৰাষ্টাত দেখা পালেই পদুলিলৈ দৌৰ মৰা দিনবিলাকলৈ মনত পেলাই দিয়ে ৷
এটা সময়ত আমাৰ ঘৰলৈ প্ৰায় প্ৰতি দিনেই চিঠি আহিছিল ৷ কেতিয়াবা কেবাখনো আহিছিল ৷ ইনলেণ্ড লেটাৰ কাৰ্ড , এন্‌ভেলপ আৰু ডাকটিকট আমি একেলগে বহুত আনি ৰাখোঁ ৷ দূৰত থকা আত্মীয় আৰু বন্ধু-বান্ধৱৰ লগত সম্পৰ্ক ৰখাৰ একমাত্ৰ মাধ্যম আছিল চিঠি ৷ এটা সময়ত মোৰ দেশী-বিদেশী ভালেমান পত্ৰ-বন্ধুও আছিল ৷ বৰ্তমানৰ প্ৰজন্মই পত্ৰ-বন্ধু কি বুলি হয়তো সুধিব পাৰে ৷ মই ৰেডিঅ’ মস্কো , ভইচ অব্‌ আমেৰিকা , বি বি চি , ডাট্‌চি ৱালি , ৰেডিঅ’ জাপান , ৰেডিঅ’ পিকিং আদিৰ লগত ডি-এক্সিং কৰিছিলোঁ আৰু সেই সূত্ৰে দেশী-বিদেশী ভালেমান বন্ধু লাভ কৰিছিলোঁ ৷ চিঠিৰ জৰিয়তেই আমাৰ ভাৱ বিনিময় হৈছিল ৷ সাহিত্যৰ প্ৰতি আগ্ৰহী হোৱাৰ সূত্ৰে অসমৰ ভালেকেইজন বিশিষ্ট লেখক/সাহিত্যিকলৈ মই ছাত্ৰাৱস্থাত চিঠি লিখিছিলোঁ ৷ মোৰ চিঠিৰ উত্তৰ হিচাপে লিখা ড° মহেন্দ্ৰ বৰা , ড° লীলা গগৈ , যতীন্দ্ৰ নাথ গোস্বামী , মহিম বৰা আদি কেবাগৰাকীও বিশিষ্ট পণ্ডিতৰ চিঠি এতিয়াও সযতনে ৰাখিছোঁ ৷
চিঠি লিখাটো এটা বিশেষ কলা ৷ মান্যানুসৰি চিঠি লিখা ৰীতিও ভিন্ন হয় ৷ চিঠিৰ আৰ্হিত ভালেমান মহৎ সাহিত্যও সৃষ্টি হৈছে ৷ কিন্তু ইয়াৰ মহত্ব চিঠিৰ লগত পৰিচয় থাকিলেহে উপলব্ধি কৰিব পাৰি ৷ কিন্তু দুখৰ কথা কম্পিউটাৰ-মোবাইল ফোন অহাৰেপৰা চিঠিৰ প্ৰচলন কমি গ’ল আৰু ইন্টাৰনেট , ই-মেইল , ফেইছবুক , হোৱাট্‌চ এপৰ প্ৰচলনে ব্যক্তিগত চিঠিৰ প্ৰচলন নিঃশেষ কৰি দিলে ৷ প্ৰতিদিনেই ঘৰলৈ অহা বা নহালৈকে উৎসুকতাৰে বাটলৈ চাই ঠকা পিয়নজনৰ লগত এতিয়া চিনাকি হেৰাই গ’ল ৷ তিনি আলি-চাৰি আলিত আঁৰি থোৱা ৰঙা ডাকবাকচবোৰ অদৃশ্য হৈ পৰিল ৷ বৰ্তমান কেৱল কাৰ্যালয় সংক্ৰান্তীয় চিঠি আৰু টোপোলা প্ৰেৰণতে ডাক বিভাগটো সীমাৱদ্ধ হৈ পৰিল ৷ আজিৰ প্ৰজন্মই চিঠি লিখা কলাটোৰ লগত পৰিচয় হেৰুৱাই পেলালে ৷ নিজৰ ঠিকনাটোকে লিখিব নজনা হ’ল ৷ এটা উদাহৰণ দিওঁ , ---পৰীক্ষাত “ তোমাৰ চলিত পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ এখন চিঠি লিখাঁ " প্ৰশ্নৰ উত্তৰত ভালেমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা বহীত লিখা পাইছিলোঁ এনেদৰে , ---- প্ৰতি অভিভাৱক, তাং ---------- বিষয় : পৰীক্ষাৰ খবৰ জনাই অভিভাৱকলৈ লিখা চিঠি ৷
মাননীয় অভিভাৱক ----------------
সৰুতে বিদ্যালয়ত ছুটী বিচাৰি লিখা আবেদনৰ আৰ্হিতে তেওঁলোকে লিখিছিল ৷ এনে হোৱাৰ প্ৰধান কাৰণ হ’ল এওঁলোকৰ চিঠিৰ লগত পৰিচয় নাই ৷ বিল গেট্‌ছে পৃথিৱীৰ পৰা কাগজ নিৰ্মূল কৰাৰ যি সপোন দেখিছিল , এয়া যেন তাৰেই আৰম্ভণি ৷ আজি ইন্টাৰনে’টৰ সহায়ত প্ৰপত্ৰ পূৰণ , বেংক সেৱা আদি প্ৰায় সকলো সম্ভৱ ৷ ই-বুক , ই-জাৰ্ণেল , ই-মেগাজিন , ই-নিউজ পেপাৰ আদি সহজলভ্য হ’ল ৷ শেহতীয়া কাৰুকাৰ্যৰ মোবাইল ফোন এটা হাতত থাকিলে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড মুঠিটোত সোমাই পৰে ৷ এনচাইক্ল’পেডিয়া ব্ৰীটানিকা বৰ্তমান ছপাৰূপত প্ৰকাশ বন্ধ কৰি কেৱল ছফ্ট কপিহে প্ৰচলন কৰে ৷ গেট্‌ছৰ সপোন যে সমাগত , এয়া তাৰেই ইংগিত ৷ বৰ্তমান অফিচ-কাছাৰিৰ চিঠিৰে ডাক বিভাগটো চলি আছে যদিও এনে চিঠিওযে সোনকালে বিলুপ্ত হ’ব , সেই কথা নুই কৰিব নোৱাৰি ৷
পৰিৱৰ্তন অৱধাৰিত ৷ আমাৰ বাবে মৰ্মান্তিক যদিও এয়া অৱশ্যম্ভাবি ৷ কাগজৰ আৱিষ্কাৰে সাঁচি-পাত নোহোৱা কৰাৰ দৰে বিজ্ঞান তথা তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিয়ে চিঠিয়েই নহয় , আৰু বহুত বস্তু নিঃচিহ্ণ কৰিলে ৷নেন’ টেক্‌নল’জিৰ বিকাশ সাধনে আৰুযে কিমান পৰিৱৰ্তন আনিব , সেই কথা কল্পনাও কৰিব নোৱাৰি ৷ হয়তো " চিঠি " শব্দটো এসময়ত চাৰ্চ ইঞ্জিনতহে বিচাৰিব লাগিব ৷
তোমাৰ কেয়োটা প্ৰশ্নৰ উত্তৰ সামৰি কথাখিনি লিখিলোঁ ৷ এয়া মোৰ ব্যক্তিগত চিন্তা ৷ কিন্তু এয়াইযে ভৱিষ্যৎ , মই নিশ্চিত ৷ আৰু প্ৰেমাস্পদলৈ চিঠি ? সঁচা কথা কওঁ , ধুনীয় ছোৱালী মাত্ৰেই প্ৰেমত পৰিছিলোঁ , বহুত সৰুৰেপৰা ৷ চিঠিও লিখিছিলোঁ বহুত ৷ কিন্তু এখন চিঠিও দিব নোৱাৰিলোঁ , ভয়তে ৷ কোনো ছোৱালীয়ে গমকে নাপালে , মই তাইৰ প্ৰেমত মতলীয়া হোৱাবুলি ৷ কিমধিকমিতি ৷
ব্যস্ততাৰ মাজতো আলাপ শিতানটিৰ বাবে সময় দিয়া বাবে সন্মানীয় বৰদলৈ দাদালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...