Saturday 25 February 2017

জোন মোৰ – পৰী পাৰবিন

জোন মোৰ,
ৰাতিটোৱে মোট সলালেই তোমাৰ দশমতম জনম বৰ্ষ । কথাবোৰ সৌ সিদিনাৰহে আছিল । তোমাক আদৰিবলৈ সাজু হৈছিলো । অনেক প্ৰত্যাহবানৰ মাজতো তুমি মোৰ কোলা শুৱনি কৰিবলৈ আহিছিলা ।
কথাবোৰ বুজি পোৱা ধৰণেৰে জীৱনটো আৰম্ভ হোৱাই নাছিল । মাতৃত্বৰ দায়িত্ববোধে তিলমানো চুব পৰা নাছিল তেতিয়ালৈ । কিমান যে পাগলী আছিলো মই । অকলশৰীয়া ভাৰাঘৰটোৰ পৰা তিনিআলিৰ গুমটিখনৰ পকৰীৰ সোৱাদ লবলৈ মন গলেই অকলে ওলাই আহিছিলো । অ' পাহৰিছোৱেই, তোমাৰ দেউতাও তেতিয়া চাকৰিসূত্ৰে অলপ দূৰত থাকিব লগা হৈছিল । মোৰ লগত কোননো আছিল ? অ' আছিল । ভগৱানৰ সুদৃষ্টি আছিল মোৰ ওপৰত । নহলেনো তোমাক গৰ্ভত লৈ ৰাতিৰ ৰাতিটো নিশ্চিন্তমনে টোপনি যাব পাৰোনে ?
২০০৭ চনৰ ২৫ ফেব্ৰুৱাৰী । দেওবাৰ । সিদিনা তোমাৰ দেউতাও ওলালহি । লগতে তোমাৰ জেঠাইও পালেহি । দেওবাৰ যদিও অফিচৰ কামবোৰ শেষ কৰিবলৈ মই অফিচলৈ ঢাপলি মেলিছিলো । ছুটিত যোৱাৰ আগতে কামবোৰ শেষ নকৰিলে বাকীবোৰে অসুবিধা পাব সেই মনোভাৱেৰে । কামবোৰ চিজিল লগাই মোৰ সহকৰ্মীজনক সবিশেষ বুজাই দিলো যাতে মই নাথাকিলে অফিচত অসুবিধা নহয় । তুমি যে অহাৰ কথা ! অৱশ্যে ডাক্তৰৰ হিচাপমতে তেতিয়াও কিছুদিন বাকী ।
শেষৰাতিলৈ তুমি অহাৰ উমান দিলা । এনাস্থেচিয়াৰ জালত তোমাৰ জোনহেন কণমানি মুখখনি প্ৰথমে দেখাৰ সৌভাগ্য নহ'ল । যেতিয়া জ্ঞান আহিল , জীৱনলৈ অপাৰ হেঁপাহ কঢ়িয়াই মোৰ কাষত শুই আছিলা তুমি ।
এই জোন, তোমাক কোলাতেই থম নে বোকোচাতেই থম তেতিয়া । তুমি অহাৰ পাছত জীৱনটো ৰঙীন হৈ পৰিল । ইমান অহংকাৰ হৈ পৰিল মোৰ পৃথিৱীখন । গপ তুলি তুলি বছৰবোৰ আহে । নিমিষতে বাগৰে । অহংকাৰবোৰ দিনক দিনে বাঢ়িহে গৈছে দেখোন ।
তুমি ডাঙৰ হ'লা । মোক কিটচেনত মটৰৰ বাকলি গুচাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা । ভাইটিক কাপোৰ পিন্ধাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা ।
জোন মোৰ । কেইটিমান কথাৰে চিঠিখন সামৰো । এই যে তোমাক পুৱা সাত বজাতে স্কুললৈ টানি টানি লৈ যাওঁ, পৰীক্ষাৰ ভুল উত্তৰৰ কাৰণে চকু পকাই ধৰো । সেয়া নিতান্তই এটা চাকৰি নতুবা পৰীক্ষাৰ নম্বৰকেইটিৰ কাৰণে নহয় কিন্তু । মোৰ লক্ষ্য হ'ল, তোমালোকক জ্ঞানী কৰি তোলাহে । জ্ঞান নহলে ভুল-শুদ্ধৰ বিচাৰটিকে কেনেকৈ কৰিবা ? উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লবলৈকে আমাক জ্ঞানৰ দৰকাৰ । নহয় জানো ?
জোন মোৰ । সপ্তাহৰ এটি মাথো দেওবাৰ । সেইদিনাও আৰ্ট স্কুল নতুবা গানৰ স্কুল । ইয়াতো কিন্তু সুগভীৰ লক্ষ্য মোৰ । প্ৰতিযোগিতাত প্ৰশংসা বুটলাটো মোৰ লক্ষ্য নহয় । মোৰ লক্ষ্য অনন্য । এই সাধনাই তোমাৰ ভিতৰৰ 'তুমি'টোক আজীৱন সংগ দিব । বিষাদ জয় হ'ব তোমাৰ সুৰত, নতুবা বিষাদ সামৰিব কেনভাচত বুলাই লোৱা তুলিকাত । সেয়াহে মোৰ লক্ষ্য ।
তুমি সুখী হোৱা । কায়িকভাৱে নহলেও মোৰ অন্তৰাত্মা তোমাৰ খোজে প্ৰতি ।
তুমি ভাল মানুহ হোৱা । দহজনৰ চকুত নহয়, নিজে নিজৰ চকুত শুদ্ধ হোৱা ।
তুমি ধনী হোৱা । ধনৰ নহয়, মনৰ ।
 তুমি সু্স্থ থাকা । কেৱল শৰীৰেৰে নহয় , আত্মাৰেও ।
তোমাৰ জনমদিনত এইয়ে মোৰ কামনা ।
চিঠিখন বহুতেই দীঘল হ'ল ন সোণ ? ক'বলৈ যে এতিয়াও বহুত বাকী । চিঠিখন পঢ়িবলৈ টান পাইছা নেকি বাৰু ? ইংৰাজী মাধ্যমত পঢ়িলা বুলিয়ে অসমীয়া নপঢ়িলে নহব কিন্তু । চোৱাচোন আমাৰ ভাষাটো কিমান সুন্দৰ । গতিকে মোৰ চিঠিখন পঢ়িবলৈকে তুমি কিন্তু আমাৰ মাতৃভাষাটো শিকিব লাগিব ।
কথা দিবানে তুমি ? মোৰ সৰু অনুৰোধটো ৰাখিবা দেই সোণ । মোৰ জোন ।
এইবাৰলৈ সামৰো দেই ।
ইতি
তোমাৰ মা

Thursday 23 February 2017

চিঠি.....Letter ব্লগলৈ মাননীয় পাঠকসকলক আদৰণি জনাইছোঁ।

আলাপ : শিৱপ্ৰসাদ হাজৰিকাৰ স'তে

" চিঠি গোটৰ প্ৰতিজন প্ৰকাশক বৃন্দক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ কিয়নো চিঠিৰ অনন্য আমেজ লবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে ।"
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ চিঠিগোটৰ আলাপ শিতানটি সজাইছোঁ কবি,সুলেখক তথা চিঠিগোটৰ এগৰাকী সন্মানীয় সদস্য শ্ৰীমান শিৱপ্ৰসাদ হাজৰিকাৰ (মোৰ মৰমৰ ভাইটি বাবু) স’তে৷
প্ৰশ্ন: চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
শি:হা:-আন্তৰিক ধন্যবাদ আপোনাক ।
প্ৰশ্ন:সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
শি:হা:-নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে কব বিচাৰো যে, চিঠিৰ লগত আমাৰ প্ৰজন্মটোৰ সম্পৰ্ক একেবাৰেই নাই বুলিয়েই কব পাৰি । কিয়নো ইন্টাৰনেট, ম'বাইল ফ'ন, ছচিয়েল মেডিয়া ইত্যাদিৰ অত্যাধিক জনপ্ৰিয়তাই আমাৰ প্ৰজন্মটোক অধিক মোহছন্ন কৰি ৰাখিছে । য'ৰ পৰা আমি হয়তো সহজে ওলাই যাব নোৱাৰোঁ । যাৰফলস্বৰূপে চিঠি এখনৰ ধুনীয়া আখৰৰ মাজত সোমাই থকা আবেগ, মৰম ইত্যাদি সমূহৰ কথা আমি অনুভৱ কৰিবলৈ সক্ষম নহওঁ । এইয়া আমাৰ প্ৰজন্মটোৰ বাবে সঁচাকৈয়ে দুখৰ তথা দুৰ্ভাগ্যজনক কথা । কিন্তু ফেচবুকৰ "চিঠি" গোটটোত বহুতো নৱপ্ৰজন্মক চিঠি লিখা আৰু পঢ়া দেখিবলৈ পাওঁ । প্ৰকৃত অৰ্থত এইয়া এক সুন্দৰ বাৰ্তা বুলিব পাৰোঁ । এইক্ষেত্ৰত চিঠি গোটৰ প্ৰতিজন প্ৰকাশক বৃন্দক মোৰ আন্তৰিক ধন্যবাদ জনালোঁ কিয়নো চিঠিৰ অনন্য আমেজ লবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে ।
প্ৰশ্ন:আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
শি:হা:-মই তেনে কোনো ব্যক্তিলৈ চিঠি লিখি পোৱা নাছিলোঁ যদিও শেহতীয়াকৈ চিঠি গোটৰ সন্মানীয় সদস্য তথা মৰমৰ মৌচুমী বৰি বাইদেউলৈ ডাকযোগে লিখি পঠিওৱা মোৰ জীৱনৰ প্ৰথম চিঠি ।অৱশ্যে ডায়েৰীৰ পাতত কেতিয়াবা চিঠিৰ আকাৰে কিবাকিবি লিখো ।
প্ৰশ্ন:প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
শি:হা:-সেইকণ সৌভাগ্য আজিলৈকে হোৱা নাই । এইটো আমেজ হয়তো জীৱনত কাহানিও নাপাম ।
প্ৰশ্ন:- বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
শি:হা: হেৰাই যোৱাৰ কথা কিনো কম , আজিকালি এই কথাটো একেবাৰেই সহজ । কিয়নো, কেৱল চিঠি বুলিয়েই নহয় বহু বস্তু তথা পৰম্পৰা আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই যাবলৈ ধৰিছে । এইক্ষেত্ৰত সময় তথা যুগৰ প্ৰভাৱক দুখ দিলেই নহ'ব । যুগৰ লগে লগেই আমাৰো বহুত অৰিহণা আছে । কিন্তু তাৰমাজতো আমি চিঠি লিখা আৰু পঢ়া পৰম্পৰাটোক হেৰাই যাব নিদিয়াকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব ।আৰু এই প্ৰচেষ্টা আমাৰ পৰাই আৰম্ভ হ'ব লাগিব ।
শিৱপ্ৰসাদ হাজৰিকাৰ বিষয়ে অলপ: তেওঁ বৰ্তমান বৰপেটাৰ সৰভোগত ১২৫ নং চকাবাউসী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে৷তেওঁৰ হবি:-
কিতাপ পঢ়া, গান শুনা, ফটো তোলা, কবিতা শুনাৰ লগতে সকলো সৃষ্টিশীল কামেই তেওঁৰ প্ৰিয় ।
ব্যস্ততাৰ মাজতো সময় উলিয়াই আলাপ শিতানত ভাগ লোৱা বাবে তেওঁলৈ থাকিল বহুতো ধন্যবাদ আৰু কৃতজ্ঞতা ৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
২৩.০২.১৭

Monday 20 February 2017

থোৰতে: পলাশ বৰাৰ স'তে

চিঠিগোটৰ “থোৰতে” শিতান: ফেব্ৰুৱাৰী,২০১৭
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ “থোৰতে” শিতানটি সজাব বিচাৰিছোঁ চিঠিগোটৰ এগৰাকী সন্মানীয় সক্ৰিয় সদস্য পলাশ বৰা দেৱৰ প্ৰশ্নৰ সুন্দৰ উত্তৰেৰে৷ আহকচোন পঢ়ি চাওঁ –
এটা বাক্যত উত্তৰ দিয়ক—
প্ৰশ্ন: আপোনাৰ বাবে জীৱন?
প.ব:- সময়ৰ সমষ্টি৷
প্ৰশ্ন: আপোনাৰ বাবে মৃত্যু?
প.ব:- সত্য৷
প্ৰশ্ন: শব্দ?
প.ব: বিস্ময়৷
প্ৰশ্ন:-কলম?
প.ব:- সৃষ্টিশীলতাৰ প্ৰতীক৷
প্ৰশ্ন:আপোনাৰ বাবে পলাশ বৰা?
প.ব: স্বপ্নাতুৰ ব্যক্তি৷
“থোৰতে” শিতানটিত ভাগলৈ তেখেতে আমাক যি আনন্দ দিলে তাৰবাবেপলাশ বৰাদেৱলৈ বহুতো ধন্যবাদ আৰু অযুত কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ৷

Wednesday 15 February 2017

আলাপ: অৰ্চনা কলিতাৰ স'তে

“আমি অগ্ৰজসকলে বৰ্তমানৰ উঠি অহা প্ৰজন্মক চিঠি লিখাৰ প্ৰতি ধাউতি বঢ়োৱা উচিত l”
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ “আলাপ” শিতানটি সজাব বিচাৰিছোঁ চিঠিগোটৰ এগৰাকী সক্ৰীয় সদস্যা সন্মানীয়া অৰ্চনা কলিতাৰ (অতি মৰমৰ ভন্টী) স’তে৷
প্ৰশ্ন: চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা তোমাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
অ.ক:-অশেষ ধন্যবাদ l
প্ৰশ্ন: সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবা?
অ.ক:-বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ যুগত ফে'চবুক,ৱাটচ এপ,টুইটাৰৰ দিনত বহুতে বগা কাগজ এখিলাত লিখা চিঠিৰ প্ৰয়োজন নাই বুলি ভাবে যদিও মোৰ দৃষ্টিত এতিয়াও চিঠিৰ প্ৰাসংগিকতা আছে l সীমান্তত কৰ্মৰত সেনা জোৱান এজনে বহুদিনৰ বিৰতিত ঘৰলৈ কৰা ফোনকলটোৱে যি আনন্দ দিয়ে তাতকৈ হয়তো বেছি আনন্দ দিয়ে তেওঁৰ বাতৰি পাবলৈ ব্যাকুল হৈ থকা নিৰক্ষৰ পিতৃ-মাতৃ তথা নৱপৰিণীতা পত্নীয়ে যেতিয়া তেওঁ ডাকত পঠিওৱা চিঠিখন পায় l চিঠিৰ মাদকতা বৰ্তমানৰ হাজাৰ উন্নত প্ৰযুক্তিয়েও দিব নোৱাৰে l
প্ৰশ্ন:- তুমি কেতিয়াবা চিঠি লিখিছিলা নে?যদি লিখিছিলা চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাবা নেকি?
অ.ক:-কেতিয়াবা চিঠি লিখিছিল নে বুলি সুধিলে উত্তৰত ক'ব লাগিব হয় লিখিছিলো l মোৰ এগৰাকী সমবয়সীয়া মাহী আছে মাৰ খুৰাকৰ ছোৱালী l আমাৰ দুয়োজনীকে মামাহঁতে বুন্দিয়া -ভূজিয়া বুলি জোকাইছিল l মাহীহঁত নুমলীগড়ৰ ওচৰৰ বিহৰা চাহ বাগিচাত আছিল l বিদ্যালয়ত পঢ়ি থকা দিনত মাহত দুখনমানকৈ চিঠি তেওঁলৈ পঠাইছিলোঁ l চিঠিৰ আৰম্ভণি কৰিছিলো "শ্ৰীহৰি" বা "God is good" বুলি l এতিয়া সেইবোৰ কথা মনত পৰিলে অকলে হাঁহো,নষ্টালজিয়াত ভূগো l যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থী হ'লো টেষ্টৰ পিছত অন্তৰংগ বান্ধৱীলৈ চিঠি লিখিছিলো পঢ়াৰ খা-খবৰ জনাই l বিশ্ববিদ্যালয়ত থাকোতে ফোনৰ সুবিধা আছিল যদিও দেউতাই কুৰিয়াৰত পঠাই দিয়া মাহৰ খৰচৰ টকাকেইটাৰ সৈতে লিখি দিয়া দেউতাৰ হাতৰ আখৰৰ চিঠিখনে আবেগিক কৰি তুলিছিল l
চিঠিৰ জৰিয়তেই চিনাকী হৈছিল হিৰণ্য কাশ্যপ মামাৰ সৈতে l মহাবিদ্যালয়ত পঢ়ি থকা দিনত প্ৰান্তিকত সীমান্ত উপন্যাসেৰে এক সুকীয়া আসন ল'বলৈ সক্ষম হোৱা হিৰণ্য কাশ্যপৰ "সময়" উপন্যাসখন প্ৰকাশ হৈ আছিল l কেইটামান খণ্ড পঢ়িয়েই ইমান আপ্লুত হ'লো যে তেখেতৰ বয়সটো মই নিজে অনুমান কৰি মামা সম্বোধন কৰি “শ্ৰদ্ধাস্পদ মামা” বুলি আৰম্ভ কৰি তেখেতৰ উপন্যাসখন ভাল পোৱা বুলি জনাই উপন্যাসৰ তলত দিয়া ঠিকনাটোলৈ চিঠি এখন পঠাইছিলো l কেইদিনমান পিছত তেখেতে মোৰ হাতৰ আখৰৰ প্ৰশংসা কৰি ইমান সুন্দৰকৈ চিঠিৰ উত্তৰ দিলে যে মই আনন্দত অধীৰ হৈ পৰিছিলো l সেইসময়ত তেখেত তেজপুৰত কৰ্মৰত আছিল l পিছত মই তেজপুৰ বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ যোৱা বুলি চিঠিৰ জৰিয়তেই জানিব পাৰি এদিন হঠাৎ মামীৰ সৈতে তেখেত ছাত্ৰীনিবাসলৈ গৈ মোক লগ ধৰিছিল l লগত এসোপা খোৱা বস্তু l সেয়াই তেখেতৰ সৈতে প্ৰথম চাক্ষুষ সাক্ষাৎ হৈছিল l তাৰপিছত মইও তেখেতসকলৰ তেজপুৰৰ ভাড়া ঘৰলৈ গৈছিলো কেইবাবাৰো l
হিৰণ্য মামাৰ সৈতে হোৱা চিঠিৰ আদান -প্ৰদানৰ জৰিয়তে যথেষ্ট উপকৃত হৈছিলো l তেখেতৰ পৰাই শ্ৰদ্ধেয় ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলো l বানান সম্পৰ্কে খুব সচেতন মামাৰ কাৰণেই মইও শুদ্ধকৈ বানান লিখিবলৈ চেষ্টা কৰিলো নহ'লে যে তেখেতৰ ওচৰত লাজ পাম !
মই তেজপুৰ বিশ্ববিদ্যালয়ত থাকোতেই তেখেত সপৰিয়ালে ভাড়া ঘৰ এৰি ডিব্ৰুগড়ৰ নিজৰ ঘৰলৈ গ'ল l চিঠিৰ যোগাযোগ কিছু কমিল যদিও ডিব্ৰুগড়ৰ ঠিকনাতো চেগা চোৰোকাকৈ চিঠি পঠাইছিলো l মোৰ বিয়াৰ পিছত সংসাৰী হৈ চিঠি লিখাটো বন্ধই হ'ল যদিও এতিয়াও ফোনেৰে মাজে সময়ে খা-খবৰ লওঁ l তেখেতৰ “সময়” উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ হওঁতে পাতনিত মোৰ কথাও লিখিছিল l
তেখেতে চকু ফুৰাই দিয়া কাৰণে প্ৰান্তিকত মোৰ এবাৰ দৈনন্দিন এটাও ওলাইছিল l লিখিবলৈ মোক খুব উৎসাহিত কৰিছিল l
প্ৰশ্ন:-প্ৰেমাস্পদলৈ চিঠি লিখিছিলা নে?
অ:ক:-প্ৰেমাস্পদ নাছিল যিহেতু চিঠি লিখাৰ আমেজ নাপালো l কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মান্সিকত নৱাগত হৈ যাওঁতে বিভাগৰ ছিনিয়ৰ দাদা-বাইদেউ হঁতে পতা নীলা খামৰ চিঠি প্ৰতিযোগিতাত কাল্পনিক প্ৰেমিকলৈ চিঠি লিখি প্ৰথম পুৰস্কাৰ পাইছিলোঁ l
প্ৰশ্ন:- বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে তুমি কি বুলি ভাবা?
অ:ক:-হয়,বৰ্তমান ব্যক্তিগত চিঠি লিখাৰ অভ্যাসটো মানুহৰ কমি যোৱা যেন লাগিছে l কিন্তু মই ভাবো আমি অগ্ৰজসকলে বৰ্তমানৰ উঠি অহা প্ৰজন্মক চিঠি লিখাৰ প্ৰতি ধাউতি বঢ়োৱা উচিত l সুন্দৰ হাতৰ আখৰেৰে গোট গোটকৈ নীলা বা ক'লা চিয়াহীৰে লিখা চিঠিবোৰে যি আবেগ -অনুভূতি কঢ়িয়াই আনে সেয়া sms বা ফে'চবুকৰ কথা বতৰাই দিব নোৱাৰে l চিঠিৰ দিনবোৰলৈ উভতি যোৱাৰ সুযোগ দিয়া কাৰণে চিঠি গোটক অশেষ ধন্যবাদ l

অৰ্চনা কলিতা ভন্টিৰ বিষয়ে অকনমান: ২০০৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ “সংস্কৃতি অধ্যয়ন” বিভাগৰ পৰা স্নাতকোত্তৰ শিক্ষা সাং কৰি বৰ্তমান ইউ.জি.চিৰ ছিনিয়ৰ ৰিচাৰ্চ ফেল' হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগত গৱেষণা কৰি আছে l বিষয় -Women in Assamese folk literature:a study on Nalbari district and Barpeta district of Assam. তেখেত সাত বছৰীয়া ল'ৰা এটাৰ মাতৃ l বৰ্তমান নলবাৰীৰ বাসিন্দা l স্বামী দ্বিজেন তামুলী l পি.এইচ.ডি.ত জইন কৰাৰ আগতে চাৰে পাঁচ বছৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনত ব্লক প্ৰগেম মেনেজাৰ হিচাপে বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল l
বহুমূলীয়া সময় খৰচ কৰি আলাপ শিতানত ভাগ লৈ তেখেতে আমাক যি আনন্দ দিলে তাৰবাবে বহুতো ধন্যবাদ আৰু অযুত কৃতজ্ঞতাৰ শৰাই আগবঢ়ালোঁ৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
১৫/০২/১৭

Tuesday 14 February 2017

মৰমৰ হৃদয় : দেৱাশ্ৰী বৰগোহাঁই

প্ৰেমৰ দিনত প্ৰেমৰ নামত এটা repost
মৰমৰ
হৃদয়
কেনে আছা ? য’তেই আছা কুশলে আছা নিশ্চয় ? কেতিয়াবা সময়ে ডেউকা কোৱাই তোমাৰ পৰা মোক উৰুৱাই নিব খোজে বহু দূৰলৈ । স্মৃতিৰ আঁচল খামুচি ৰৈ যাওঁ সেই বিশেষ দিনটোতে তোমাৰ বাবে । বৈ যোৱা সময়ৰ মইজনীক কেতিয়াবা বিচৰা নে তুমি ? এবাৰো চাবলৈ মন নাযায় নে তোমাৰ জীউক ? জীউ ডাঙৰ হৈ আহিছে । কৈশোৰিক জিজ্ঞাসাৰে আজিকালি তাই প্ৰশ্নৰ ভাণ্ডাৰ । কিছুমান প্ৰশ্নৰ উত্তৰ ওলায় আৰু কিছুমান প্ৰশ্ন হৈয়ে ৰৈ যায় । সিদিনা কথাৰ মাজতে সুধিলে মা প্ৰেম মানে কি ? কেনেকৈ হয় প্ৰেম ? কেনেকৈ গম পাই প্ৰেম হ’লে ? মই উত্তৰ দিবলৈ গৈয়ো ৰৈ গ’লো । প্ৰেম… সৰ্বময়কৰ্তাৰ শ্ৰেষ্ঠতম সৃষ্টি প্ৰেমক জানো ব্যাখা কৰিব পাৰি ? জীৱনৰ মধুৰতম অনুভৱ প্ৰেমক জানো এটা সংজ্ঞাৰে বান্ধিব পাৰি ? প্ৰেম যে প্ৰেৰণাৰ বোঁৱতী নৈ । এটা হেপাঁহ জীৱনৰ । এক আকুলতা, এটি বিশ্বাস । সৰাপাতৰ গুণগুননি । হাঁহি আৰু অশ্ৰুৰ খলা-বমা বাট । অন্তহীন প্ৰতীক্ষাৰ নাম প্ৰেম । কাৰোবাৰ পৰা পোৱা অকনমান আবদাৰ, অকনমান মৰম, অলপমান প্ৰশ্ৰয়ৰ নাম প্ৰেম । কোনোদিনে নকৰা কাম কৰিবলৈ প্ৰ্কাশ কৰা ইচ্ছাৰ নাম যে প্ৰেম । এগছ কুটা দুগছ নকৰাৰ বদনামক ওফৰাই পেলাব পৰা শক্তিয়েই প্ৰেম । কেতিয়াও নেদেখা নুশুনা বিবিধ ব্যঞ্জনেৰে টেবুল উপচায় পেলোৱাৰ আগ্ৰহৰ নাম প্ৰেম । পুৰণি মেছেজবোৰকে বাৰে বাৰে পঢ়াৰ নাম প্ৰেম । এটা বিশেষ কণ্ঠৰ প্ৰতীক্ষাত ৰাতিটো দীঘল কৰাৰ নাম প্ৰেম । কাৰোবাৰ ভাৱনাত আঞ্জাত নিমখ দুবাৰ দিয়া বা দিবলৈ পাহৰি যোৱাই যে প্ৰেম । আপোনজনৰ বাবেই কৰাৰ নৱবধু ৰূপী শৃংগাৰেই প্ৰেম । অধীৰ অপেক্ষাৰ অন্তত প্ৰিয়জনৰ দুচকুত দুচকু থৈ দুগাললৈ বৈ অহা এসোঁতা তপত তেজৰ নাম প্ৰেম । প্ৰেম যে এটি প্ৰাৰ্থনা, কাৰোবাৰ ওপৰত কৰা অভিমান-অধিকাৰ । প্ৰেম এডাল সাঁকো; তোমাৰ পৰা মোলৈ, মোৰ পৰা তোমালৈ । সোনোৱালী জীৱনৰ ৰূপোৱালী পানচৈ । অপ্ৰাপ্তিৰ মাজৰ প্ৰাপ্তিৰ এক আভাস । জীৱনৰ অষ্ট:ৰাগ ।
 ৰাতি বহুত হ’ল । তুমি চাগে আমনিয়ে পাইছা । আজিলৈ সামৰোঁ । বতাহীৰ বোকোছাত পঠিওৱা মৰমবোৰ সামৰি ল’বা । কুশলে থাকা ।
ইতি
তোমাৰ মৌ

Monday 13 February 2017

থোৰতে:ৰীতা দত্ত চৌধুৰীৰ স'তে

চিঠিগোটৰ “থোৰতে” শিতান:ফেব্ৰুৱাৰী,২০১৭
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ “থোৰতে” শিতানটি সজাব খুজিছোঁ কবি সুলেখিকা চিঠিগোটৰ এগৰাকী সক্ৰীয় সদস্যা সন্মানীয়া ৰীতা দত্ত চৌধুৰীৰ সৈতে --
এটা বাক্যত উত্তৰ দিয়ক —
প্ৰশ্ন: জীৱন?
ৰী দ::- অবিৰত যাত্ৰা
প্ৰশ্ন:মৃত্যু?
ৰী দ::- নিষ্ঠুৰ সত্য
প্ৰশ্ন: প্ৰেম?
ৰী দ::- জীৱনে দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ
প্ৰশ্ন: শব্দ?
ৰী দ::- মোৰ পৰা তোমালৈ এখন সাকোঁ
প্ৰশ্ন:- কলম?
ৰী:দ:- শক্তিশালী অস্ত্ৰ
প্ৰশ্ন:- আপোনাৰ বাবে ৰীতা দত্ত চৌধুৰী ?
ৰী:দ:- এটি ধূলিকনা মাথোঁ
ব্যস্ততাৰ মাজতো সময় উলিয়াই প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ দি আমাক আনন্দ দিয়াৰ বাবে আপোনালৈ থাকিল অযুত কৃতজ্ঞতাৰ শৰাই--

Friday 10 February 2017

আলাপ:দেৱৰাজ কলিতাৰ স'তে

"আমি এই চিঠি গোটৰ জৰিয়তে আগৰ সেই চিঠি লিখাৰ ধাৰাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰাটো নিশ্চয় এটা ভাল প্ৰচেষ্টা বুলিয়েই ভাৱো।"
জীৱন যুঁজৰ এগৰাকী অক্লান্ত যুদ্ধা, যি জনে কেঞ্চাৰৰ দৰে দুৰাৰোগ্য বেমাৰকো অসীম মনোবলেৰে জয় কৰি সকলোৰে আদৰ্শ হৈ পৰিছে সেই গৰাকী সাহসী বীৰ পুৰুষ সন্মানীয় শ্ৰীযুত দেৱৰাজ কলিতা ককাইদেউৰ স’তে আজিৰ আলাপ শিতান সজাবলৈ আগবাঢ়িছোঁ৷তেওঁ বৰ্তমান স্বাস্থ্যজনিত কাৰণত অসুস্থ৷তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷
তেখেতলৈ আগবঢ়োৱা প্ৰশ্ন আৰু উত্তৰ ---
প্ৰশ্ন: (১) আপুনি সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাৱে?
উত্তৰ: ধন্যবাদ মৌচুমী ।সাম্প্ৰতিক কাল বুলিয়েই নহয় মই ভাবোঁ চিঠিৰ প্ৰাসংগিকতা আগতেও আছিল আৰু এতিয়াও আছে ।হয়তো যুগৰ পৰিবৰ্তনৰ লগে লগে সকলো কথা কামৰ যিদৰে পৰিবৰ্তন হৈছে যিটো আমি মানি লৈছো একেদৰেই চিঠি লিখা বা চিঠি যোগাযোগৰ পৰিবৰ্তনো আমি মানি লবলৈ বাধ্য হৈছো ।
আগতে ৰেডিঅ যিদৰে এটা সুন্দৰ মনোৰঞ্জনৰ মাধ্যম আছিল লগতে দেশ বিদেশৰ সকলো খবৰ পোৱাৰ মাধ্যম আছিল কিন্তু তাৰ ঠাইত দূৰদৰ্শন আহিল যদিও আজিও ৰেডিঅৰ যিটো স্বকীয়তা বা মৰ্যদা বৰ্তি আছে আৰু কবলৈ গলে আজিকালি মানুহে হাতে হাতে ৰেদিঅ লৈ শুনি ফুৰাৰ দৰেই হৈছে কাৰণ প্ৰতিটো মবাইল বা গাড়ীৰ টেপত এফ এম ৰেডিঅ বা স্থানীয় ৰেডিঅ বাজি থাকে ।গতিকে একেদৰে চিঠিৰো প্ৰাসংগিকতা সদায়ে আছে আৰু থাকিব বুলি ভাবো।
প্ৰশ্ন:(২) আপুনি কেতিয়াবা চিঠি লিখিছিলনে? যদিহে লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা আৰু স্মৃতি জনাব নেকি?
উত্তৰ: বৰ ভাল প্ৰশ্ন।হয় মই প্ৰাইমাৰী স্কুলত থাকোতেই চিঠিৰ আৰ্হি জানিছিলো আৰু চিঠি লিখিছিলো ।হয়তো সকলোৱে মোৰ দৰে লিখিছিল ।কিন্তু চিঠি লিখি পোষ্ট কৰা অভিজ্ঞতা মই লাভ কৰিছিলো মোৰ মামাৰ পৰা।চাকৰি সূত্ৰে মামা ঘৰৰ পৰা অসমৰ বিভিন্ন দূৰৰ ঠাইত আছিল বাবে সেই সময়ত মামাৰ লগত আমাৰ যোগাযোগৰ সুন্দৰ মাধ্যম আছিল চিঠি। পোষ্ট কাৰ্ড ,ইনলেন্দ কাৰ্ড আৰু এনভেলপত চিঠি পোষ্ট কৰিছিলো ।সেইয়াই আছিল চিঠি লিখাৰ সুন্দৰ অভিজ্ঞতা আৰু আৰম্ভণি ।তাৰ আনন্দই সুকীয়া আছিল ।পিছলৈ জনা বুজা হোৱাৰ পিছত দূৰত থকা বন্ধু বান্ধৱলৈ চিঠি লিখা হলো।তাৰ পিছত গাৱঁৰ পৰা কলেজত অহাৰ পিছত বিভিন্ন জনলৈ চিঠি লিখা হলো ।তাৰ পিছত চাকৰি সূত্ৰে চিলঙত থকাৰ পিছত বিভিন্ন বন্ধু-বান্ধৱীলৈ লগতে ঘৰলৈ চিঠি লিখিছিলো ।তাৰ পিছত লৰা ছোৱালীৰ চিকিৎসা আৰু শেষত নিজৰ চিকিৎসাৰ বাবে অসমৰ বাহিৰত মাহৰ পিছত মাহ ধৰি থাকিব লগীয়া হোৱাতো বিভিন্ন জনলৈ চিঠি লিখাৰ সুন্দৰ অভিজ্ঞতা আৰু স্মৃতি আজিও মানস পটত বিৰাজ মান হৈ আছে ।সেই সময় বোৰত ফোনৰ যোগাযোগ তেনেকৈ নাছিল ।আনহাতে টেলিগ্ৰাম বা ফোনত ট্ৰাংক কল কৰা পদ্ধতি আছিল।চিঠি লিখি পোষ্ট কৰা আৰু তাৰ উত্তৰ পাবলৈ অপেক্ষা কৰাৰ যি মাদকতা তাৰ অনুভৱ আজিও মনত আছে । মই চিঠি লিখি বৰ ভাল পাইছিলো আৰু বিভিন্ন ধৰণে নিজৰ আদব কায়দাৰে চিন্তা কৰি চিঠি লিখাৰ কৌশল অৰ্জন কৰিছিলো আনকি লিখিব নজনা জনকো তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি চিঠি লিখি দিছিলো ।মই নিজৰ চিকিৎসাৰ বাবে ১৯৯৬ চনৰ পৰা ২০০৫ চনলৈ সুদীৰ্ঘ কাল মাহৰ পিছত মাহ চেন্নাইত থাকোতে ঘৰলৈ পুত্ৰ পৰিবাৰক উদ্দেশ্য কৰি লিখা চিঠিবোৰ সংৰক্ষণ কৰি কিতাপৰ আকাৰত জীৱন কথাৰ মাজতে ৰাখি থৈছো।
প্ৰশ্ন:(৩) প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
উত্তৰ: মই সৰুৰে পৰা সকলো ফালে সতৰ্ক আছিলো আৰু মামাক খুবেই ভয় কৰিছিলো যিহেতু মামাৰ ঘৰতে আছিলো ।গতিকে প্ৰেম নাছিল যদিও মই স্কুলীয়া জীৱনত হাঁহৰ ওপৰত শিয়াল ৰজা হোৱাৰ দৰেই প্ৰতিটো শ্ৰেণীত প্ৰথম ল’ৰা(ছাত্ৰ)আছিলো বাবে শিক্ষক বা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰা মৰম সন্মান পাইছিলো ।মোৰ লগত একেটা শ্ৰেণীত চাৰিজনী পাঁচজনী ছোৱালী আছিল আৰু সকলোৰে মোৰ প্ৰতি মৰম ভাৱ আছিল যদিও আমাৰ মনত প্ৰেমৰ সংজ্ঞা কি আছিল নাজানো ।কিন্তু এজনী ছোৱালীৰ মোৰ প্ৰতি কিবা হয়তো মনত ভাৱ আছিল আৰু মোলৈ চোৰাং ভাৱে চিঠি এখন লিখি মোৰ কিতাপৰ মাজত পঠিয়াই দিছিল।এইখন চিঠিৰ কথা মই চিঠি গোটত আৰম্ভণিতে কৈছিলো আৰু লিখিছিলো ।তেতিয়া আমি নৱম দশম শ্ৰেণীৰ ছাত্ৰ আছিলো ।সেইজনী ছোৱালীক দশম শ্ৰেণীতেই অভিভাৱকে বিয়া দিছিল ।আমাৰ তেতিয়া এইবোৰ কথা ভাৱিবলৈ ক্ষমতা নাছিল ।প্ৰেমৰ চিঠি লিখাৰ অভ্যাস নাই বুলি কলে ভুল হব৷ চিঠি লিখিছিলো কিন্তু সেইবোৰ স্থায়ী নাছিল ।মৰমৰ ভাৱ বিনিময়ত লিখা মনৰ ভাৱ আছিল।
প্ৰশ্ন:(৪) বৰ্তমান অফিচ কাছাৰীৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা চিঠি হেৰাই যোৱাৰ পথত --এই বিষয়ে আপুনি কি কয়?
উত্তৰ: কথাটো একেবাৰে মিছা নহয় ।আজিকালি নতুন প্ৰযুক্তিবিদ্যাৰ দিনত আগৰ সেই হাতে লিখা চিঠিৰ দিন যেন নাইকীয়া হোৱাৰ পথত।মবাইল আৰু কম্পিউটাৰৰ বাবে হাতে লিখা চিঠি এতিয়া যেন ই-মেইল আৰু মেছেজলৈ পৰিবৰ্তন হল।আগৰ হাতেৰে লিখা যিকোনো চিঠি আজিকালি যেন নোহোৱা হল।আনকি অফিচৰ চিঠিও ডি টি পি কৰি প্ৰিন্ট আউত কৰি প্ৰেৰণ কৰা হল। কিন্তু আজিও হয়তো পুৰণি চামে হাতে লিখা চিঠিৰ মাদকতা পাহৰিব পৰা নাই । মই আজিও হাতেৰে যিকোনো চিঠি লিখাটো বৰ পচন্দ কৰো। আমি এই চিঠি গোটৰ জৰিয়তে আগৰ সেই চিঠি লিখাৰ ধাৰাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰাটো নিশ্চয় এটা ভাল প্ৰচেষ্টা বুলিয়েই ভাৱো।চিঠি গোটৰ সমূহ সদস্য লৈ আমাৰ শুভকামনা থাকিল।আমাৰ শৰীৰ বৰ ভাল নাই তথাপিও ভন্টি মৌচুমী বৰিৰ প্ৰশ্ন খিনিৰ উত্তৰ দিবলৈ প্ৰয়াস কৰোতে কিবা যদিহে অজানিতে ভুল হল সকলোৱে নিজ গুণে শুধৰাই ললে ভাল পাম।
অসুস্থতাৰ মাজতো মনোবল অটুত ৰাখি সময় উলিয়াই আলাপ শিতানৰ প্ৰশ্নকেইটাৰ উত্তৰ ইমান ধুনীয়াকৈ দিয়াৰ বাবে ককাইদেউলৈ থাকিল অন্তৰভৰা শুভেচ্ছা,আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
১০.০২.১৭

Wednesday 8 February 2017

থোৰতে: অনুপমা বৰগোহাঁইৰ স'তে

চিটিগোটৰ "থোৰতে" শিতান : ফেব্ৰুৱাৰী,২০১৭
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ চিঠিগোটৰ "থোৰতে" শিতান সজাবলৈ আগবাঢ়িছোঁ আমাৰ চিঠিগোটৰ সন্মানীয়া প্ৰশাসক তথা সুলেখিকা (মোৰ খুউব মৰমৰ বা) অনুপমা বৰগোহাঁই বাৰ কথাৰে৷আহকচোন পঢ়ি চাওঁ -- :)
এটা বাক্যত উত্তৰ দিয়ক -
1) জীৱন?
অ.ব:- এক নতুন যাত্ৰাৰ আৰম্ভণি
2)মৃত্যু?
অ.ব: এটা যাত্ৰাৰ সামৰণি
3)প্ৰেম?
অ.ব:- জীৱনৰ সঞ্জীৱণী
4)শব্দ?
অ.ব: ব্ৰক্ষ্ম
5) কলম?
অ.ব: সংগী
6) আপোনাৰ বাবে অনুপমা বৰগোহাঁই?
অ.ব: বুদ্ধিসত্বা
ব্যস্ততাৰ মাজতো সময় উলিয়াই প্ৰশ্নৰ উত্তৰবোৰ চুটিকৈ দি আমাক যি আনন্দ দিলে -- মৰমৰ বালৈ থাকিল অযুত কৃতজ্ঞতাৰ শৰাই---
Anupama Borgohain Sarada Shrestha

Monday 6 February 2017

মৰমৰ মৌ বা : পৰী পাৰবিন

মৰমৰ মৌ বা,
Mousumee Bori)
বহুত বহুত মৰমেৰে তোমাৰ লগত কথা পাতিম বুলি কী-বৰ্ডত আঙুলি বুলাইছো । তোমাৰ চিঠি পোৱা কেবাদিনো হ’ল ।কিন্তু কি যে আপদীয়া ব্যস্ততা কিছুমানৰ মাজত পৰি তোমালৈ কিবা এষাৰ লিখিবলৈকে সময় মিলাব নোৱাৰা হ’লো । জানানে, মই যেতিয়া Human resource management পঢ়িছিলো, তেতিয়াই Time management ৰ কথাও শিকিছিলো । আৰু মোৰ ব্যৱহাৰিক জীৱনত ই বৰকৈ কাম দিছিল । ৰুটিনমতে মোৰ কামবোৰ চলি আছিল । কিন্তু কেইদিনমানৰ পৰা কি হৈছে জানো ? উপৰা উপৰিকৈ বহুত কাম লেটিযাই লোৱাৰ কাৰণেই হয়তো ঘড়ীৰ কাঁটাত কাম বান্ধিও শেষ কৰিব পৰাগৈ নাই ।
কালি এটা জমনি হ’ল নহয় ? কাকো কোৱা নাই , তোমাকে কওঁ (বেছিকৈ নাহাঁহিবা পিছে) । ৰাতি শোৱাৰ সময়ত ব্ৰাছ কৰো বুলি টুথব্ৰাছত পেষ্ট লগাই ব্ৰাছ কৰিবলৈ ল’লো । কিবা বেলেগ এটা গোন্ধ আৰু সোৱাদ পাই মই পেষ্টটো চালো । কি আছিল জানানে ? Sensodyne ৰ কাগজৰ পেকেটটোত মোৰ কচুগুটি সৰুপুত্ৰই জনচনৰ বেবীক্ৰীমটো ভৰাই থৈছিল । অন্যমনস্কতাৰ ফলত মোৰো চোৱা নহ’ল । মনে মনে বৰ লাজ পালোঁ জানানে ?
দুদিনীয়া ছুটিৰে মই আমাৰ স্কুলৰ মহাৰজত জয়ন্তী ভালকৈয়ে উপভোগ কৰিলো । এক কিলোমিটাৰো খোজ কাঢ়িবলৈ টান পোৱা মইজনীয়ে শো্ভাযা্ত্ৰাত অংশ লৈ চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়িলো । বিশবছৰৰ মূৰত যে আটাইকে লগ পালো, তেনে যেন নালাগিলেই । ছোৱালীবোৰ এতিয়াও যেন সেই বগা ফ্ৰক পিন্ধা পখিলীজনীয়ে হৈ আছে, এনে লাগিল । লগ পায়েই উচুপিলে কুন্তলাই । সাৱট মাৰি ধৰিলে সুজাতাবায়ে, আঁকোৱালি ললে জিন্তীবায়ে । আৰু কিমানৰ নাম কম কোৱা ।কৈ কৈ শেষ নহ’ব । দ্বিতীয় দিনা আছিল প্ৰাক্তন ছাত্ৰী সমাৰোহ । ১৯৪৩ তে মেট্ৰিক দিয়া প্ৰথম বেটচৰ পৰা এতিয়ালৈকে হাজাৰজনী ৰঙীন পখিলাৰে সিদিনা স্কুল প্ৰাংগণ উলাহে নধৰা । বৰ ভাল লাগিল জানানে ? এটা কথা নতুনকৈ উপলদ্ধি হ’ল ব্যক্তিত্ব গঠনত আমাৰ বিদ্যালয়ৰ ভূমিকা অনন্য আছিল । অ আ ক খ নতুবা জমা খৰচৰ অংক কৰিয়েই যে চহৰৰ মাজমজিয়াৰ সপোনৰ স্কুলখনলৈ দেউতাই লৈ গৈছিল । মোৰ দুবেগেতীয়া ককাঁলৰ জোখ লৈ মায়ে সী দিয়া বগা ফ্ৰকটো, ৰঙা পেটি, ৰঙা ফিটা সকলো চকুৰ আগলৈ আহি গ’ল । বিদ্যালয় সপ্তাহৰ মঞ্চত সেয়া যেন সত্ৰীয়া নৃত্যৰ মুদ্ৰাত শাৰদী, মধুৰ গানেৰে চৌপাশ ৰজনজনাই যোৱা সংগীতাৰ কন্ঠ, তৰ্ক প্ৰতিযোগিতাত বলিষ্ঠ যুক্তিৰে প্ৰতি বছৰৰ খিতাপ নিজৰ হাতলৈ নিয়া জিন্তীবা ।
বৰ আবেগিক হৈ পৰিলো মই । এইখন বিদ্যালয়তে আমি শৈশৱ এৰি কৈশোৰ পাইছিলো । কৈশোৰ মানেই যেন কল্পজগতত পৰিধিবিহীন বিচৰণ । মেট্ৰিক দি কলেজত ভৰি দিলো । জীৱনটো সগৰ্ভা হোৱাই নাছিল মৌবা, অকালতে অযোজন শীতলতাত যেতিয়া কোনো বান্ধৱীৰ উম নাছিল, তেতিয়াও এই বিদ্যালয়ৰ প্ৰতিটো কথাই প্ৰেৰণা দিছিল । নিৰ্মোহ জটিল বাস্তৱ নতুবা নাৰীত্বৰ অবদমন- সকলোতে মই থিয় হৈ ৰৈছিলো, কাৰণ মোৰ সিৰাই সিৰাই বৈ আছিল সেই শোণিত, মানৱতাৰ গোন্ধ থকা সেই শোণিত । নাৰী-পুৰুষৰ ভেদাভেদ পাহৰি যি শোণিতে অকল জীৱনৰ বাণীকে কঢ়িয়ায় ।
এই মৌবা, বহুত লিখিলো । পঢ়ি পঢ়ি তুমি কলমতিয়াই থাকিবা । কথা ক’বলৈ পালে তোমাৰ পৰীজনীক একোকে নালাগে । তোমাক যে লগ পাইছিলো । বৰ ভাল লাগিছিল । আধাঘন্টাৰ বাবেহে মাথোঁ পাইছিলো । সেই আধাঘন্টাও মোৰ জীৱনৰ মধুৰতম সময়ৰ ডায়েৰীত লিপিবদ্ধ হৈ ৰ’ল । হোমেন বৰগোঁহাইদেৱে যে “মধুৰতম সময়”ত লিখিছিল, জীৱনৰ কেইটামান মধুৰতম সময়ৰ বাবেহে আমি জীয়াই থাকো বুলি ।
আজিলৈ আহোঁ দিয়া । আকৌ লগ পাম, ক’ৰবাত বহি খাম , আঙুলিমূৰত গণিম মধুময় সময় ।
বহুত বহুত মৰমেৰে
তোমাৰ ভন্তী
“পৰী পাৰবীন”
ডিব্ৰুগড়
6/2/2017

Sunday 5 February 2017

এজন পিতৃৰ চিঠি : দেৱাশ্ৰী বৰগোহাঁই

পিতৃ-কন্যা সম্বন্ধটো সদায়ে সুকীয়া । প্ৰতিজনী ছোৱালীৰে প্ৰথম ভালপোৱা মানুহজন দেউতাক । প্ৰতিজনী ছোৱালীয়ে কামনা কৰে তাইৰ হ’বলগীয়া স্বামী দেউতাকৰ দৰে হওক । কন্যাৰ বিবাহৰ সময়ত হয়তো সৱাতকৈ হৃদয় দেউতাকৰে দহে । তেনে এগৰাকী পিতৃ কিৰ্ক ফ্লেংক্লিনৰ ইন্টাৰনেটত উপলব্ধ এখন চিঠিৰ ভাৱানুবাদ আপোনালোকৰ হাতত আলফুলে তুলি দিলো ।
আজি মোৰ কণমানিজনীয়ে নতুন জীৱনটোৰ পাতনি মেলিবলৈ ওলাইছে । আৰু মই যোৱা ডেৰ ঘন্টা জুৰি হাতত কলমটো ধৰি ইয়াত বহি আছো । এবাৰ কান্দিছো, এবাৰ হাঁহিছো, কণমানিজনীক বিদায় দিয়াৰ বিফল প্ৰস্তুতি চলাইছো । কিছুসময়ৰ পাছতে মই তাইৰ হাতত ধৰি বিবাহ মণ্ডপলৈ নামি যাম আৰু বিবাহৰ আনুষ্ঠানিকতা ঘোষণা কৰিম । কিয়? কাৰণ মই মোৰ কণমানিজনীৰ বাবে যিকোনো কামেই কৰিব পাৰো । তাই দেউতাক আবদাৰ দিছে । দেউতাকে কেনেদৰে না কৰিব পাৰে । মই প্ৰাৰ্থনা কৰিছো সেই সময়ত মই নিজকে মূৰ্খ সজাৰ বৃথা চেষ্টা বাদ দি কথা কোৱাতকৈ বেছি কান্দি উঠিম । হে ভগৱান, তাইক মোৰ বুকুৰ পৰা আঁতৰাই পঠিওৱা যে কিমান কঠিন । মই যদি তাইক মোৰ কণমানিজনী কৰিয়ে ৰাখিব পাৰিলোহেঁতেন, আজীৱন । মই জানো এইয়া চূড়ান্ত স্বাৰ্থপৰতা । কিন্তু এই মূহুৰ্তত মই মনে প্ৰাণে তাৰে কামনা কৰো । এই যেন আমি তিনিচকীয়া চাইকেলখন চলাম, স্কুলৰ বাস্কেটবল টুৰ্ণামেন্টত চিঞৰিম, তাইৰ প্ৰিয় চিনেমাখন চাম বাৰে বাৰে…কেৱল তাই আৰু মই । আস্! কি যে এক মৃত্যুসম যাতনা । তাই হয়তো এই লৈ কোনো ধাৰনা কৰিব পৰা নাই । কাৰণ তাই যে দেউতাক নহয় । মই এজন গৰ্বিত পিতৃ । আশাকৰো এজন ভাল পিতাও হ’ব পাৰিছো । তোমাৰ স্বামীলৈ মোৰ মৰম আৰু গৰ্ব দুয়োটাই আছে । কিছু ইৰ্ষাম্বিত যদিও গৰ্বিত । এতিয়াৰ পৰা তোমাৰ জীৱনৰ প্ৰতিটো খোজতে তেওঁ প্ৰথম প্ৰাধন্য পাব । সেই বিষয়ত সহজ হ’বলৈ মই পাৰ্যমানে যত্ন কৰিম । সদায়ে ছবিবোৰ ৰৈ যায় সময়ৰ বুকুত, মানুহ নৰয় । মানুহবোৰ গৈ থাকে আৰু এদিন নতুন ঠিকনা বিচাৰি লয় । তোমাৰ নতুন জীৱনটোৰ লগত খোজ মিলাবলৈ মই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম…কিন্তু অনুগ্ৰহ কৰি তুমিও তোমাৰ জীৱনৰ কোনোবা এটি কোনত মোক সামৰি থ’বা । সদায়ে দেউতাৰ কণমানিজনী হৈ থাকিবা ।
এজনী ছোৱালীৰ পিতৃ

Saturday 4 February 2017

থোৰতে:সুব্ৰতা গোস্বামীৰ স'তে

সন্মানীয় সদস্যবৃন্দ, চিঠিগোটৰ সজীৱতাৰ প্ৰতি লক্ষ্য ৰাখি এটি কণমানি শিতান খুলিবলৈ মন মেলিছোঁ৷ "থোৰতে" শিতানটিৰ বাবে কেইটিমান প্ৰশ্ন আগবঢ়াইছিলোঁ চিঠিগোটৰে এগৰাকী সন্মানীয়া সদস্যা সুব্ৰতা গোস্বামীলৈ৷ তাই খুব আনন্দেৰে প্ৰশ্ন কেইটিৰ উত্তৰ আগবঢ়ালে যিমান পাৰি চুটিকৈ.....
এটা বাক্যত উত্তৰ দিয়া --
প্ৰশ্ন: জীৱন?
সু.গো:-এখনি বোৱতী নৈ
প্ৰশ্ন:মৃত্যু?
সু.গো:-নিৰ্মম বাস্তৱ
প্ৰশ্ন: প্ৰেম?
সু.গো:সহজলভ্য অথবা দুৰ্বোধ্য
প্ৰশ্ন: শব্দ?
সু.গো:মূল চালিকা শক্তি
প্ৰশ্ন:-কলম?
সু.গো: ভাৱবোধক
প্ৰশ্ন: তোমাৰ বাবে সুব্ৰতা গোস্বামী?
সু.গো:আনে ক'ব দিয়ক,মই নাজানো যে

মৰমৰ মৌচুমী : সত্যেন্দ্ৰ বৰদলৈ

বিহপুৰীয়া
০৪/০১/২০১৭
মৰমৰ মৌচুমী
মৰম ল’বাঁ ৷ বাকী সকলোকে মোৰ শ্ৰদ্ধা তথা মৰম মান্যানুসাৰে জনাবাঁ ৷ আশাকৰোঁ তোমাৰ তথা গোটৰ সকলোৰে মঙ্গল ৷ মোৰো একপ্ৰকাৰ ৷
তোমাৰ চিঠি পোৱা ভালেদিন হ’ল যদিও উত্তৰ লিখিবলৈ পাহৰি আছিলোঁ ৷ আজি মনত পৰোঁতেই লিখিবলৈ বহিছোঁ ৷ পলম হোৱাৰ বাবে বেয়া নিশ্চয় নোপোৱাঁ ৷
তুমি যিটো প্ৰশ্নৰ উত্তৰ বিচাৰি মোলৈ লিখিছিলাঁ, তাৰ উত্তৰ দিয়াটো মোৰ বাবে বৰ জটিল ৷ সৰুৰে পৰা এতিয়ালৈকে ভালেমান কিতাপেই পঢ়িছোঁ আৰু মোৰ আজিৰ ৰূপটো কিতাপেই গঢ়ি তুলিছে ৷ তোমাক আগতেও কৈছিলোঁ যে কিতাপৰ বাহিৰে মোৰ কোনো অন্তৰংগ বন্ধু নাই ৷ কিতাপেই মোৰ অভিভাবক, বন্ধু, প্ৰেমিকা, সন্তান --- সকলো ৷ হয়তো মোৰ বিব্লিয়’মেনিয়া আছে , যাৰ বাবে কামত নহা কিতাপখনো পেলাই দিব নোৱাৰোঁ ৷
তুমি সুধিছিলাঁ মোৰ ওপৰত প্ৰভাৱ পেলোৱা তিনিখন কিতাপৰ কথা ৷ ইয়াৰ উত্তৰত প্ৰথমেই নাম ল’ব লাগিব গান্ধীজীৰ আত্মজীৱনী " মোৰ সত্য অন্বেষণৰ কাহিনী " ৰ ৷ মহাত্মা গান্ধীক মই বৰ সৰুৰেপৰা মোৰ আদৰ্শ ব্যক্তি হিচাপে লৈছিলোঁ ৷ বৰ্তমান আগৰ ধাৰণাৰ পৰিৱৰ্তন হ’লেও তেখেতৰ আত্মজীৱনীয়ে মোক মোহাবিষ্ট কৰি ৰাখিছে ৷ জীৱন যুদ্ধত গান্ধীজীৰ বাণীয়ে সাহস আৰু প্ৰেৰণা যোগাইছে ৷
দ্বিতীয়খন কিতাপৰ কথা সুধিলে মই টপৰাই নাম ল’ম খলিল জিব্ৰানৰ " দ্য প্ৰফেট " কিতাপখনৰ ৷ কলেজত পঢ়ি থকাৰ সময়তে কিতাপখনৰ বিষয়ে ড° মহেন্দ্ৰ বৰাদেৱৰ "ফুল তৰা গান " নামৰ কিতাপখনত পঢ়াৰ পিছত বম্বে’ৰ পৰা মগাই আনিছিলোঁ ৷ সেই সময়ত সুগন্ধি পখিলা আৰু প্ৰফেটখন মুখস্থ হৈ গৈছিল ৷ আজিও ইয়াৰ অনেক পংক্তি মোৰ কণ্ঠস্থ হৈ আছে ৷ কিতাপখন পঢ়ি মই অভিভুত হৈ পৰিছিলোঁ ৷ এয়া যেন এজন সাধাৰণ মানুহৰ কথা নহয় , এজন সঁচা ভৱিষ্যত বক্তা বা দেৱদূতৰহে স্বগত সংলাপ --- মোৰ এনে লাগে ৷ তুমিএইখন পঢ়িছানে ? নাইপঢ়া যদি সোনকালে পঢ়াঁ আৰু মোৰ বিশ্বাস তুমিও মোৰদৰে ভাবিবলৈ বাধ্য হ’বাঁ ৷
তৃতীয়খন কিতাপ ! ভালেমান কিতাপে ৩য় স্থানত আহি ভীৰ কৰিছেহি ৷ তাৰ মাজৰ পৰা এখন বাচি উলিওৱাটো মোৰ বাবে জটিল হৈ পৰিছে ৷ তথাপিতো ক’বই লাগিব যেতিয়া মই ড° দিলীপ কুমাৰ দত্তৰ " ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ " খনকে তুলি লৈছোঁ ৷ ভূপেন হাজৰিকাৰ দৰে অৰ্থপূৰ্ণ গীত হয়তো কেতিয়াও সৃষ্টি নহ’ব ৷ দিলীপ কুমাৰ দত্তৰ দৰে ময়ো ভূপেন হাজৰিকাক শংকৰদেৱৰ পিছতে স্থান দিওঁ ৷ এনে এজন পুৰুষক আমি অসমীয়া হিছাপে পোৱাটো বৰ সৌভাগ্যৰ কথা ৷ এজন বিশ্ব-মানৱ হৈয়ো তেখেত এজন খাতি অসমীয়া আৰু এজন অসমীয়া হৈয়ো তেখাত বিশ্ব-মানৱ ৷ তেখেতৰ গদ্য সমূহ এৰিও কেৱল গীত সমূহৰ জৰিয়তেই আমাক সকলো কথা কৈ গৈছে ৷ অসমৰ নিখুঁত ছবি আঁকি গৈছে ৷ উত্তৰ-পুৰুষে তেখেতৰ গীতসমূহৰ মৰ্মাৰ্থ উপলব্ধি কৰি কৰ্তব্যত অগ্ৰসৰ হ’লেই এখন সুন্দৰ অসম গঢ় লৈ উঠিবযে, ই নিশ্চিত ৷
মোৰ প্ৰিয় তিনিখন গ্ৰন্থৰ বিষয়ে তোমাক ইমানকে জনালোঁ ৷ মোৰ বাচনি তোমাৰ মনঃপুত নহবও পাৰে ৷ এয়া মোৰ একান্ত ব্যক্তিগত নিৰ্বাচন ৷ তুমি মোৰ প্ৰিয় তিনিজন বিশিষ্ট ব্যক্তিৰ বিষয়েও জানিব খুজিছিলাঁ ৷ সেই বিষয়ে বেলেগ এদিনা ক’ম ৷ মোৰ চিঠিখনৰ বিষয়ে তোমাৰ মতামত জানিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰ’লোঁ ৷ আজিলৈ সামৰোঁ ৷ উত্তৰলৈ বাট চাই ৰ’লোঁ ৷
ইতি ৷
তোমাৰ দাদা
( শ্ৰী সত্যেন্দ্ৰ বৰদলৈ ৷ )
পুনশ্চঃ বহুদিন তোমাৰ কবিতা পঢ়া নাই ৷ নতুন কবিতা এটা পঠাবানে ?

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...