Wednesday 26 October 2016

আলাপ: সাৰদা শ্ৰেষ্ঠাৰ স'তে

“চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে ।“
চিঠিগোটৰ এগৰাকী প্ৰবীণ সক্ৰিয় সদস্য তথা কবি সুলেখিকা সাৰদা শ্ৰেষ্ঠা বাইদেউৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Sarada Shrestha)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
সা.শ্ৰে:- চছিয়েল নেটৱৰ্কিং চাইট "চিঠি গোট"লৈ মোৰ আন্তৰিক শুভকামনা যাচিলো । আলাপৰ বাবে মোক নিৰ্বাচন কৰা বাবে মৌচুমী বৰিলৈ তথা চিঠি গোটলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
সা.শ্ৰে:-সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিতা এক চিন্তাৰ বিষয় হৈ পৰিছে । আজিৰ মানুহ ভীষন ব্যস্ত । ব্যস্ততাই কোঙা কৰা মানুহৰ আজিকালি চিঠি লিখাৰ আহৰি নাই । তদুপৰি মোবাইল, নেটৱৰ্ক চাইটবোৰে চিঠিলৈ ভাবুকি কঢ়িয়াই আনিছে । ডাকৰ চিঠি হাতত পৰিবলৈ কমেও দুই তিনিদিন সময় লাগে । কিন্তু মোবাইল বা চছিয়েল নেটৱৰ্ক ব্যৱস্থাই যোগাযোগ অতি ক্ষিপ্ৰ কৰি তুলিছে । আনকি আমি আজি আমাৰ পৰা শত যোজন আঁতৰত থকা আমাৰ আপোনজনৰ সৈতে পলকতে মুখামুখিকৈ কথা পাতিব পাৰোঁ । এহাতে ব্যস্ততা আনহাতে যোগাযোগৰ সহজ ব্যৱস্থাই চিঠি লিখাৰ মানসিকতাক ক্ৰমে নিঃশেষ কৰিছে, এই কথা অস্বীকাৰ কৰাৰ উপায় নাই । কিন্তু চিঠিৰ মাদকতা মোবাইল বা নেটৱৰ্ক চাইট সমূহে কেতিয়াও দিব নোৱাৰে । চিঠিত মানুহৰ মনৰ আবেগ অনুভূতিৰ যি সুমধুৰ মাদকতা আছে তাক আন একোৱে দিব নোৱাৰে । তদুপৰি চিঠিৰ মাদকতাই মানুহৰ মন আজীৱন আচ্ছন্ন কৰি ৰাখিব পাৰে । সেয়ে আজিও চিঠিৰ প্ৰয়োজনীয়তাক একেমুখে অস্বীকাৰ কৰিবও নোৱাৰি ।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
সা.শ্ৰে:-মই এসময়ত চিঠি লিখিছিলো । ছাত্রী জীৱনত আৰু তাৰ পৰৱৰ্তী কালত বহু চিঠি মোৰ বান্ধৱীসকললৈ লিখিছিলো । কলেজত পঢ়ি থকা কালত কেইবাজনো অনুজ ভাই ভনীৰ মোৰ সৈতে সুহৃদয়তা গঢ়ি উঠিছিল । দূৰৈত থকা সেই অনুজ সকললৈ কলেজ বন্ধ থকা কালত, কলেজৰ পৰা বিদায় লোৱাৰ পাছতো চিঠি লিখিছিলো । তেওঁলোকেও চিঠি যোগে বহু দিনলৈ মোৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিছিল । মোৰ সতীৰ্থৰ ভনীৰ বিয়াত উপহাৰৰ সৈতে এখন চিঠিও গাঁঠি দিছিলোঁ, চিঠিখনে নকইনাক যথেষ্ট আনন্দ দিয়া বুলি সতীৰ্থগৰাকীয়ে মোক জনাইছিল । চিঠি লিখি ভাল পাইছিলো সেয়ে আপোনজনলৈ চিঠি লিখিবলৈ এলাহ নকৰিছিলো । তেনেকৈ আনৰ পৰা পোৱা চিঠিয়ে মনত কিমান যে আনন্দ দিছিল তাক কেৱল অনুভৱহে কৰিব পাৰি । চিঠি লিখাৰ কথা মনলৈ আহিলে বহুতো কথাই মনত পৰে । বিশেষকৈ এটা ঘটনাই মোক আজিও ব্যথিত কৰে । তেতিয়া মই স্নাতক দ্বিতীয় বৰ্ষৰ অসমীয়া সন্মানৰ ছাত্রী । আমাক লগা বিষয়ৰ আনুষঙ্গিক কিতাপ কিনিবলৈ পোৱা নগৈছিল । তাৰ বাবে অধ্যাপকে দিয়া নোট আমাৰ বাবে গুৰুত্বপূৰ্ণ আছিল । মোৰ এজনী বান্ধৱী শিৱসাগৰৰ আছিল, পূজাৰ দীঘলীয়া বন্ধত তাই ঘৰলৈ গ'ল । কিন্তু কলেজ খুলাৰ বহু দিনলৈ তাই কলেজলৈ আহিব নোৱাৰিলে নিজৰ কিছু সমস্যাৰ বাবে । তাই আমাক চিঠি লিখি অনুৰোধ কৰিলে শ্ৰেণীত ছাৰে দিয়া নোট যেন তাইলৈ লিখি পঠাওঁ । লগৰ কেইজনীয়ে তাইলৈ চিঠি লিখাৰ দ্বায়িত্ব মোকেই দিলে । মই নিয়মীয়াকৈ তাইলৈ শ্ৰেণীত দিয়া পাঠবোৰ লিখি পঠিয়ালো, তায়ো মোৰ চিঠি বোৰৰ উত্তৰ দি গৈছিল । এটা সময়ত তাই কলেজলৈ আহিল । সকলো ঠিকেই আছিল । পিছে এদিন লগৰ কেইজনীয়ে মোক কলে, মালাই হেনো (শিৱসাগৰৰ বান্ধৱীজনী) সিহঁতক অভিযোগ কৰিছে, ইমান দিন তাই কলেজলৈ আহিব নোৱাৰিলে; আমি কোনেও তাইৰ সৈতে যোগাযোগ নাৰাখিলো । সিহঁতৰ পৰা তাইৰ অভিযোগৰ কথা গম পাই মই লাজে অপমানে মৰ্মাহত হ'লো । মই তাইলৈ লিখা চিঠিৰ প্ৰত্যূত্তৰত তাই দিয়া চিঠিবোৰ পিছদিনা মই সিহঁতক দেখুৱাই মোৰ নিৰ্দোষীতাৰ প্ৰমাণ দিব পাৰিছিলো যদিও এই কথাটোৱে মোক যথেষ্ট আঘাট দিলে । দৰাচলতে বিশ্বাস ভংগতাৰ সমান আন একোৱেই মানুহক আঘাট দিব নোৱাৰে ।আমাৰ লগত পঢ়ি থকা বান্ধৱী এজনী গুৱাহাটী মেডিকেল কলেজলৈ তিনিবছৰীয়া নাৰ্চিংৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল । তাই তাৰেই হোষ্টেলত থাকি প্ৰশিক্ষণ ল'ব লগা হৈছিল । সেয়ে তাইৰ সৈতে নিয়মীয়াকৈ চিঠিৰ আদান - প্ৰদান কৰিছিলোঁ । তাইৰ আখৰবোৰ ছপা আখৰৰ দৰেই গোট গোট, সুন্দৰ আৰু পৰিস্কাৰ আছিল । তাৰোপৰি তাই চিঠি এটা বিশেষ ভাঁজ দি বৰ সুন্দৰকৈ খামত ভৰাই দিছিল । তাইৰ এই কৌশল পাছলৈ ময়ো প্ৰয়োগ কৰিছিলোঁ । সেই সময়ত বহুল জনপ্ৰিয় সঁফুৰা, বিস্ময়ত এটা জনপ্ৰিয় শিতান আছিল "পত্ৰবন্ধু" । এই শিতানে সেই সময়ত পত্ৰ লিখাৰ যেন এক আন্দোলন গঢ় লৈ উঠিছিল । এই শিতানৰ সহযোগত মোৰো বহু কেইজন অচিনাকি বন্ধুৰ সৈতে পত্ৰালাপ হৈছিল । এই অনুভবো বৰ সুন্দৰ । এই পত্ৰবোৰৰ দ্বাৰা বহুতো কথাই জানিব পাৰিছিলো ।
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
সা.শ্ৰে:-মোৰ প্ৰিয়জনলৈ চিঠি লিখিছিলো ।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
সা.শ্ৰে:-বৰ্তমান মানুহৰ সময়ৰ পাছত দৌৰাৰ যি প্ৰতিযোগিতা, ভাব হয় এই দৌৰৰ ধাম্‌খুমীয়াত হয়তো এদিন চিঠিৰ দৰে বহু আপুৰুগীয়া সম্পদ নিঃশেষ হ’ব । আমি সময়ৰ আহ্বান অস্বীকাৰ কৰিব নোৱাৰোঁ । আজিৰ যুৱ প্ৰজন্মই চিঠি লিখিবলৈ টান পায় । যুৱ প্ৰজন্মৰ কথা বাদেই আমিও কালৈকো আজি আৰু চিঠি নিলিখোঁ । খৰতকীয়া যোগাযোগ ব্যৱস্থাই আজি যেন আমাক ক্ৰমে পংগু কৰি আনিছে । চিঠিৰ দৰে এটা কলাই সময়ৰ প্ৰত্যাহ্বানৰ আগত মূৰ দোঁৱাই কালৰ গহ্বৰত হেৰাই যোৱাৰ উপক্ৰম হৈছে । চিঠিৰ এই বিপৰ্যয়ৰ সময়ত ছ’চিয়েল নেটৱৰ্ক চাইটৰ "চিঠি গোটে” যি ভূমিকা হাতত লৈছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় । এই গোটৰ প্ৰচেষ্টাত ইতিমধ্যে বহুতো সুন্দৰ তথা জ্ঞান লব্ধ চিঠিৰ সৃষ্টি হৈছে । চিঠিৰ আবেদন আজিও একে আছে । আজিও চিঠিয়ে আগৰ দৰেই মানুহৰ মন আলোড়িত কৰিব পাৰে । এই গোটত সন্নিৱিষ্ট চিঠিবোৰেই তাৰ প্ৰমাণ দিয়ে । ফে’চবুকত লগ পোৱা মোৰ অনুজ বন্ধু পল্লৱলৈ চিঠি ডাকত দিছিলোঁ, চিঠি গোটৰ দ্বাৰা অনুপ্ৰাণিত হৈ । বহু বছৰৰ পাছত চিঠি লিখিবলৈ হাতত কলম তুলি লৈছিলো, প্ৰথমে অলপ খোকোজা লাগিলেও পিছত সহজে লিখি শেষ কৰিলোঁ । চিঠিৰ প্ৰত্যোত্তৰত পল্লৱেও পলমকৈ হ’লেও মোলৈ চিঠি পঠিয়াইছিল । কাম এটাৰ বাবে মই মোৰ কাৰ্যক্ষেত্ৰৰ পৰা ওলাই গৈছিলোঁ । উভতি আহি মোৰ টেবুলৰ ওপৰত পৰি থকা দেখিছিলোঁ মোৰ নামত অহা চিঠি । বাহিৰৰ পৰা অহা বাবে মই কিছু ক্লান্ত হৈ পৰিছিলোঁ । কিন্তু টেবুলত পৰি থকা খামত মোৰ নাম দেখাৰ লগে লগে মোৰ ভাগৰ টিলিকিতে আঁতৰিল । হাতৰ বেগ থ'বলৈকো মোৰ মনলৈ নাহিল । যি ভাঁজত আহিছিলো, সেই ভাঁজতেই চিঠিৰ খাম খুলি পঢ়িবলৈ ল'লো । এক স্বৰ্গীয় আনন্দত মোৰ মন ফৰকাল হৈ পৰিছিল । এয়াই চিঠিৰ আবেদন । আমি যিবোৰ কথা মুখামুখিকৈ ক'ব নোৱাৰোঁ, সেইবোৰ চিঠিৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ । মহাত্মা গান্ধীয়ে ল'ৰালিতে কৰা অপৰাধৰ কথা পিতাকৰ ওচৰত মুখামুখিকৈ ক'ব নোৱাৰি চিঠি লিখি জনাই নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰিছিল । পুত্ৰৰ অনুতাপযুক্ত চিঠিয়ে পিতা পুত্ৰ দুয়োৰে মন ন আলোকত আলোকিত হৈছিল, এই কথা সকলোৱে জানে ।
৬) আপোনাৰ কৰ্মক্ষেত্ৰৰ বিষয়ে অলপ জনাব নেকি?
সা.শ্ৰে:-মই গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চকু চিকিৎসালয়ত কাম কৰিছিলো । চিকিৎসালয়খন সৰু, ইয়াৰ কৰ্মচাৰীও সেয়ে তাকৰ । ইয়াৰ মূখ্য চিকিৎসক ডা° বিজয় কুমাৰ জৈন । এই চিকিৎসালয়ত চকুৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা হয় । ডা° জৈন চিকিৎসালয়ৰ গুৰিয়াল তথা চিকিৎসক হিচাপে স্নেহশীল । তেখেতৰ তত্ত্বাৱধানত মই চকু চিকিৎসা সম্পৰ্কীয় বহুতো কথাই শিকিলো । তেখেতৰ প্ৰেৰণাত কলাৰ ছাত্ৰী হৈয়ো চকুৰ দৰে এক জটিল বিষয়ৰ বহুতো কথাই জানিব পাৰিছিলো । চকুৰ বিষয়ে মানুহৰ মনত সজাগতা আনিবলৈ আৰু আৰ্থিক ভাবে অসমৰ্থ সকলক সকাহ দিবলৈ গাঁও তথা চহৰৰ ভিতৰুৱা অঞ্চলত আমি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছিলো । তদুপৰি SOS Village, Missionaries of charityৰ দৰে অনুষ্ঠানতো সময়ে সময়ে শিবিৰ পতা হৈছিল । এতিয়া মই মোৰ ঘৰুৱা সমস্যাৰ বাবে স্বইচ্ছাই মোৰ কৰ্মজীৱনৰ পৰা অবসৰ লৈছোঁ ।
ব্যস্ততাৰ মাজতো “চিঠি গোটৰ আলাপত” ভাগ লৈ আমাক যি আনন্দ দিলে তাৰবাবে আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷

Wednesday 19 October 2016

আলাপ: মলিন মজুমদাৰৰ স'তে

“আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে”৷
চাকৰি সূত্ৰে অৰুনাচল প্ৰদেশ নিবাসী এভিয়েচন(Aviation) বিষয়া তথা সুলেখক শ্ৰীযুত মলিন মজুমদাৰ দেৱৰ স’তে চিঠি গোটৰ তৰফৰ পৰা পতা এটি আলাপ চিঠিগোটৰ সদস্য সকললৈ আগবঢ়ালোঁ৷ (Malin Majumdar)
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ।
- আন্তৰিক ধন্যবাদ জনালোঁ।
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
- টেলিফোনৰ ব্যৱহাৰ সহজলভ্য হোৱাৰ পৰাই ক্ৰমান্বয়ে ব্যক্তিগত চিঠিৰ আদান প্ৰদান কমি আহিব ধৰে। ফলশ্ৰুতিত আমি হেৰুৱালোঁ‌ সেই মধুৰ অনুভূতিবোৰ, যিবোৰ কঢ়িয়াই আনিছিল প্ৰিয়জনৰ বহু আকাংখিত চিঠিবোৰে। চিঠি এখনে কুশল বাৰ্তা বা ঘৰুৱা খবৰ-খাতিয়েই অকল কঢ়িয়াই নানে, ই লগতে কঢ়িয়াই আনে মৰম, ভালপোৱা, প্ৰেৰণা, জ্ঞান, উপদেশ, উৎসাহ সাহস, ধৈৰ্য আৰু বহুতো। বহু সময়ত চিঠি এখনে প্ৰিয়জনৰ অশৰীৰি প্ৰতিনিধি হৈ আমাক সংগ দিয়ে, বাৰে বাৰে। মনত পৰে - গাৰুৰ তলৰ পৰা কিতাপৰ মাজত, চোলাৰ জেপত ক'ত নাছিল চিঠিখন!! মন গ'লেই উলিয়াই পঢ়িছিলোঁ ভাল লগা বাক্যকেইটা, প্ৰেৰণাভৰা শব্দকেইটা নতুনকৈ উজ্জীৱিত হ'বলৈ। কিন্তু আজিকালিৰ ফোনযোগে খবৰ-খাতি দিয়া লোৱা কথা-বতৰাত বা মোবাইল টুইটাৰৰ চুটি চুটি বাৰ্তাবোৰত চিঠিত পোৱা অনাবিল অনুভূতিবোৰ যেন বিচাৰি পোৱা নাযায়; বিচাৰি পোৱা নাযায় মন বেয়া লাগিলেই গাৰুৰ তলৰ পৰা চিঠিখন উলিয়াই পঢ়ি প্ৰিয়জনৰ অশৰীৰি সান্নিধ্যৰ অনুভূতি লোৱাৰ সুযোগ। বহু কথাই হেৰাই গ'ল।
সাম্প্ৰতিক সময়তো চিঠিৰ প্ৰাসংগিকতা সেইবাবেই বৰকৈ অনুভৱ কৰোঁ। আমাৰ সেই সুন্দৰ অনুভূতিবোৰ মৰহি নাযাওক, উত্তৰ পুৰুষেও সেই সুন্দৰ অনুভূতি আৰু অনিৰ্বচনীয় আনন্দৰ সোৱাদ লওক, তাৰ বাবেই চিঠি প্ৰাসংগিক বুলি ভাবোঁ। আৰু "চিঠি গোট"টোৰ উপস্থিতিয়েই সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতাক সজোৰে প্ৰতিপন্ন কৰিছে।
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে? যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
-মই অষ্টম শ্ৰেণীৰ পৰাই চিঠি লিখা আৰম্ভ কৰিছিলোঁ। অষ্টম শ্ৰেণীৰ পৰা মোক ঘৰৰ পৰা প্ৰায় ত্ৰিশ কিলোমিটাৰমান দূৰৰ এখন স্কুলত ভৰ্তি কৰি দিছিল। ঘাই ঘৰৰ পৰা দূৰত আমাৰ পাম এখন আছিল। তাতেই সৰু ককাইদেউৰ লগত থাকি নতুন স্কুলখনত পঢ়িছিলোঁ। এদিন চতুৰ্থ পিৰিয়দৰ পাছত হোৱা বিৰতিত স্কুলৰ কেৰাণীজনে মোক মাতি নি ডাকযোগে অহা চিঠি এখন দিছিল। চিঠিখন লিখিছিল আগৰ স্কুলখনৰ সহপাঠী, ঘনিষ্ঠ বন্ধু শ্ৰীকান্ত বসুমতাৰীয়ে। জীৱনৰ প্ৰথম চিঠি। স্কুলখনৰ কোনো ছাত্ৰলৈ অহাও হেনো সেইখনেই প্ৰথম চিঠি আছিল। জীৱনৰ প্ৰথম ডাকযোগে পোৱা চিঠি, তাকো অনাকাংখিতভাবে; মই ৰোমাঞ্চিত হৈছিলোঁ, পুলকিত হৈছিলোঁ। স্বাভাবিকভাবেই নতুনকৈ অহা ছাত্ৰ হিচাপে চিঠিখনে মোক অতি সোনকালেই ল'ৰা-ছোৱালীসকলৰ মাজত চিনাকি কৰাই দিছিল।
পাঠ্যক্ৰমত লিখা গতানুগতিক চিঠিৰ পাছত সেই প্ৰথম চিঠি লিখিছিলোঁ মোৰ বন্ধুজনলৈ, তেওঁৰ চিঠিৰ উত্তৰ হিচাপে। আস! কিযে সুন্দৰ অনুভূতি আছিল সেয়া। এতিয়াও সেই পৰিবেশ মনত পৰিলে ৰোমাঞ্চিত হওঁ। সেইযে চিঠি লিখা আৰম্ভ হৈছিল, যতি নপৰাকৈ চলি আছিল সৌ সিদিনালৈ, ঘৰত ফোনৰ সংযোগ নকৰালৈকে। পামৰ পৰা ঘাই ঘৰলৈ বেছি দূৰ নাছিল। মাহেকে পষেকে কোনোবা নহয় কোনোবা আহিছিল। তেওঁলোকৰ হাতত বাইদেউলৈ সদায় চিঠি লিখিছিলোঁ। বাইদেউলৈ লিখা চিঠিখনতেই নিৰক্ষৰ আইলৈ বেলেগে লিখিছিলোঁ, বাইদেউএ পঢ়ি শুনাবলৈ। তেনেকৈ উত্তৰো আহিছিল। চিঠিবোৰত অকল কুশল বাতৰিয়েই নাছিল, মোলৈ উপদেশ, মৰম-আশীৰ্বাদৰ লগতে লগৰীয়াবোৰৰ বা-বাতৰি, ঘৰৰ পোহনীয়া জীৱ-জন্তুৰ খবৰ, খেতি-খোলাৰ খবৰ, মধুৰিআম, পনীয়ল লগাৰ খবৰ - সকলো আছিল। বাইদেউৰ চিঠি পঢ়ি নিজকে যেন ঘাই ঘৰত পাইছিলোঁ। সকলোকে, সকলোবোৰ যেন স্বচক্ষে দেখিছিলোঁ‌ চিঠিৰ যাদুকৰী শব্দবোৰৰ মাজেৰে। এইদৰে চিঠি মোৰ হাইস্কুলীয়া জীৱনৰ পৰাই অন্তহীন প্ৰেৰণা আৰু আনন্দৰ উৎস হৈ পৰিছিল।
পাছত যোৰহাটত পঢ়ি থকা সময়ত ডাকযোগে চিঠিৰ আদান প্ৰদান আৰু বাঢ়িছিল। বাইদেউৰ লগতে কলেজ পোৱা ভাইটি, ভতিজী এজনী, দুজনমান কলেজীয়া বন্ধু আৰু এগৰাকী বান্ধৱীৰ লগত নিয়মিতভাবে চিঠিৰ আদান প্ৰদান হৈছিল। যোৰহাটৰ ভাড়াঘৰটোত থাকোঁতে ৰজাবাৰী ডাকঘৰৰ পিয়নজন সেইফালে আহিলেই মোৰ চিঠি আহিছে বুলি গম পোৱা হৈছিলোঁ। প্ৰতি সপ্তাহত এখন বা দুখন চিঠি প্ৰায়েই পাইছিলোঁ। কেতিয়াবা একেদিনাই দুখন বা তিনিখন চিঠি পোৱাৰ আনন্দ এতিয়াও অনুভৱ কৰোঁ। কোনোবা সপ্তাহত চিঠি নাপালেই মন উৎকন্ঠিত হৈছিল। চিঠি লিখিবলৈ মই একেলগে পচিশখনমানকৈ "অন্তৰ্দেশীয় পত্ৰ" ডাকঘৰৰ পৰা কিনি আনিছিলোঁ।
আমাৰ চিঠিৰ আদান প্ৰদানৰ নিয়ম আছিল চিঠি পোৱা মাত্ৰেই উত্তৰ পঠিওৱা। কাজেই চিঠি এখন গৈ পাবলৈ লগা ছয়-সাতদিনৰ প্ৰায় দুগুণ সময়ত উত্তৰ পোৱা গৈছিল। নাপালেই চিন্তা-ভাবনা হৈছিল। কোনোবাই দেৰিকৈ উত্তৰ দিলেই প্ৰথমেই দেৰি হোৱাৰ কৈফিয়ৎ লিখিহে বাকীবোৰ কথা লিখা হৈছিল।
এনেকুৱাও নহয় যে প্ৰতিখন চিঠিয়েই আনন্দেৰে ওপচাই দিছিল। কোনোখন চিঠিয়ে কন্দুৱাইছিল, মন দুখ আৰু চিন্তাৰে ভৰাই পেলাইছিল। কিন্তু তাতো কিবা এটা সুখ আছিল- আপোনজনৰ দুখৰ সৈতে একাত্ম হোৱাৰ সুখ। আমি পৰস্পৰে পৰস্পৰৰ সুখ দুখৰ সমভাগী আছিলোঁ আৰু চিঠিবোৰৰ যোগেদি ইজনে সিজনৰ দুখ শোকত শান্তনা আৰু সাহস দিছিলোঁ।
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
-প্ৰেমাস্পদলৈ চিঠি লিখাৰ সৌভাগ্যকণহে নহ'লগৈ। বিয়াৰ কেইদিনমান আগতেহে লগ পোৱা বাবে চিঠি লিখাৰ সময়েই নাপালোঁ। বিয়াৰ পৰা বহুবছৰ একেলগে থকাৰ পাছত যোৱা দুবছৰ ল'ৰাৰ পঢ়াৰ খাতিৰত প্ৰেমাস্পদক ল'ৰাৰ লগত ঘৰত থৈ কৰ্মস্থলীত অকলে আছোঁ। ফোনযোগে প্ৰতিদিনে দীঘলীয়াকৈ কথা পতা হয়। সকলো কথাই কোৱা হয়; তথাপি ভাব হয়, চিঠিৰে খবৰ বাতৰি লোৱা হ'লে বা জনালে কিজানি কিছুমান কথা আৰু ভালকৈ সুধিব পাৰিলোহেঁতেন, জনাব পাৰিলোহেঁতেন!! ফোনতচোন কিছুমান কথা ভালদৰে সুধিবলৈ, ক'বলৈ থাকি যায়!! প্ৰশ্নটো পোৱাৰ পাছত কথাটো ভালদৰে উপলব্ধি হ'ল। তেওঁলৈ চিঠি এখন লিখিব লাগিব।
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
-এইটো বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই বিষয়ত মোৰ অনুভৱখিনি কিছু পৰিমাণে দ্বিতীয় প্ৰশ্নৰ উত্তৰত কোৱা হৈছে।
ব্যক্তিগত চিঠি বৰ্তমান হেৰাই যোৱাৰ পথত--কথাটো সঁচা আৰু দুৰ্ভাগ্যজনক। ফোনযোগে কৰা বাৰ্তালাপ বা চুটি চুটি লিখিত বাৰ্তাই চিঠিৰ নিচিনা যাদুকৰী প্ৰভাৱ কেতিয়াও পেলাব নোৱাৰে। চিঠি লিখি নোপোৱাসকলে এই কথা উপলব্ধি কৰিব নোৱাৰিব নিশ্চয়। চিঠি এখনে আমাৰ মন-মগজুক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে "মমতাৰ চিঠি"খন পঢ়িলেই উপলব্ধি কৰিব পৰা যায়।
দূৰত থকা প্ৰেমাস্পদৰ প্ৰেমসিক্ত কথাকেইষাৰ বা মাতৃৰ মমতাৰে সদুপদেশ দিয়া কথাকেইষাৰ দূৰত অকলশৰে থকাজনে ফোনত শুনি সুখী নিশ্চয় হ'ব, উপকৃতও হ'ব ; কিন্তু একেখিনি কথা অলপ বহলাই, আবেগ ঢালি বাছি বাছি শব্দৰ মুকুতাৰে চিঠি লিখি পঠালে যি যাদুকৰী প্ৰভাৱ পেলাব সি চিঠি পঢ়াৰ অভিজ্ঞতা পোৱাজনেহে উপলব্ধি কৰিব পাৰিব। চিঠিয়ে মানুহৰ সুক্ষ্ম অনুভূতিবোৰ জীপাল কৰি ৰাখে।
আপোনজনৰ আবেগভৰা হৃদয়ৰ ভাষাৰে লিখা চিঠি এখনে আমাক সেই আপোনজনৰ অশৰীৰি উপস্থিতিৰ অনুভৱ কৰায়। চিঠিখন চুই চাওঁ, পঢ়োঁ আৰু সযতনে সামৰি থওঁ, আকৌ উলিয়াওঁ; বিশেষ কেইটামান শব্দ বা বাক্য বাৰে বাৰে পঢ়োঁ, গোটেই চিঠিখনেই আকৌ পঢ়োঁ, মন গ'লেই পঢ়োঁ, মন বিষন্ন হ'লেই পঢ়োঁ, একাকীত্ব অনুভৱ হ'লেই পঢ়োঁ, দুখী হ'লেই পঢ়োঁ আৰু উজ্জীৱিত হওঁ প্ৰতিবাৰ। --- এনেকুৱা অকল চিঠিৰেহে, হয়, চিঠিৰেহে সম্ভৱ। সেয়ে চিঠি লিখাৰ অভ্যাসটো আকৌ জীপাল কৰিব লাগিব। নতুনচামলৈ, যাৰ চিঠি লিখাৰ সৌভাগ্য হোৱা নাই, পুৰণিচামে চিঠি লিখি তেওঁলোকৰো চিঠি লিখাৰ অভ্যাস গঢ় দিব লাগিব। "চিঠি" গোটৰ উদ্যোগক আদৰণি জনালোঁ‌ আৰু গোটৰ উদ্দেশ্য সফল হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।

শ্ৰদ্ধাৰ দাদা: পৰী পাৰবিন

প্ৰতি,
শ্ৰী মলিন মজুমদাৰ,
নাহৰলগুণ, অৰুণাচল প্ৰদেশ ।
শ্ৰদ্ধাৰ দাদা ,
পোন প্ৰথমেই মোৰ মৰম আৰু শ্ৰদ্ধা গ্ৰহণ কৰিব । প্ৰথমেই এটা ভাল খবৰেৰে আৰম্ভ কৰো । ' অহা ইং ৩০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবত মোৰ প্ৰথমখন পত্ৰ উপন্যাস 'শব্দৰ এলজোলাম: নৈঋতলৈ বুলি ' ৰ শুভ উন্মোচন আছে। ভাল খবৰ হলেও উগুল থুগুল মন এটাই অলপ চাপ বঢ়াইছে যেন লাগিছে । জীৱনৰ নতুন এটা প্লেটফৰ্মত মই ভৰি দিবলৈ ওলাইছো । নাজানো জীৱনৰ ৰেলে কি গতি লয় । আপোনালোকৰ প্ৰেৰণাতে ইমানখিনি ।
আপোনাৰ উপস্থিতিয়ে মোতকৈ বেছি সুখী কাকো নকৰিলেহেঁতেন যদিও জোৰ দিবলৈ বেয়া লাগিছে কাৰণ আপুনি বহুত দূৰত থাকে । কিন্তু এইফালে অহাৰ যদি কিবা প্লেন থাকে অলপ মিলাব পাৰে নেকি চাবচোন ।
আপোনালৈ এটা অনুৰোধ, অত্যধিক কৰ্মব্যস্ততাৰ মাজতো আপোনাৰ কলমৰ চিঞাহীৰে অনুভৱবোৰ নিগৰালে নথৈ আনন্দিত হ'ম । কাৰণ আপোনাৰ গল্পসমূহ অত্যন্ত বাস্তৱমুখী আৰু সাম্প্ৰতিক পৰিঘটনাৰে পৰিচালিত । যিবোৰে আমাৰ দৰে পঢ়ুৱৈক বহু চিন্তাৰ খোৰাক যোগায় ।
সদৌশেষত , ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৱে ভালে থাকে ।
মৰমেৰে
আপোনাৰ ভন্টী
পাৰবীন

Friday 14 October 2016

মৰমৰ শিৱ(বাবু) : পৰী পাৰবিন

মৰমৰ শিৱ(বাবু),
পোন প্ৰথমেই মোৰ মৰম লবা । তোমালৈ এইখন মোৰ প্ৰথম চিঠি । আচলতে কালি তোমাৰ চিঠিখন পোৱাৰ পাছতে কেতিয়াকৈ উত্তৰ দিও দিও লাগি আছিল । কিন্তু কিবা কিবি কাৰণত লিখাত মনোনিৱেশ কৰিব পৰা নাছিলো কাৰণে অলপ দেৰি হ’ল ।
আচলতে কি জানা, লিখাটো মোৰ বাবে এক সাধনা । বাস্তবিকতে মোৰ পৃথিৱীখন অতি সৰু । আৰু সিমানেই বিশাল মোৰ সপোনৰ পৰিধি । মোৰ সৰু পৃথিৱীখনত সীমা চেৰাই যোৱা সপোনবোৰে প্ৰায়ে উজুতি খাই কষ্ট পায় । আৰু তেনে এক অস্থিৰতাতে মই কলম হাতত তুলি লওঁ । কবিতা এটাই হওক বা তোমালৈ বুলি লিখা চিঠিখনেই হওক, ই মোক সমানেই আনন্দ দিয়ে ।কাৰণ ই মোক মোৰ আত্মাৰ স’তে সংযোগ কৰে ।
এইখিনিতে তুমি হয়তো সুধিবা, আত্মাৰ স’তে আমাৰ সংযোগ কিয় জৰুৰী । ভাইটি জানানে, সকলোৰে বাবে নহলেও আমাৰ দৰে মানুহৰ বাবে আত্মাৰ সংযোগ অতি জৰুৰী । কাৰণ আমাৰ জীৱনবোৰ অতি ঘাত- প্ৰতিঘাতেৰে পৰিপুষ্ট হোৱাৰ পাছতো উৰাৰ হেঁপাহ কোনোদিনেই নকমে । গতিকে বিভিন্ন সময়ত বহু হতাশা আহে । হতাশাৰ মুহূৰ্তবোৰত আত্মাৰ লগত সংযোগ নাথাকিলে বিভিন্ন নেতিবাচক সিদ্ধান্ত লৈ লোৱা যায় ।
মোৰ কেৰিয়াৰ জীৱন বহুত উজ্জ্বল আছিল । আচলতে মোৰ কেৰিয়াৰ বুলি কবলৈ বেয়া লাগিছে । উপযুক্ত সময়ত উপযুক্ত মানুহৰ মানুহৰ হাতত মোৰ প্ৰতিভাখিনি পৰা হ’লে এই কেৰিয়াৰৰ গ্ৰাফডাল বহুত ওপৰলৈ যাব পাৰিলেহেঁতেন । কিন্তু এই “হেঁতেনবাদ”ত মই বিশ্বাসী নহয় । আমাৰ জীৱনৰ প্ৰতিটো ক্ষু্দ্ৰতম মূহুৰ্তৰে কিবা এক লক্ষ্য থাকে । মোৰ দাদাই মাৰ আগত অনুশোচনা কৰে, “ইঞ্জিনিয়াৰিং পঢ়ি তাই বাহিৰলৈ যোৱা হ’লে বহুত ওপৰলৈ যাব পাৰিলেহেঁতেন” ।কথাটো মই একেবাৰেই নস্যাৎ কৰোঁ ।আচলতে আমাৰ জীৱনটো ভাৰসাম্য কৰি ৰখাৰ বাবে এক মহাজাগতিক প্ৰক্ৰিয়া নিৰ্ধাৰিত হৈয়েই থাকে । তাতে আকৌ মই জীৱনৰ অমূল্য মুহূৰ্তবোৰ টকাৰে গনিব নোৱাৰো । অৱশ্যে আমিবোৰ অলপ আবেগিক । আবেগক নিয়ন্ত্ৰণ কৰাৰ বাবেও আত্মাৰ স’তে সংযোগ জৰুৰী ।
কিবাকিবি লিখি আছো অ ভাইটি । তোমাৰ চাগৈ আমনিয়েই লাগিছে । তুমি মৌবালৈ লিখা এখন চিঠিত তোমাৰ অস্থিৰতাৰ আভাস পাইছিলো । তেতিয়াই ভাবিছিলো তোমালৈ দু আষাৰ লিখিম বুলি ।তুমি এতিয়া যিটো স্তৰত থিয় হৈ আঁছা, সেইটো স্তৰ আমি পাৰ হৈ আহিছোঁ । গতিকে কিবা এটা দায়িত্ববোধে মনৰ মাজত জন্ম ল’লে । তাতে আক’ মোৰ ভাইটি নাই । আচলতে মই ঘৰৰ সৰু । গতিকে উপদেশ দিবলৈ পালে লানি নিছিগাকৈ ওলায় ।
বাকী কোৱা । নতুন ঠাইত মন বহিছেনে ? ঘৰ এৰি বাহিৰত চাকৰি কৰিবলৈ আহিলেহে ঘৰৰ মূল্য বুজি পোৱা যায় । মইও কোন কাহানিবাই মোৰ ঘৰৰ গলি এৰি আহিলো । এতিয়াও কেতিয়াবা কাৰোবাক ঠিকনা দিব লগা হ’লে সেই ঠিকনাটোহে মনলৈ আহে, “…..পো. অ. খেলমাটি, উত্তৰ লক্ষীমপুৰ” ইত্যাদি ইত্যাদি । শিপাডাল এৰি আহিলো যে তাত ! যি ডাল শিপাই ‘মই’ নামৰ গছজোপা অত ধুমুহাতো হাউলি পৰিবলৈ নিদিলে, সেইডাল শিপাক এতিয়াও সাৰ পানী দি বুকুৰ মাজত জীপাল কৰি নৰখাকৈ কেনেকৈ থাকোঁ ?
ভালে থাকা তোমালোক । মন- মগজুৰ উচিত ব্যৱহাৰেৰে জীৱনৰ যিকোনো বাধা হেলাৰঙে পাৰ হোৱা, সেয়াই কামনা কৰোঁ ।
পুনৰ মৰমেৰে,
ইতি,
তোমাৰ মৰমৰ বা’
পাৰবীন

মৰমৰ মৌ বা :পৰী পাৰবিন

মৰমৰ মৌ বা,(Mousumee Bori)
ভালে আছানে ? বেমাৰৰ নাম শুনি এসোঁতা কান্দি লোৱা পৰ্বটো শেষ হ’ল নে বাৰু ? ভিনদেউটোলৈ দুখেই লাগে পাই । তিনিজনীকৈ এমা ডিমা ছোৱালীক কেনেকৈ যে চম্ভালিছে!
এই মৌ বা, আজি তোমাক এজনী সৰু ছোৱালীৰ কথা কবলৈ মন গৈছে । আচলতে ছোৱালীজনীক মই অলপ মিছ কৰি আছো এইকেইদিন । শুনিবানে ছোৱালীজনীৰ কাহিনী । ডাৰউইনে ‘ছাৰভাইভেল অৱ দ্য ফিট” সূত্ৰটোৰ পৰীক্ষণৰ বাবে পৃথিৱীলৈ পঠোৱা এজনী ছোৱালীৰ কথা ।
ককায়েক বায়েকক স্কুললৈ যোৱা দেখি মাকৰ আঁচলত ধৰি পাঁচবছৰীয়া ছোৱালীজনীৰো ঠেনঠেননি আৰম্ভ হ’ল স্কুললৈ যোৱাৰ আৱদাৰেৰে । সৰুৰে পৰাই অসুখীয়া ছোৱালীজনীৰ অভিমানবোৰৰ বিপক্ষে মাত মতাৰ সাহস কাৰো নাছিল । মানিমুনি, মছণ্ডৰীৰ পাতৰ মাজতে তাইক বুৰাই ৰাখে মাকে । খীণ মীণ ছোৱালীজনীৰ মাৰ্কশ্বিটৰ নাম্বাৰবোৰো সিমানেই ভৰপূৰ আছিল । চতুৰ্থ মানত পঢ়ি থাকোতে ক্লাছলৈ নতুন লৰা এটা আহিল । ছোৱালীজনীক প্ৰত্যাহবান জনাব পৰা লৰা । সিহঁতৰ সৰু অঞ্চলটোত সেইটো এটা খবৰ হ’ল । স্কুলখনলৈ নাম কঢ়িয়াব হেনো ল’ৰাটোৱে, ককায়েকে ছোৱালীজনীক জোকায়, চা লগৰজন জিলাৰ ভিতৰত ফাৰ্ষ্ট হ’ব আৰু তই বেমাৰতে পৰি থাকিবি । মূৰৰ তেজ উথলি উঠে তাইৰ । সেইটো কেনেকৈ হ’ব? কেনেকৈ হ’ব ?
সেইটো জিদতে তাই ৰাতি এপৰলৈকে জমা জমা-খৰচৰ অংক কৰি বহি থাকে মাকৰ লগত । দেউতাকে ৰাতি ঘৰ সোমোৱাৰ পাচতহে তাই বিছনাৰ পাটীত পৰে । দেউতাকজন বৰ ওখ আছিল তাইৰ বাবে । আনৰ বাবে যিমান ওখ, তাইৰ বাবে তাতোকৈও বহুত বেছি ওখ । সেই ওখ দেউতাকজনক চুব পাৰিলেই তাইৰ আকাশ চুব পৰা হেন হৈ পৰে ।“ইমান ডাঙৰলৈকে মাকৰ কোলাত উঠি থাকে নেকি” বুলি দেউতাকে মাকৰ কোলাৰ পৰা নিজৰ কোলালৈ টানি লয় ছোৱালীজনী । জীৱনৰ নটা বছৰ ইকোলা সিকোলাকৈ এনেকৈয়ে ডাঙৰ হ’ল ছোৱালীজনী ।
আলসুৱা ছোৱালীজনীয়ে কোলাত উঠি থাকিলে জানো শিলৰ স’তে খেলিব পাৰিব ? ডাৰউইনৰ তত্ব অনুসৰি তাইক দিয়া হ’ল বাস্তৱৰ কঠিনতাৰ পাঠ । কুঁহিয়াৰ পেৰাত সোমাৱাই ৰস উলিয়াওৱাৰ দৰে কষ্টত তাই সিদিনা কলগছৰ আঁৰ লৈ চকুলো টুকিছিল ।এল পি বৃত্তিৰ ভাল ৰিজাল্টটো আনিবলৈ তাইৰ লগত কোনো নাছিল । দেউতাক নৰিয়া পাটীত, দেউতাকৰ স’তে মাক হস্পিতেলত , ককায়েক মেট্ৰিক পৰীক্ষাত আৰু তাইৰ লগত অকলে এঘাৰবছৰীয়া বায়েক । বছৰেকৰ উৎসৱটোত হেঁপাহৰ কাপোৰযোৰতকৈ নবছৰীয়া ছোৱালীজনীৰ বাবে গুৰুত্বপূৰ্ণ আছিল আকাশৰ সমান ওখ দেউতাকজন আহি তাইক এবাৰলৈ কোলাত তুলি লোৱাটো ।
মাকগঢ়ী ছোৱালীজনী দেউতাকৰ আদৰ্শৰে পৰিপুষ্ট আছিল । নবছৰতে শিকি লোৱা সেই আদৰ্শতে বাট বুলিছে তাই ।মৰমত মৰম, খঙত খং, কামত কাম, জেদত জেদেৰে জীৱনৰ প্ৰত্যাহবানবোৰ পাৰ হোৱা ছোৱালীজনীয়ে নিজৰ নবছৰীয়া লৰাটোক স্কুললৈ লৈ যাওতে কথাবোৰ মনলৈ আনিলে । দেউতাকৰ এটাই ভুল আছিল, নিজৰ স্বাস্থ্যৰ প্ৰতি অবজ্ঞা । সেই ভুলটো তাই বুকুত বান্ধি ল’লে । দেউতাকৰ দৰে সেইটো ভুল তাই নকৰে । স্বাস্থ্য সচেতন হ’ব তাই আৰু স্বাস্থ্য সচেতন কৰি তুলিব তাইক বেৰি থকা আপোন মানুহবোৰক ।
লৰাটোক স্কুলত থৈ আহিয়ে তাই নিজৰ এটা স্বাস্থ্য বীমা কৰিলে আৰু স্বাস্থ্যটোৰ খুতি নাটিবোৰ পৰীক্ষা কৰালে । সৰু সুৰা যিবোৰ আপদীয়া অশান্তি আছিল, এই ধৰা মূৰ কামোৰণি বা তেনেকুৱা বিলাক, সেইবোৰ তাই মনৰ জোৰেৰে পাহৰিবলৈ চেষ্টা কৰিলে ।
অপাৰেচন এটা হ’ব বুলিয়েইনো এসোঁতা কন্দাৰ কি প্ৰয়োজন আছে অ মৌবা ? অদৰকাৰী অংগ এটা আঁতৰাই পেলাব ভাল ডক্টৰ এজনে । বিধিসন্মত খাদ্যাভাস, প্ৰচুৰ পৰিমাণৰ জুলীয়া খাদ্য, কেলচিয়াম-আইৰণ আদি মিনাৰেলযুক্ত সুষম আহাৰ আৰু অলপ পৰিমাণৰ পাতলীয়া শৰীৰ চৰ্চা- শৰীৰ নামৰ মেচিনটো ভালে ৰাখিবলৈ ইয়াতকৈনো বেলেগ কি লাগে ? অত্যন্ত জীৱনবোধেৰে ভৰপূৰ তোমাৰ মন । অলপমান মিলাব পাৰিলেই দেখোন চৌপাশ ৰঙীন ।
ভালে থাকা তুমি , ভালে থাকক তোমাৰ পৰিয়াল , ভালে থাকক আমাৰ চিঠিগোট ।
সদৌশেষত পুনৰ মৰমেৰে
ইতি
তোমাৰ মৰমৰ ভন্টী
পাৰবীন
ডিব্ৰুগড়

Wednesday 12 October 2016

মৰমৰ পাৰবীন বাইদেউ : শিৱপ্ৰসাদ হাজৰিকা

মৰমৰ
পাৰবীন বাইদেউ ,

পোনপ্ৰথমে মোৰ মৰম আৰু নমস্কাৰ গ্ৰহণ কৰিব । আশাকৰো আপোনালোক সকলোৱে কুশলে আছে । বহুত দিনৰ পৰাই আপোনালৈ কিবা লিখিম লিখিম কৈ থাকোতেই সময়বোৰ এনেকৈয়ে গুচি গৈছে । কিন্তু যে লিখা নহয়গৈয়ে । যাৰবাবে মোৰ সকলো কাম আধৰুৱা হৈ আছে । আচলতে কি জানেনে , দিনে দিনে মই খুব এলেহুৱা হৈ গৈছো :) । সেয়েহে আজি যেনেকৈ নহওক আপোনালৈ চিঠি লিখিমেই বুলি নিজকে দৃঢ় কৰি লিখিবলৈ বহিছো । মানুহবোৰ কেনেকৈ পলকতেই যে কাৰোবাৰ আপোন হৈ পৰে নহয়নে ? ভাবিলেই আচৰিত লাগে । অথচ কেতিয়াবা তেজৰ সম্পৰ্ক থাকিও দেখোন মানুহ আপোন হ'ব নোৱাৰে । বহুতেই কয় বা কোৱা শুনো এই আভাসী (ভাৰ্চুৱেল) পৃথিৱীখনত কোনো কাৰো আপোন হব নোৱাৰে । ইয়াত সকলোৱেই স্বৰ্থপৰ আৰু মিছাৰ আশ্ৰয় লৈ নিজকে নি থাকে । কিন্তু বাস্তৱৰ পৃথিৱীখনতকৈ হ'ব পাৰে এই পৃথিৱী বহুত বেলেগ কিন্তু ইয়াতো যে সম্পৰ্কৰ এনাজৰী এডাল গঢ় লৈ উঠিব পাৰে সেয়া হয়তো আজিও বহুতেই বিশ্বাস নকৰে । চাওকচোন, যদি এই আভাসী পৃথিৱীখনেই নাথাকিলে হয় মই জানো কেতিয়াবা আপোনালৈ এনেকৈ চিঠি লিখিলোহেতেন নে বাৰু ? নিশ্চয় নিলিখো । মাৰ্ক জুকাৰবাৰ্গৰ সৃষ্টি এই পৃথিৱীখনৰ জৰিয়তেই আমি আজি চিনাকি হৈছো । সুখ - দুখৰ মহুৰ্তবোৰ সকলোৰে সৈতে ভগাই লৈছো । অচিনাকী এজনকো পলকতেই আপোন কৰি লৈছো ইত্যাদি ইত্যাদি....। মুঠতে কোনো এটা বস্তুৰ নেতিবাচক দিশবোৰতকৈ যদি ইতিবাচক দিশ সমূহৰ কথা আমি বিচাৰো তেতিয়াই হয়তো জীয়াই থকাৰ প্ৰকৃত আনন্দ উপভোগ কৰিম । প্ৰতিটো মহুৰ্ততে সুখী হব পাৰিম নহয়নে বাৰু বা ? আজিলৈ ইমানতেই সামৰো । আকৌ পিছত লিখিম , কবলৈও যে বহু কথা আছে :) । আপোনাৰ নতুন কিতাপখনৰ বাবে বহুত বহুত শুভকামনা জনালোঁ । আশাকঁৰো অতি সোনকালেই পঢ়িবলৈ পাম ।শেষত এটা অনুৰোধ আছে- লিখা-মেলা কৰি আপোনাৰ সৃষ্টিশীল প্ৰতিভাক জীয়াই ৰাখিব । আপোনাৰ উত্তৰলৈ বাট চাই ৰ'ম ।
ইতি
আপোনাৰ ভাইটি
শিৱ প্ৰসাদ হাজৰিকা 

Saturday 8 October 2016

মৰমৰ মৌচুমী: সত্যেন্দ্ৰ বৰদলৈ

০৭/১০/২০১৬
বিহপুৰীয়া ৷
শ্ৰী হৰি ৷
মৰমৰ মৌচুমী
প্ৰথমে মোৰ মৰম ল’বাঁ ৷ মান্যানুসাৰে বাকী সকলক মোৰ শ্ৰদ্ধা আৰু মৰম জনাবাঁ ৷ আশা কৰোঁ তোমালোক সকলোৰে মঙ্গল ৷ তোমালোকৰ শুভকামনা আৰু অদৃষ্টৰ কৃপাত আমাৰো কুশল ৷
আজি বহু দিনৰ পৰাই তোমালৈ এখন চিঠি লিখাৰ কথা ভাবি আছিলোঁ ৷ সম-সদ্ভাৱাপন্ন নহ’লে মনৰ কথাবোৰ যাকে-তাকে ক’বলৈ গৈ নিজক লঘু কৰাৰ বাহিৰে আৰু কিবা লাভ হ’ব জানো ? আন হাতে মই লোকালয়ৰ পৰা মানসিক ভাৱে বহুত আঁতৰত ৷ কিয় নাজানো , সৰুৰেপৰা মই হীনমন্যতাত ভুগি আহিছিলোঁ ৷ সেয়ে সমনীয়াৰ পৰা বা আন মানুহৰ পৰা সদায় আঁতৰি ফুৰিছিলোঁ ৷ মোৰ নিঃসঙ্গতাৰ একমাত্ৰ সঙ্গী হিচাপে সেয়ে কিতাপকে বাচি ল’লোঁ ৷ কিন্তু এই ক্ষেত্ৰত মোৰ কোনো পথ-প্ৰদৰ্শক নথকাৰ বাবে , আৰু সেই সময়ত ইচ্ছা মতে কিতাপ কিনিব বা সংগ্ৰহ কৰিব নোৱাৰাৰ বাবে সহজে হাতত পোৱা যিকোনো কিতাপকে পঢ়িবলৈ ল’লোঁ ৷ একেবাৰে সহজতে পোৱাৰ ভিতৰত আছিল দেউতাৰ ধৰ্মীয় কিতাপবোৰ ৷ গতিকে কীৰ্তন , নামঘোষা , গীতা , বেদ , উপনিষদ আৰু জ্যোতিষ শাস্ত্ৰ সমূহত সোমাই পৰিলোঁ , বৰ কম বয়সতে ৷ কিন্তু ইয়াৰ ফল বিপৰীতহে হ’ল বুলি ভাবোঁ ৷ শাস্ত্ৰ সমূহৰ জীৱন আৰু জগতৰ প্ৰতি থকা ঋণাত্মক ব্যাখ্যাই মোকো অনুৰূপ ধাৰণা দিলে , আৰু এক কথাত কবলৈ হ’লে মই ক্ৰমশ নিৰাশাবাদী হৈ পৰিলোঁ ৷ মোৰ চিন্তাধাৰা আনৰ লগত অমিল হ’বলৈ ধৰিলে আৰু ঐহিক সমৃদ্ধিৰ বিপৰীতে পাৰত্ৰিক জীৱনটোৱেহে মোক বৰকৈ আকৰ্ষিত কৰিবলৈ ধৰিলে ৷ বাস্তৱ জীৱনটো চিনি পাওঁতে মোৰ বহুত পলম হৈ গ’ল ৷ আজি মই জীৱনটোৰ প্ৰকৃত অৰ্থ অনুধাৱন কৰিব পৰা হৈছোঁ আৰু যাপন কৰিবলৈ যত্নৰ ত্ৰুটী কৰা নাই যদিও মোৰ অৱচেতনাত মজ্জাগত হৈ থকা অতীতৰ উপলব্ধিয়ে সংগোপনে সোঁৱৰাই দিয়ে ; মোক বিচলিত কৰিব খোজে ৷ এই দুই সত্বাৰ অন্তৰ্দ্বন্দই মোক দুৰ্বল কৰে , মাজে মাজে ৷ আধুনিক জীৱনৰ বিচ্ছিন্নতা আৰু নিঃসংগতাবোধ অন্য এক অণুঘটক ৷ তাৰ মাজতো মই নিজকে বুজাবলৈ যত্ন কৰোঁ , জীৱনৰ আচল অৰ্থ ৷ হৰা-জিকাৰ এই নৈমিত্তিক যুদ্ধৰ মাজেৰেই আজি অৰ্ধ শতাব্দীৰ পদূলি পালোঁহি ৷ কিন্তু “ Miles to go before I sleep. "
এঃ , প্ৰথম চিঠিখনতে বহুত কথা লিখিলোঁ ৷ লিখা খিনিও হৈ পৰিল একান্ত ব্যক্তিগত ৷ তুমি বা কেনে পোৱা আনৰ ব্যক্তিগত কথা শুনি ! সেয়ে এই প্ৰসংগটো আজিলৈ ইমানতে এৰিছোঁ ৷ মোৰ চিঠি পায়েই উত্তৰ দিবাঁ ৷ পৰিয়ালৰ বাকী সদস্য সকলৰ পৰাও চিঠি পাম বুলি অধীৰ আশাৰে বাট চাই ৰ’লোঁ ৷ অ , আৰু এটা কথা কৈ থওঁ দেই , মই মানুহটো বৰ অমশৃন ৷ মানে মোৰ কলমৰ পৰা পঢ়ি ভাল লগা ধৰণৰ , মানে কাব্যিক কিবা এটা কেতিয়াও আশা নকৰিবা ৷ ভাষাৰ ওপৰত মোৰ অলপো দখল নাই ৷ সেয়ে শব্দ বিচাৰি ফুৰোতেই বহুত সময় লাগে ৷
আজিলৈ ইমানতে সামৰিছোঁ ৷
পুনৰ মৰম আৰু আন্তৰিক শুভকামনাৰে---
ইতি
তোমাৰ দাদা ৷

Tuesday 4 October 2016

মৰমৰ এন : মৌচুমী বৰি

কি লিখিম মৰমৰ এন,
মনটো দুখেৰে পৰিপূৰ্ণ৷সাময়িক আনন্দখিনিও গলি গলি এতিয়া শেষ হোৱাৰ পথত৷কি কৰো এতিয়া!তোমাক এতিয়াও এটা কথা জনোৱা নাই৷আমাৰ ফোন ললে৷ফোন নম্বৰ ৪২৮৯৬৷দিনবোৰ মোৰ বৰ বেয়া৷এতিয়া মই এটা সিদ্ধান্ত লওঁ বুলি ভাবিছোঁ—মই আৰু কাৰোলে ফোন নকৰোঁ৷এই ফোনটোও মোৰ বাবে বৰ সমস্যা হৈ দেখা দিছে৷হে মোৰ বিবেক,মোক তুমি সান্ত্বনা দিয়া৷মই বৰ অশান্ত হৈ পৰিছোঁ৷
অ’ আমাৰ এইবাৰ চেকন্ড য়েৰৰ ৰোল নাম্বাৰ, কাকলিৰ ৮,পাপৰিৰ ১২,মোৰ ২২,মৌচুমী হাজৰিকাৰ ২৪৷আজিলৈ আহোঁ এন৷তথাপি মোৰ মন অকনো ভাল নাই৷
--মৌ,জুলাই ২৬,১৯৯৬

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...