Tuesday 21 March 2017

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ]
-উইল চিদ্দিকুৰ ৰহমান।
(এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো)
মৰমৰ সোণ,
মৰম লবি। বহুদিন হ’ল তোলৈ চিঠি নিলিখা। তদুপৰি বৌটিয়েৰৰ উপৰ্যুপৰি তাগিদা। সেয়েহে দুশাৰীমান লিখিবলৈ লৈছো। ভালে আছ নিশ্চয় ! নেদেখা জনৰ কৃপাত আমাৰো ভালেই বুলিব পাৰি।পঢ়া-শুনাবোৰ কেনে চলিছে? চাবি, নিলগত থাকি নিজৰ দ্বায়িত্ব পাহৰি নেপেলাবি। বহু আশা-ভৰষাৰ মূৰত বাহিৰলৈ পঢ়িবলৈ পঠাইছো। তোৰ ওপৰত অৱশ্যে সিমানখিনি বিশ্বাস আমাৰ আছে। তথাপি যুগটোৰ কথা ভাবিলে কেতিয়াবা ভয় নলগা নহয়। বৌটিয়েৰৰো চিন্তা সেইখিনিতে। জানই নহয় মানুহজনী, সাত-শতৰুৱেও নভৱা কথা মাকবোৰে ভাৱে হেনো!!ভালকৈ পঢ়া-শুনা কৰিবি। একেটাই ল’ৰা। তোক বৰ মানুহ কৰাৰ বৌটিয়েৰৰ সপোনটো ফলিয়াব লাগিব।
অ!সেইদিনা প্রৱেশিকাৰ ফলাফল বাহিৰ হ’ল নহয়,বাতৰিত গম পাইছই চাগে’। আমাৰ ইয়াৰ ৰিজল ভাল। পৰীক্ষা দিয়া আটাইকেইটাই উত্তীর্ণ হৈছে। তৰাই ভৱাতকৈ বেচিহে ভাল ৰিজল কৰিছে হেনো। মোৰ মতে সেইয়া তাইৰ নিজা যত্ন। একাগ্রচিত্তে লাগি থাকিলে মাগি খাব নালাগে বুলি কথা এষাৰ আছে। এইবাৰৰ উত্তীর্ণৰ হাৰো আন বাৰতকৈ ভাল। শতকৰা সত্তৰ। ভাল লাগিছে। আমাৰ ঠাইখিনি আগবাঢ়ি যোৱা যেন লাগিছে দেখুন। নতুন প্রজন্মই পঢ়াৰ মূল বুজিছেগৈ। যেইকি নহওক, তৰাৰ খবৰ এটা লবি। উৎসাহ পাব ।
বৌটিয়েৰৰ ৰোগটো আগৰে লেখীয়া। বিশেষ ভাল পোৱা নাই। খেতি-খোলা সামৰি এবাৰ বেমাৰ দেখুৱাবলে বাহিৰলে নিয়াৰ অভিপ্রায় এটা মনতে পুহি ৰাখিছো। লগৰ কোনো কোনোৱে তেওঁক ভাৰত ভ্রমণত যাবৰ কাৰণে লগ ধৰি আছে। মোৰ মতে এইবাৰলে নালাগে। চিকিৎসাটোহে হওক আগে।
ময়ো ইয়াৰ মাজতে তোৰ তালৈ এবাৰ গৈ অহাৰ কথা মনতে পাঙি আছিলো যদিও মাজতে সেই দুদিনৰ বৰষুণতে আগ বাৰিষা হৈ আমাৰ আলি-পদুলি বুৰালেই। তাতে কিবা ‘মহাচেন’ৰ কথা ওলালে!মনটো সমূলি আগ নাবাঢ়িল। পাৰিলে তইয়ে এবাৰ আহি যাবিহি। সেই বুলি নিজৰ কাম পাছ পেলাই নহয়।
জেঠৰ কেইবাদিনো গ’ল। খেতিৰ বাবে টঙালি বান্ধিবৰ হ’ল। নাঙল-যুঁৱলিৰ প্রবন্ধ হৈছেগৈ। এতিয়া বতৰেহে জানে।আমাৰ আকাশলে চাই ৰোৱাৰ বাহিৰে আন উপায়নো আৰু কি আছে। বিজ্ঞান প্রযুক্তিয়ে আমাৰ কৃ্ষিক ঢুকি নাপায়।
চাবি, ডাঙৰ ঠাইৰ কথাবোৰো অলপ সুকীয়া। মানুহৰ মূল্য কম। বাট-ঘাটো জনে জনাৰণ্য। গাড়ী মটৰো কম নচলে। ইফালে-সিফালে গ’লে আগপিছ চাইচিতি গমিপিটি চলিবি। বৌটিয়েৰৰ তোকলৈ পুৱা-গধূলি সেইবোৰেই চিন্তা।বিশেষ আৰু আজিলৈ নিলিখো। চিঠিৰ উত্তৰ দিবি। মানুহজনীয়ে নহলে উচপিছাই থাকিব। এৰিছো।
শেষত পুনৰ মৰম আশীষ থাকিল।
ইতি-
তোৰ পৰমপূজনীয় পিতাৰ।
তাং-ইং ২০/০৫/১৩

“আলাপ” শিতানটি সজাব খুজিছোঁ লেখক তথা চিঠিগোটৰ সন্মানীয় সদস্য মানবেন্দ্ৰ কুমাৰ শৰ্মা দেৱৰ স’তে৷

চিঠিগোটৰ আলাপ শিতান: মাৰ্চ,২০১৭
"ৰাতিলৈ টিভিতো দেখুৱালে সেই মুহূৰ্তৰ আমাৰ উল্লাস-পাকঘৰত চোৰে ব্ৰেড-বাটাৰ আৰু ভুজিয়াৰে ডিনাৰ কৰিলেও এৰি গ’ল প্ৰেমাস্পদৰ সেই পৰম সম্পদ !"
সন্মানীয় সদস্যবৃন্দ,
নমস্কাৰ গ্ৰহণ কৰিব৷এইবাৰ চিঠিগোটৰ “আলাপ” শিতানটি সজাব খুজিছোঁ লেখক তথা চিঠিগোটৰ সন্মানীয় সদস্য মানবেন্দ্ৰ কুমাৰ শৰ্মা দেৱৰ স’তে৷
১) চছিয়েল নেটৱৰ্কিং চাইট “চিঠি গোট”ৰ ফালৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ
মা. শ.:ধন্যবাদ
২)সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
মা.শ:অতীতৰ বহু সোঁৱৰণি মধুৰ হ’লেও সময়ৰ লগত তাল মিলাই চলিবলৈ আমি বাধ্য ৷
৩)আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
মা.শ:নিশ্চয় ৷ আনকি সমুখত ক’বলৈ সংকোচ কৰা কথাবোৰো দেউতাক জনোৱাত চিঠিয়েই প্ৰধান মাধ্যম আছিল ৷ আনকি মোৰ প্ৰিয়াৰ প্ৰথম খবৰো ইয়েই দেউতালৈ কঢ়িয়াই নিছিল ৷
৪)প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
মা.শ:চিনাকি কিতাপৰ দোকানীজনে সুধিছিল- কি কৰে দিস্তাই দিস্তাই কাগজ ! অলপতে মোৰ ঘৰত চুৰি হ’ল ৷ চোৰে সকলো ওলট-পালট কৰিলে ৷ আলমিৰাৰ সেই নিৰ্দিষ্ট ঠাই খালি দেখি আমাৰো হুমুনিয়াহ ওলাল ৷ পিছে পাকঘৰৰ এঠাইত সেইয়া তেনেকৈৱে এৰি যোৱা দেখি হেৰোৱা হাঁহি উভতি আহিল ৷ সেই সময়ত দুটামান চেনেলে এইবোৰৰ ফটো উঠাই আছিল ৷ ৰাতিলৈ টিভিতো দেখুৱালে সেই মুহূৰ্তৰ আমাৰ উল্লাস-পাকঘৰত চোৰে ব্ৰেড-বাটাৰ আৰু ভুজিয়াৰে ডিনাৰ কৰিলেও এৰি গ’ল প্ৰেমাস্পদৰ সেই পৰম সম্পদ ! হয়, আমাৰ বাবে পৰম সম্পদেই ! তাৰ মাজতেই যেন আমাৰ জীৱনৰ এচোৱা আছে ৷ সেই দিনবোৰ পুনৰ উভতাই আনিব নোৱাৰিলেও তাৰ সোঁৱৰণতেই সেই শিহৰণ, সেই মাদকতা, সেই নান্দনিকতা কিছু উভতি আহে ৷ আমাৰ সেই অনুভৱ ৰমণীয় আৰু সক্ৰিয় কৰাত এই পৰম সম্পদে সদায় অনুঘটকৰ ভূমিকা লয় ৷ এনেকৈয়ে, এতিয়াও আমি এজনে আনজনৰ প্ৰেমত পৰোঁ ৷
৫) বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
মা.শ: সময়ৰ স’তে তাল মিলাবলৈ আমাক পৰিস্থিতিয়ে বাধ্য কৰিছে ৷ আপোনাৰ এই লানি প্ৰশ্ন বুটামৰ এটা টিপাতেই মোৰ ওচৰ পালে ৷ মোৰ এই উত্তৰৰ মনোপুত নোহোৱা অংশ সম্পাদনা কৰাৰ ইমান সুন্দৰ ব্যৱস্থা, মই বুটাম টিপিলেই পিছ মুহূৰ্ততে এইয়া আপোনাৰ ওচৰো পাব ৷ চিঠিৰ সেই সুৱাস সঁচাকৈ সজীৱ কৰিব লাগিলে আমি উভতি যাব লাগিব আগৰ সেই অৱস্থালৈ ৷ আধুনিক এই ব্যৱস্থাৰে কাৰোবালৈ ইয়াত লিখা এখন চিঠি আৰু এটা গল্প বা এখন উপন্যাস বা এটা প্ৰবন্ধ পঢ়াৰ মাজত মই একো বিশেষ ব্যতিক্ৰম নাপাওঁ ৷ সেই সোৱাদত বিভোৰ হ’ব লাগিলে আমি আগৰদৰে কাগজ-কলম লৈ বহিব লাগিব, ডাকোৱাললৈ অধীৰতাৰে বাট চোৱাৰ পৰিৱেশ লাগিব ৷ সঁচাকৈয়ে কাৰোবাৰ প্ৰাণত আজিও সজীব হৈ আছেনে সেই ধৈৰ্য আৰু মানসিকতা ?
জীৱনৰ কৰ্মব্যস্ততাৰ মাজতো সময় উলিয়াই “আলাপ” শিতানত ভাগ লৈ তেখেতে আমাক যি আনন্দ দিলে তাৰবাবে তেখেতক জনালোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
১৭/০৩/১৭ Anupama Borgohain

"থোৰতে" শিতানটি সজাব খুজিছোঁ লেখক/অভিযন্তা ঈশানজ্য়োতি বৰাৰ কথাৰে৷

সন্মানীয় সদস্যবৃন্দ,
নমস্কাৰ গ্ৰহণ কৰিব৷ আজিৰ "থোৰতে" শিতানটি সজাব খুজিছোঁ লেখক/অভিযন্তা ঈশানজ্য়োতি বৰাৰ কথাৰে৷ আহকচোন পঢ়ি চাওঁ ---
চুটিকৈ উত্তৰ দিয়ক --
প্ৰশ্ন: জীৱন?
উত্তৰ-মই এটা অনুপ্ৰেৰণাদায়ী জীৱনত বিশ্বাস কৰোঁ। জীৱন এনে এখন সুদৃশ্য মঞ্চ,য'ত আপুনি-মই যি ইচ্ছা তাকেই কৰিব পাৰোঁ, যেনেধৰণে ইচ্ছা কৰোঁ,তেনেকৈয়ে ভাও দিব পাৰোঁ। কিন্তু আপোনাৰ অভিনয় হ'ব লাগিব এনে শক্তিশালী,জোৰদাৰ আৰু বলিষ্ঠ-যাতে আপুনি মঞ্চ এৰি যোৱাৰ পিছতো,অভিনয় শেষ হোৱাৰ পিছতো দৰ্শকৰ ফালৰপৰা আহ্বান আহে-'once more।আকৌ এবাৰ।' দৰ্শকে যাতে আপোনাৰ নামটো পাহৰি গ'লেও আপোনাৰ কৰ্ম,চিন্তা আৰু সৃষ্টিক পাহৰি নাযায়। মই মোৰ জীৱনটোক তেনেদৰে গঢ় দিব বিচাৰোঁ।
প্ৰশ্ন:মৃত্যু?
উত্তৰ-জীৱনত উপলব্ধি কৰিবলগীয়া অন্তিম সত্যটো।
প্ৰশ্ন: প্ৰেম?
উত্তৰ- প্ৰাণ-প্ৰাচুৰ্যৰে পূৰ্ণ এক চৰ্তবিহীন সম্বন্ধ।
প্ৰশ্ন: শব্দ?
উত্তৰ-জুবিন গাৰ্গৰ 'শব্দ' গীতটোলৈ মনত পৰিছে। শব্দ মোৰ বাবে আশা,অনুপ্ৰেৰণা,প্ৰাৰ্থনা-সকলো। শব্দৰ ইতিবাচক আৰু জীৱনমুখী দিশটোৰ মই অনুগামী।
প্ৰশ্ন:-কলম?
উত্তৰ-জগত পোহৰ কৰাৰ এক উপযুক্ত আৰু শক্তিশালী মাধ্যম।
প্ৰশ্ন: আপোনাৰ বাবে ঈশান জ্যোতি বৰা ?
উত্তৰ-'বৰ্তমান'ৰ বাসিন্দা।
প্ৰশ্ন: আপোনাৰ জীৱনৰ এটি হাস্যমধুৰ মুহূৰ্ত?
উত্তৰ-ঢেৰ কাহিনী আছে। এটা কওঁ । অৰুণাচলত থাকোঁতে।
এদিন টিভি চাই চাই মাংসৰ জোল 'টেষ্ট' কৰি আছিলোঁ। তাৰপিছত বাতিটো বিচনাৰ তলত থৈ দিলোঁ। ভাবিলোঁ-যদি বাতিটো পাছত বিচনাৰ তলৰ পৰা আনিবলে' পাহৰি যাওঁ,বেয়া কথা হ'ব । এই ভাবি কৰিলোঁ কি, ম'বাইলটোত ৰিমাইণ্ডাৰ দি থ'লোঁ। লিখিলোঁ- "বিচনাৰ তলত বাতি এটা আছে"। হাহাহাঃ
এসময়ত এলাৰ্ম বাজিল আৰু বাতিটো বিচনাৰ তলৰ পৰা উলিয়াই আনিলোঁ। কথাটো মনত পৰিলে আজিও হাঁহি উঠে।
বহুত ধন্যবাদ ঈশান৷"থোৰতে" শিতানত ভাগ লোৱা বাবে....

Sunday 12 March 2017

চিঠিগোটৰ "থোৰতে" শিতান: মাৰ্চ,২০১৭

চিঠিগোটৰ "থোৰতে" শিতান: মাৰ্চ,২০১৭
সন্মানীয় সদস্যবৃন্দ,
নমস্কাৰ গ্ৰহণ কৰিব৷ এইবাৰ "থোৰতে" শিতানটি সজাব খুজিছোঁ কবি সুলেখিকা অনিতাগগৈ বাইদেউৰ কথাৰে৷আহকচোন পঢ়ি চাওঁ--
চুটিকৈ উত্তৰ দিয়ক --
প্ৰশ্ন: জীৱন?
অ.গ.: যজ্ঞ
প্ৰশ্ন:মৃত্যু?
অ.গ.: আহূতি
প্ৰশ্ন: প্ৰেম?
অ.গ.:আকাশ
প্ৰশ্ন: শব্দ?
অ.গ: প্রকাশ
প্ৰশ্ন:-কলম?
অ.গ: ডেউকা
প্ৰশ্ন: আপোনাৰ বাবে অনিতা গগৈ ?
অ.গ.:এটি জোনাকী
প্ৰশ্ন: আপোনাৰ জীৱনৰ এটি হাস্যমধুৰ মুহুৰ্ত
অ.গ: স্নাতক মহলাৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাত পাৰ্শ্ববিষয় বুৰঞ্জীৰ পৰীক্ষা । পৰীক্ষাৰ আগৰ বন্ধৰ কেইদিনত দিনে ৰাতি মুখস্থ কৰা পাঠ আওৰাই কলেজ কেম্পাছত সোমাইছোঁগৈ। পৰীক্ষা আৰম্ভ হ'বলৈ ৫ মিনিটমানহে বাকী আছে । পৰীক্ষা হ'ললৈ সোমাই যোৱা দীঘলীয়া কৰিডৰটোৰে পাৰ হৈ যোৱা সকলে দেখোন মোৰফালে আচৰিত হৈ চাই হাঁহিছে । মই বোলো লৰালৰিতে পিন্ধি যোৱা চুৰিদাৰযোৰ কিবা আনমেটচ্ হ'ল নেকি নে চেন্দেল দুযোৰৰ দুপাত পিন্ধিলোঁ নেকি ? -- নাই সকলোতো ঠিকেই আছে। খৰখোজেৰে গৈ হল পাই দেখিছোঁ , ইতিমধ্যে আমাৰ বিষয় শিক্ষক ' ছাৰ ' কোঠাত সোমাই আছে । সুধিলোঁ, ছাৰ সোমাব পাৰোঁনে ? ---- '' ওম । প্রথমে ছাতিটো বন্ধ কৰি লোৱা । বৰষুণ এৰিল । '' ইয়ে ...তাৰমানে ? কথা নাই বতৰা নাই ছাতিটো বাৰু কিহৰ বাবে খুলি লৈছিলোঁ বন্ধ কৰিডৰটোত ? ফিচিঙা ফিচিংকৈ আঁতৰি যোৱা মুখবোৰ মনলৈ আহিল। .. হলভৰ্তি পৰীক্ষাৰ্থী , ছাৰ সকলোৰে আগত কান মূৰ গৰম হৈ চকুৰ আগত ৰঙা নীলা বা্ল্ব জ্বলি থাকিল বহুপৰলৈ... ।
কৃষ্ণ ***

মাকে জীয়ৰীলৈ লিখা চিঠি

মাকে জীয়ৰীলৈ লিখা চিঠি: মাৰ্চ,২০১৭
মোৰ মৰমৰ জান-হিয়া,
মৰমবোৰ লবা৷ আজি মই তোমালোকক এঘাৰ বছৰীয়া মৰম লগা এজনী সুখী ছোৱালীৰ কথা কম৷তাইৰ নামটো আছিল এলিজাবেথ৷তাই সদায় ৰাংঢালিজনী হৈ ঘূৰি ফুৰিছিল৷এদিন দেউতাকে তাইক সুধিলে –
“মাজনী,তই সুখী নে?”
“অঁতো,মই সুখী৷”—এলিজাবেথে হাঁহি মাৰি ক’লে৷
“তই সদায় সুখী নে?”
“মই সদায় সুখী দেউতা৷”
“বাৰু,তই কি কি কাৰণে সুখী আজি মোক ক’ব লাগিব৷”
এলিজাবেথে মিচিকিয়াই হাঁহি দেউতাকক কৈ গ’ল—“মোৰ খেলৰ লগৰীসকলক মই বৰ ভাল পাওঁ,সেয়ে মই সুখী৷মই মোৰ স্কুলখন আৰু মোৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক ভাল পাওঁ,সেয়ে মই সুখী,মই গীৰ্জালৈ গৈ আনন্দ পাওঁ,সেয়ে মই সুখী৷মোৰ ভনী মাৰ্গাৰেট আৰু ভাইটি জনক মই খুউব ভাল পাওঁ,সেয়ে মই সুখী৷মই মা আৰু তোমাক ভাল পাওঁ,সেয়ে মই সুখী৷মোৰ অসুখ-বিসুখ হ’লে তোমালোকে যে কিমান যত্ন লোৱা,তোমালোক মোৰ শুভাকাংক্ষী৷সেয়ে মই সদায় সুখী দেউতা৷”
দেখিছা জান-হিয়া..তাইৰ পৃথিৱীখনৰ লগত জড়িত সকলোকে লৈ তাই সুখী৷এলিজাবেথৰ বাবে সুখী হোৱাৰ এইয়াই “ফৰ্মূলা”৷তোমালোকেও এলিজাবেথৰ এই সুখী হোৱাৰ ফৰ্মূলাটো জীৱনত সদায় প্ৰয়োগ কৰিবলৈ যত্ন কৰিবা দেই৷
বহুত মৰম আৰু চুমাৰে,
ইতি
তোমালোকৰ মা
১২/০৩/১৭

Friday 10 March 2017

মৰমৰ নীলাঞ্জন:দেৱাশ্ৰী বৰগোহাঁই

মৰমৰ নীলাঞ্জন,
ওপজাদিনৰ বহু বহু শুভকামনা তোমালৈ । জীৱনে চোঙ সলাই প্ৰতিপল, প্ৰতিক্ষণে । প্ৰতিটো মূহুৰ্তই আঁকি যায় নৱ আল্পনা । পাৰ হৈ যোৱা বচৰকেইটাই সিচি থৈ যোৱা অভিজ্ঞতাৰ ৰঙীন দলিছাৰে খোজ পেলাইছা জীৱনৰ এটি নতুন বচৰত । জীৱনৰ প্ৰতিটো দিনেই কঢ়িয়াই আনে আশাৰ নতুন বতৰা । এই আশাবোৰ আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া । অনাগত দিননোৰত জীৱনক লৈ ৰচা আশাবোৰ পৰিপূৰ্ণ হৈ উঠক তাৰে শুভকামনা জনালো ।
জীৱন এক ৰহস্য, এক অবুজ সাঁথৰ । সময়ৰ সতে অবুজ মিতিৰালি জীৱনৰ । সময়ৰ সতে জীৱনে কান্দে, হাঁহে, ঠেহ পাতি অভিমান কৰে । কিন্তু গৈ থাকে দুহাত ধৰি । আজীৱন বন্ধুত্বৰ প্ৰতিশ্ৰুতিও দেখুন ভাঙি থৈ যায় সময়ে । পলকতে আকৌ সাজে নতুন বন্ধুত্বৰ ঘৰ । কিন্তু কোনো কোনো সম্বন্ধই বুকুত এনেদৰে আসন পাতি বহে যে জীৱনে ধুই নিব নোৱাৰে কোনোকালে । তেনে এটি ভাই আৰু বন্ধু পালো তোমাৰ মাজত । যোৱা আঢ়ৈটা বচৰে বন্ধুত্ব আৰু ভাতৃপ্ৰেমৰ ডেউকাৰে আৱৰি ৰখাৰ বাবে অশেষ ধন্যবাদ । আজি তোমাৰ জন্মদিনৰ দিনা এই ধন্যবাদকে উপহাৰ ৰূপে পঠিয়ালো । মাজে মাজে তোমাক অধৈৰ্য, আৱেগিক, হতাশা আৰু মানসিক চাপত দেখা পাওঁ। অৱশ্যে এই সময়খিনিয়ে তেনেকুৱা । তুমি নিজক নিজেই চম্ভালি জীৱনৰ মহত্ব লাভৰ বাবে কৰ্ষণ কৰিব লাগিব । আজি এইক্ষেত্ৰত তোমাৰ সহায় হোৱাকৈ কেইদিনমান আগতে পঢ়া এটা সৰু লেখা তোমালৈ আগবঢ়ালো । আশাকৰো অনাগত দিনবোৰৰ বাবে ই সহায়ক হ’ব ।
এবাৰ এগৰাকী মনোবিজ্ঞানীয়ে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা কৰি আছিল । হঠাতে তেওঁ এটা পানী গিলাছ হাতত তুলি ল’লে । ছাত্ৰ-ছাত্ৰীবোৰে ভাবিলে, তেওঁ নিশ্চয় গিলাছটো খালী নে ভৰ্তি আছে জাতীয় প্ৰশ্ন সুধিব । কিন্তু মিচিকীয়া হাঁহিৰে তেওঁ সুধিলে, “মোৰ হাতত থকা গিলাছটোৰ ওজন কিমান?”
ছাত্ৰ-ছাত্ৰীসকলে ভাগে ভাগে হিচাপ উলিয়াই উত্তৰ দিলে ।
সকলোৰে উত্তৰবোৰ শুনাৰ পাছত তেওঁ ক’লে, “মোৰ মতে পানীৰ গিলাছটোৰ কিমান ওজন সেইয়া বিচাৰ্য নহয় । ইয়াৰ ওজন নিৰ্ভৰ কৰিব তুমি কিমান সময় গিলাছটো ডাঙি আছা । যদি তুমি তাক মাথো কেইমিনিটমানৰ বাবে ধৰি আছা তেনেহ’লে ই নিচেই পাতল । কিন্তু যদি তুমি তাক একঘন্টামান একেথিৰে ধৰি আছা তেনেহ’লে লাহে লাহে তোমাৰ বাউসীৰ বিষ হ’বলৈ আৰম্ভ কৰিব । আৰু যদিহে গোটেই দিনটো তেনেদৰে ডাঙি আছা তেনেহ’লে লাহে লাহে তোমাৰ কান্ধটো অসাৰ হৈ পৰিব আৰু এসময়ত তুমি গিলাছটো পেলাই দিবলৈ বাধ্য হ’বা । গিলাছটোৰ ওজন সলনি নহ’লেও তাক ধৰি থকা সময়খিনিয়ে ওজন বঢ়াই তুলিব”।
কাঁহ পৰি জীন যোৱা শ্ৰেণীকোঠাটোলৈ চাই তেওঁ ক’লে, “তোমালোকৰ মনৰ চাপ, উদ্বেগবোৰ ঠিক এই পানীৰ গিলাছটোৰ দৰে । কেইমূহুৰ্তৰ বাবে এইবোৰক প্ৰশয় দিয়া, কোনো ক্ষতি নহয় । কিন্তু বহু সময়ৰ বাবে ইহঁতক ধৰি ৰাখিলে, জীৱনক কোঙা কৰি পেলাব । গতিকে মানসিক চাপ, উদ্বেগ, হতাশা এইবোৰক কাহানিও প্ৰশয় নিদিবা”।
মই জানো কিছুমান কথাৰ ব্যৱহাৰিক প্ৰয়োগ সহজ নহয় । কিন্তু অসাধ্য নহয় । মনোবিজ্ঞানী গৰাকীৰ কথাষাৰৰ আমাৰ জীৱনত প্ৰয়োগৰ এটা চেষ্টা আমি নিশ্চয় কৰিব পাৰো নহয়নে? অহ্! আজি দিনটোতো তোমাক ব’ৰ কৰিছো ন’ । ইস্ কৰিমেই । বায়েক হিচাপে বন্ধু হিচাপে সেয়া মোৰ অধিকাৰ । শেহত জীৱনত বিচৰাৰ দৰে সুখী হোৱা । আহিবলগীয়া দিনবোৰে দি যাওক মনে বিচৰাখিনি । ভালে থাকা, কুশলে থাকা, সুখী হোৱা ।
ইতি
তোমাৰ বাইদেউ

Monday 6 March 2017

মৰমৰ মৌ : অনিতা গগৈ

মৰমৰ মৌ,
আজি হঠাতে মন গ'ল এখন চিঠি লিখিবলৈ । তুমি কৈছিলা যে, হয়তো সেয়ে । আচলতে এই কামটোত মই একেবাৰে কেঁচা। লিখিবলৈ লৈ ভাবি থাকোঁ কি লিখোঁ ? এসোপামান ভাব মনৰ মাজত অগাদেৱা কৰি থাকে অথচ সহজে ওলাই নাহে। এনে লাগে যেন চিঠি এখন লিখোঁ বুলি ভাবিলেই মোৰ সোঁৱে বাৱেঁ, আগে পিছে , টেবুলৰ ওপৰে তলে , দুপদুপাই ঘূৰি ফুৰে ভাববোৰ। অথচ লিখিব খুজিলেই মুখ ভেঙুচাই দৌৰি পলায় । মূৰকত একো লিখা নহয়গৈ বা আধৰুৱাকৈয়ে সামৰা হয়। তুমি শুনিলে হাঁহিবা মই মাত্র দুটা শাৰীৰ চিঠিও লিখি পাইছোঁ।
বাৰু এইবোৰ কথা থাকক। আচলতে বহুকথাই ক'বলৈ মন গৈছে কিন্তু কোনটো আগতে কওঁ ,কোনটো পিছত এনে লাগিছে। এই যে ফাগুন মাহ ! মন উৰুঙা উৰুং লগা। সৰু কালত আমাৰ স্কুলৰ পৰা অহাৰ বাটত এজোপা মদাৰৰ গছ আছিল। তলসৰা মদাৰৰ পাপৰিৰে পথৰ এছোৱা ভৰি থাকে যেন বহু দূৰলৈ এখন ৰেড কাৰ্পেট পাৰি থোৱা। সেই গছজোপাৰ গুৰিতে বাটটো শেষ হৈছে। সন্মুখত এখন মেটেকানিৰে ভৰা বিল । স্কুল ছুটিৰ সময়লৈ অধীৰ আগ্রহেৰে বাট চাই ৰওঁ, কেতিয়াকৈ গৈ সেই ঠাই পাওঁগৈ ? কেনেকৈ আনতকৈ আগতে গছজোপাৰ গুৰিৰ পৰা ওখকৈ থকা শিপা এডালত বহিবগৈ পাৰোঁ ? ... ওপৰত নীলা আকাশ ৰঙাই ফুলা মদাৰৰ কল্লোলিত কথকতা , সন্মুখৰ মেটেকানিৰ জয়াৰ নিৰ্জনতা। দীঘল দীঘল নখৰ দৰে পাপৰি বোৰ আঙুলিত পিন্ধি ... চাই ৰওঁ আকাশৰ অ'ত ত'ত উৰি ফুৰা ৰং বিৰঙী চিলাবোৰ। মেটেকানিৰ স্তব্ধতা ভাঙি হুৰুসকৈ আকাশলৈ উৰি যোৱা চৰাইবোৰ। কিবা এক আবেশে আচ্ছন্ন কৰে মন। পিছে সেই এখন্তেকহে । ইফালে সময়মতে ঘৰ আহি সোমোৱাৰ অলিখিত চমন।
জানানে মৌ, এই ফাগুন চ'ত মাহতে যে মেট্রিক পৰীক্ষাৰ বাবে স্কুলৰ দীঘলীয়া বন্ধবোৰ হয়,সেই দিনবোৰ মই প্রায়ে এগৰাকী জেঠাইদেউৰ ঘৰত কটাইছিলোঁ। জেঠাইদেউহঁতৰ চাহ বাগিছাৰ ঘৰলৈ সোমোৱা বাটৰ মূৰতে চন্তৰীৰ দৰে থিয় হৈ থাকে দুজোপা শিমলু গছ। চৌপাশে ওখ ওখ শিৰিষ গছৰ ছাঁয়াৰে আবৰা চাহগছৰ সেউজ শোভা , চাহশ্রমিকৰ শাৰী শাৰী আবাস , কলঘৰৰ পৰা ভাঁহি অহা চাহপাতৰ সুতীব্র সজীৱ সুবাস... কিযে ভাললগা । জেঠাইদেউৰ ঘৰৰ আগফালে আছিল এটা প্রকাণ্ড পুখুৰী। দলনিৰ আঁৰত অনবৰতে মাছে খলখলাই থাকে । কাষে কাষে ফুলি থাকে ভেঁট আৰু পদুমবোৰ। সন্ধ্যাৰ আন্ধাৰত ভাঁহি অহা উঁইচিৰিঙাৰ চিঁ চিঁয়নিৰে জয়াল পৰিবেশক অধিক ৰহস্যময় কৰি তোলে দূৰৈৰ মজদুৰ লাইনৰ পৰা ভাঁহি অহা মাদলৰ মাতে। বাৰে বাৰে খিৰিকীৰ পৰ্দা তুলি চাওঁ । আকাশৰ জোনটো শিমলুৰ ডালত ওলমি থকা যেন লাগে ...। পুখুৰীৰ ওপৰত উৰি ফুৰা জোনাকী পৰুৱাবোৰক আকাশৰ তৰা যেন লাগে । বেছি দেৰিলৈ চাই থাকিব নোৱাৰি সেই পৰিবেশ, পুখুৰীৰ মাজৰ পৰা কোনোবাই যেন হাতবাউলি মাতে । ভয়ে ভয়ে চকু আঁতৰাই আনি বিচনাৰ গাঁৰু টো চকুত হেঁচি ধৰোঁ ... পঢ়ি থকা কিতাপখন পুনৰ মেলি লওঁ। জেঠায়ে চিঞৰে --- আইচুমানু , মোৰ ভাত হৈছেই ... টোপনি নাযাবি ।... টোপনি মোৰ নাহেই । বহু ৰাতিলৈ জেঠাইৰ কাষত শুই পিনপিনাই ফুৰোঁ ৰূপকথাৰ দৰে লগা মায়াময় জগত এখনত।
জেঠাইদেউৰ ল'ৰা ধনটিদাৰ সৈতে বাগিছাৰ মাজৰ ৰাষ্টাৰে চাইকেলত উঠি যাওঁ আইতাৰ ঘৰলৈ । জয়াল জৰী এজোপাই আগুৰি থকা পুৰণা শিৱমন্দিৰৰ আগত ৰৈ যায় ধনটি দাৰ চাইকেল। ' মন্দিৰৰ আগেৰে চাইকেল চলাই যাব নাপায় ।' জেঠাইৰ এই এষাৰ কথা ধনটিদাই মানে। মন্দিৰৰ চৌহদত এটা প্রকাণ্ড ষাড়গৰু ঘূৰি ফুৰে । কেনেবাকৈ খেদি আহে বুলি ভয়ে ভয়ে ধনটিদাৰ আঁৰত লুকাওঁ। ভৰিৰ তলত কিবা এটা কেচেককৈ ভাঙে । চাই দেখোঁ আন ক'তো দেখা নোপোৱা সচৰাচৰ দেখাতকৈ ডাঙৰ আকৃতিৰ কজলা বৰণীয়া কেৰেলুৱা এবিধ কিলবিলাই ফুৰা । গা কিচ্ কিচাই যোৱাকৈ গোল গোল হৈ বাগৰি যোৱা। হঠাতে ক'ৰবাৰ পৰা জপিয়াই আগতে পৰেহি মলুৱা বান্দৰ এটা ..দুটা , পুনৰ লাফ মাৰি গছৰ ডালে পাতে ওলমি চকুৰ পচাৰতে নাইকীয়া হয়। ওখ ওখ গছবোৰৰ পৰা কপৌফুল বোৰ হালি জালি ওলমি থাকে। ওখ পাহাৰটোৰ সিপাৰৰ ক'ৰবাৰ পৰা কুলিয়ে বিনায়। ধনটিদাই কয়,
'' দেখিছ? তহঁতৰ নামৰূপত এইবোৰ আছে ? '' ... মনে মনে কওঁ -- সঁচাই নাই ধনটিদা , কিন্তু মুখ ফুটাই কওঁ --- ইহ ! আমাৰ তাত ইয়াতকৈও ধুনীয়া ঠাই আছে।
পথাৰৰ মাজৰ বহল আলিটোৰে বজাৰখন পাৰ হৈ গৈ আইতাহঁতৰ গাওঁখন পাওঁ । কালভাৰ্টৰ ওপৰত এখন্তেক ধনটিদাই চাইকেলখন ৰখায়। পথাৰৰ ন' পানীত জাক জাক দৰিকণা মাছে কমাই থকা চাই চাই এপৰলৈ তধা লাগে ধনটিদা । পথাৰৰ আলিয়েদি পাৰহৈ যোৱা দুই এগৰাকী পেহী ,আইতা সম্বন্ধীয় মানুহে সোধে -- '' সেইটো ধনটি নে ? কলেজ বন্ধ নেকি ? লগত সেইজনী আইচুমানু নহয়নে ? আগতকৈ ডাঙৰ হ'লচোন ।'' --- নহ'বনে ডাঙৰ ? আমাৰ মঙলুৱে ( মঙলু ধনটিদাহঁতৰ বাৰীত কাম কৰা মানূহ এজন ) তাইক বিয়া কৰাবলৈ ৰৈ থকা নাই জানো?... ধনটিদাই ৰিঙিয়াই উত্তৰ দিয়ে। মানুহে নেদেখাকৈ ধনটিদাৰ পিঠিত বজ্রচিকুট এটা দিওঁ , জোতাৰ আগেৰে থপ্ থপকৈ মাটিত ভৰি আচাৰি চকুৰ পানীৰে বাট নেদেখা হওঁ । ...কিয় ক'বা মোক ডাঙৰ বুলি ? মই ডাঙৰ নহওঁ কাহানিও। বেলিটো আকাশৰ চুকত হেলনীয়া হোৱাৰ আগতেই আমি আইতাৰ ঘৰ পাওঁগৈ...।
কেনেকৈ যে পাৰ হৈ যায় সময়বোৰ।খাঁজ কাটি ৰৈ যায় মাথোঁ সোঁৱৰণি মনৰ মাজত । যেন কোনো কাহানিয়ে মচ নোখোৱা এটা এটা মুহূৰ্তৰ এখন এখন ছবি। এৰা , ছবি ! সেই মোৰ সৰুকালৰ মৰমৰ এডভেঞ্চাৰ প্রিয় ধনটিদাটোও আজি নাই । আছে মাথোঁ ফ্রেমত বন্ধোৱা এখন বিবৰ্ন ছবি ।
মৌ, চোৱাচোন ..কি কওঁ ? কি লিখোঁ কৈ বহুকথাই ক'লোঁ মোৰ শৈশৱৰ । সিদিনা তুমি তোমালৈ লিখিবলৈ কওঁতে কিয় জানো মোৰ শৈশৱৰ কথাহে মনলৈ আহিল। আচলতে সৰুকালৰ স্মৃতিবোৰেই মোৰ প্রিয় সম্পদ । তাতে মই পাকঘূৰণি খাই ফুৰোঁ । এই যে কবিতা বুলি লিখোঁ দুই এটা তেতিয়াও আহে সেই অতীত ... গল্পটো ( গল্প অৱশ্যে বহুদিন লিখাই নাই ) কেতিয়াবা অতীতে ভুমুকিয়াই । এনে লাগে যেন সেই অতীততে ৰৈ আছোঁ মই ।.. এই যে আজিৰ মই জনী , যেন মাথোঁ অতীতৰ একো একোটা চলমান মুহূৰ্তৰ প্রতিচ্ছবিহে ।
মৌ, যা তা বলকি যোৱা অসংলগ্ন কথাবোৰ শুনি তোমাৰ চাগৈ আমনি লাগিছে ... ? আজিলৈ সামৰোঁ দিয়া । পুনৰ কেতিয়াবা লিখিম মন গ'লে .। শেষত তোমালৈ বহু মৰম আৰু জান হিয়া দুয়োলৈ চুমু।
.... ইতি
তোমাৰ অনিতা বা
নামৰূপ সাৰনগৰী
৬।৩।২০১৭।।

Sunday 5 March 2017

মাকে জীয়ৰীলৈ লিখা চিঠি: মৌচুমী বৰি

মাকে জীয়ৰীলৈ লিখা চিঠি:মাৰ্চ,২০১৭
মোৰ মৰমৰ জান-হিয়া,
মৰমবোৰ ল’বা৷ আজি মই তোমালোকক এটি অধৈৰ্য ল’ৰাৰ কাহিনী ক’ম যি জন ল’ৰাই এজনী চৰাইৰ কাৰুকাৰ্য দেখি পিছলৈ ধৈৰ্য গুণ লাভ কৰিছিল৷ল’ৰাটি নিজৰ কাম-কাজ লৈ ইমানেই অধৈৰ্য আছিল যে কামৰ কথা ভাৱি পুৱাৰ আহাৰ চোবাই নাখাই লৰালৰিকৈ গিলিছিল৷এইদৰে লৰা-ঢপৰা কৰি থকাৰ ফলত দুপৰীয়ালৈ ল’ৰাটি ক্লান্ত হৈ পৰিছিল আৰু ৰাতি যেতিয়া বিছনালৈ গৈছিল ল’ৰাটিৰ সৰ্বশৰীৰ অসাৰ যেন হৈ পৰিছিল৷
এদিন ল’ৰাটিৰ ৰাতি ভালকৈ টোপনি নাহিল৷সেয়ে তেনেই দোকমোকালিতে উঠি সি খিৰিকীৰ দাঁতিত বহি পুৱাৰ পৰিৱেশ চাই আছিল৷হঠাতে গছ এজোপাত এজনী চৰাই ল'ৰাটিয়ে দেখিবলৈ পালে৷চৰাইজনীয়ে পাখিৰ মাজত মূৰ গুজি ডেউকাদুখন বহলকৈ মেলি শুই আছিল৷মাজে মাজে চৰাইজনীয়ে সাৰ পায় আৰু ঠোঁটটো পাখিৰ মাজৰ পৰা উলিয়াই আনে,তন্দ্ৰালস দৃষ্টিৰে চাৰিওপিনে এবাৰ চায় আৰু ঠেং এটা আৰু ডেউকাএখন মেলি দিয়ে৷ক্ষন্তেক পিচতে সেই ঠেংটো আৰু ডেউকাখন কোচাই আনে, আৰু একেটা কামেই ইটো ঠেং আৰু ডেউকাখনৰ লগত কৰে – অৰ্থাৎ মেলি দিয়ে আৰু চপাই আনে৷ইয়াৰ পিছত চৰাইজনীয়ে মূৰটো আকৌ পাখিৰ মাজত গুজি দি “সুখটান” টোপনি অকন মাৰে৷তাৰপিছত মূৰটো উলিয়াই খুউব সাৱধানে চাৰিওফালে এবাৰ চায় আৰু মূৰটো পিছলৈ বেঁকা কৰে৷ডেউকাদুখন বহলকৈ আৰু ঠেং দুটা দীঘলকৈ মেলি দিয়ে আৰু এটি সুৱদী গীত জুৰে৷সেই গীত যেন নতুন দিনৰ আদৰণি গীত!!গীত শেষ কৰি চৰাইজনী জঁপিয়াই জঁপিয়াই অলপ দূৰ যায় আৰু দুটোপমান চেঁচাপানীৰে ডিঙিটো তিয়াই লৈ খাদ্যৰ সন্ধানত উৰা মাৰে৷
চৰাইজনীৰ এই কাণ্ড-কাৰখানাই ল’ৰাটিৰ মনলৈ এক বিৰাট পৰিৱৰ্তন আনিলে৷সেইদিনাৰ পৰা সিও চৰাইজনীৰ দৰেই কামবোৰ ধীৰে-সুস্থিৰে কৰিবলৈ আৰম্ভ কৰিলে৷পুৱাৰ আহাৰ লৰালৰিকৈ নিগিলি লাহে-ধীৰে চোবাই খাবলৈ ললে৷বেসুৰাকৈ হ’লেও গান এটি গুণগুণাবলৈ আৰম্ভ কৰিলে৷এনেকৈ কৰাৰ ফলত তেওঁৰ মনৰ অধৈৰ্য গুণ,খিঙখিঙিয়া স্বভাৱ,দুশ্চিন্তা আদি নাইকিয়া হ’ল৷ল’ৰাটিৰ এনে লাগিল – তেওঁ যেন এজন নতুন মানুহ হ’ল৷ল’ৰাটিয়ে গোটেই দিনটো শান্তিৰে পাৰ কৰাৰ উপৰিও ৰাতি শেতেলীলৈ অতি সন্তুষ্টমনেৰে যাব পৰা হ’ল৷ অৱসাদ,ক্লান্তি আদি যেন বহু দূৰলৈ আঁতৰি গ’ল৷
সেয়ে মোৰ জান-হিয়া..জীৱনত কোনো কথাতে কোনো পৰিস্থিতিতে কেতিয়াও অধেৰ্য নহ’বা৷চৰাইজনীৰ কাহিনী তোমালোকেও সদায় মনত ৰাখিবা৷
বহুত মৰম আৰু চুমাৰে আজিলৈ চিঠিখন সামৰোঁ৷
ইতি
তোমালোকৰ মা
০৫/০৩/১৭

Friday 3 March 2017

চিঠিগোটৰ “থোৰতে” শিতান:উইল চিদ্দিকুৰ ৰহমান

চিঠিগোটৰ “থোৰতে” শিতান: মাৰ্চ,২০১৭
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ থোৰতে শিতানটি সজাব খুজিছোঁ চিঠিগোটৰ সন্মানীয় সদস্য উইল চিদ্দিকুৰ ৰহমানদেৱৰ স’তে৷ আহকচোন পঢ়ি চাওঁ৷
চুটিকৈ উত্তৰ দিয়ক –
প্ৰশ্ন: জীৱন?
ছি:ৰ:-জন্ম আৰু মৃত্যুৰ মাজৰ সময়কণ।য’ত নিহিত হৈ থাকে প্রাপ্তি আৰু অপ্রাপ্তিৰ সুখ কিম্বা দুঃখ।
প্ৰশ্ন:মৃত্যু?
ছি:ৰ: অৱশ্যম্ভাৱী আৰু অপ্রতিৰোধ্য এক প্রাকৃ্তিক প্রক্রিয়া, যি জীৱ আৰু জড় উভয়তে প্রযোজ্য।
প্ৰশ্ন: প্ৰেম?
ছি:ৰ:-হৃদয়বানৰ বুকুত প্রোথিত এক সৰগীয় অনুভৱ, যি আকোঁৱালি ল’ব পাৰে সমগ্র।
প্ৰশ্ন:শব্দ?
ছি:ৰ:-এক ব্রক্ষ্ম বাক্য।
প্ৰশ্ন:-কলম?
ছি:ৰ:ধৰাল অস্ত্র ব্যতিৰেকে বিজয় প্রাপ্তিৰ অন্যতম মসৃণ অস্ত্র।
প্ৰশ্ন: আপোনাৰ বাবে পলাশ বৰা? (প্ৰশ্নটো ভুলতে গুছি গৈছিল) Palash Borah
ছি:ৰ:-পলাশ বৰাৰে মোৰ বন্ধুত্ব দীৰ্ঘদিনীয়া।বয়সত হয়তো অনুজ।চিন্তাত অগ্রজ।কবিতাৰ পথাৰত কেতিয়াবা পিচলিব খুজিলে তেওঁৰ আঙুলিটোত খামুচিব বিচাৰো।বানানৰ বেলিকা মোৰ সাৰথি স্বৰূপ।
প্ৰশ্ন: আপোনাৰ জীৱনৰ এটি হাস্যমধুৰ মুহুৰ্ত
ছি:ৰ:-ল'ৰাই লেপটপত ফেচবুক কৰিবলৈ শিকোৱাত কোনোমতে তেনেকৈয়ে দুবছৰ মান চলাই দিলো।মবাইলত হলে নাজানো।কাক ক'ম কোনে পতিয়াব ! আহিল হুৱাট ছপ।কি কৰোঁ- ভতিজাজনীয়ে শিকাই দিলতহে ৰক্ষা। এতিয়া যেনিবা মবাইলত দুয়োতাই চলে কোনোৰকম।ধন্য ,ৰিলায়েঞ্চেৰ সুদৃষ্টিও যেনিবা আছে আৰু।তাকো কিমানদিনলৈবা নাজানো এথোন।
প্ৰশ্ন: আপোনাৰ বাবে উইল ছিদ্দিকুৰ ৰহমান?
ছি:ৰ:-ইণ্ট্র'ভার্ট। প্রচাৰবিমুখ।আনৰ দুখত দুখী হৈয়ো কবিতা লিখাৰ প্রয়াস কৰো, সিও আত্ম সন্তুষ্টিৰ বাবেহে।কবিতা লিখাটোও 'হবি' হিচাবে লওঁ,কিমান সফল হওঁ নাজানো।সেয়েহে নিজক কবি বুলি দাবী কৰাৰ ধৃষ্টতা নাই।
এনেয়ে ফেচবুকত "টাইম পাচ"ই কৰি থাকো।বন্ধু-বান্ধৱৰে চিন্তা কিম্বা সীমিত জ্ঞান বুদ্ধিৰ আদান প্রদান কৰো।
নিজৰ বহুমুলীয়া সময় খৰচ কৰি “থোৰতে” শিতানটিত ভাগ লৈ তেখেতে আমাক যি আনন্দ দিলে সেইবাবে তেখেতলৈ থাকিল ধন্যবাদ আৰু কৃতজ্ঞতাৰ শৰাই৷
Show more reactions

Wednesday 1 March 2017

আলাপ:অনুপমা বৰগোহাঁইৰ স’তে

“সেয়ে আমি ভাবো যে নতুন প্ৰজন্মৰ মাজত আকৌ চিঠি লিখাৰ প্ৰচলন আৰম্ভ কৰিলে আমি হয়তো আৰু বহুত সুন্দৰ লেখক, সাহিত্যিকক আবিস্কাৰ কৰিব পাৰিম ৷”
সন্মানীয় সদস্যবৃন্দ,
এইবাৰ চিঠিগোটৰ “আলাপ” শিতানটি সজাব বিচাৰিছোঁ “শ্যাম কানু দূৰৈ হৈ নাযাবা” উপন্যাসেৰে অভেলখপূৰ্ণ সমাদৰ লাভ কৰা উপন্যাসিকা তথা আমাৰ চিঠিগোটৰ সন্মানীয় প্ৰশাসক অনুপমা বৰগোহাঁই বাৰ সৈতে৷
আন্তৰিক অভিনন্দন আৰু মৰমেৰে আপোনালৈ প্ৰশ্ন কেইটি আগবঢ়ালোঁ---
প্ৰশ্ন:-সাম্প্ৰতিক সময়ত চিঠিৰ প্ৰাসংগিকতা কেনে বুলি ভাবে?
অ.ব:- চিঠিৰ প্ৰাসংগিকতা সময়ৰ কোনো পাকতে নোহোৱা হৈ যাব নোৱাৰে ৷ আজি তথ্য প্ৰযুক্তি বহু উন্নত আৰু ক্ষীপ্ৰ হোৱাৰ ফলত নতুন প্ৰজন্মৰ মাজত আপোনজনলৈ চিঠি লিখাৰ চৰ্চাটো কমি গল ৷ কিন্তু এতিয়াও নতুন প্ৰজন্মই বাতৰি কাকত, আলোচনী আদিলৈ চিঠি লিখে ৷ নিজৰ মনৰ ভাব অকপটে আৰু দীঘলীয়াকৈ ক'বৰ বাবে চিঠিৰ বাহিৰে অন্য একো সাধন নাই ৷
প্ৰশ্ন:-আপুনি কেতিয়াবা চিঠি লিখিছিল নে?যদি লিখিছিল চিঠি লিখাৰ অভিজ্ঞতা-স্মৃতি জনাব নেকি?
অ.ব:-চিঠি কেতিয়াবা লিখা নহয়— আখৰ লিখিবলৈ শিকাৰ পৰা এতিয়ালৈকে মই চিঠি লিখি আছো ৷ মোৰ দেউতাই কৰ্মৰ খাতিৰত ঘৰৰ বাহিৰত অসমৰ বহুবোৰ স্থানত থাকিব লগীয়া হৈছিল ৷ মই আছিলো দেউতাৰ একেবাৰে পেটমুচা অতিকৈ মৰমৰ সন্তান ৷ অফিচৰ বন্ধ আদিত দেউতা ঘৰলৈ আহি পুনৰ নিজৰ কৰ্মস্থানলৈ যাব ওলালেই মই কান্দি কাটি বাউলী হৈ পৰিছিলোঁ ৷ তেতিয়া মায়ে মোক হাতত কলম আৰু কাগজ তুলি দি দেউতালৈ চিঠি লিখিবলৈ শিকাইছিল ৷ চিঠিত কি লিখিছিলোঁ মনত নাই ৷ কিন্তু তেতিয়াৰে পৰা আজি এই সময়ৰলৈকে আপোনজনলৈ মনত পৰিলে, দুখ অভিমান হলেই চিঠি লিখিবলৈ আৰম্ভ কৰোঁ ৷ এটা সময়ত ভগবানলৈও চিঠি লিখিছিলোঁ ৷ মোৰ কৈশোৰ কালৰ ডায়েৰীবোৰ আছিল মাত্ৰ চিঠি ৷ এন ফ্ৰাংকলৈ লিখা চিঠি ৷ সেই সময়ত এন ফ্ৰাংকৰ ডায়েৰী পঢ়ি এনৰ জীৱনৰ লগত নিজৰ জীৱনৰ অনুভৱবোৰ একাত্ম কৰি পেলাইছিলোঁ ৷ আজিও মই মোৰ ল'ৰা তিনিটালৈ চিঠি লিখোঁ ৷ কব বিচাৰা অথচ মুখেৰে ক'বলৈ নোৱাৰা কথাবোৰ লিখিত ৰূপত চিঠিৰ জৰিয়তে সিহঁতক কওঁ ৷ সিহঁতিও মোলৈ চিঠিৰে উত্তৰ দিয়ে ৷এই চিঠিবোৰে আমাৰ মাজত কেতিয়াবা সৃষ্টি হোৱা ভুল বুজাবুজি, অভিমান, মনোমালিন্য বাৰিষাৰ ঢলৰ দৰে উটুৱাই লৈ যায় ৷ আমাৰ মৰমৰ জৰীডাল আৰু মজবুত হৈ পৰে ৷ বিয়াৰ ঠিক পিছত পৰদেশত এওঁ যেতিয়া মোক অকলে এৰি চৈধ্যদিনৰ বাবে কামলৈ যায়, তেতিয়া চিঠিয়েই মোক নিৰ্জনতা আৰু একাকীত্ব পাহৰাই দিছিল ৷ আমি দুজনীয়েও পৰস্পৰৰ লগত চিঠিৰে কিমান কথা পাতিছিলোঁ মনত আছেনে চুমী? হোৱাটচ এপ বা ফেচবুকৰ পৰা নিজক বিৰত ৰাখিবলৈকে এই পন্থা লৈছিলোঁ ৷ খুউব ভাল লাগিছিল ৷ তুমি লিখা সেই চিঠিবোৰ যেতিয়া জন্মদিনৰ উপহাৰ হৈ মোৰ হাতত পৰিছিল, মই আনন্দ আৰু আবেগত কান্দি পেলাইছিলোঁ ৷ এতিয়াও তোমালৈ মনত পৰিলেই সেই চিঠিৰ টোপোলাটোত হাত বোলাওঁ - চুমা খাওঁ ৷ চিঠি লিখা, চিঠি পোৱাৰ আনন্দ আৰু আবেগ যে কেনে— সেয়া মই শব্দৰে প্ৰকাশ কৰিবলৈ অক্ষম ৷
প্ৰশ্ন:প্ৰেমাস্পদলৈ চিঠি লিখিছিল নে?
অ.ব:- লিখিছিলোঁ ৷ কেৱল চিঠিয়েইতো প্ৰেমাস্পদক জনাৰ, বুজাৰ একমাত্ৰ মাধ্যম আছিল ৷
প্ৰশ্ন: বৰ্তমান অফিচ-কাচাৰিৰ চিঠিৰ বাদে মানুহে মানুহলৈ লিখা ব্যক্তিগত চিঠি হেৰাই যোৱাৰ পথত.. এইবিষয়ে আপুনি কি বুলি ভাবে?
অ.ব:এৰা, বহুবোৰ বস্তু তথ্য প্ৰযুক্তিৰ ভিৰত হেৰাই গৈছে ৷ যেনে টেলিগ্ৰাম, গ্ৰামফোন, লেন্ডলাইনৰ ফোন ৷ কিন্তু আপোনজনলৈ অন্তৰৰ আকুলতাৰে লিখা চিঠিৰ প্ৰচলনো হেৰাই যোৱাতো বৰ দুখজনক ৷ চিঠিয়ে আপোনজনক যিদৰে ওচৰ চপাই আনে ম'বাইল ফোন বা ফেচবুকে সেইদৰে ওচৰ চপাই আনিব নোৱাৰে ৷ সেয়ে সম্পৰ্কবোৰ গভীৰ হ'বগৈ নোৱাৰে ৷ চমুকৈ কৈ থোৱা কথাবোৰে ভুল বুজাবুজিৰো সৃষ্টি কৰে ৷ আপোনজনলৈ লিখা চিঠি এখন কেতিয়াবা ব্যক্তিগত সম্পত্তি হৈ নাথাকি সাহিত্যৰ সমল হৈয়ো পৰে ৷ এনে উদাহৰণ দেশে বিদেশে বহুত আছে ৷ সেয়ে আমি ভাবো যে নতুন প্ৰজন্মৰ মাজত আকৌ চিঠি লিখাৰ প্ৰচলন আৰম্ভ কৰিলে আমি হয়তো আৰু বহুত সুন্দৰ লেখক, সাহিত্যিকক আবিস্কাৰ কৰিব পাৰিম ৷ তাৰোপৰি, আজিকালি তৎক্ষণাতে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱাৰ বাবে মানুহৰ মাজত ধৈৰ্যশীলতা - এই গুণটো কমি গৈছে ৷ ক্ষীপ্ৰ প্ৰতিক্ৰিয়া, ক্ষীপ্ৰ উত্তৰে বহুতৰে মানসিক চাপ বৃদ্ধি কৰিছে ৷ ধৈৰ্যৰ অভাৱে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে ৷ চিঠি এখনৰ উত্তৰৰ বাবে এটা সময়ত আমি যি ধৈৰ্যৰে বাট চাই আছিলো— সেই ধৈৰ্যৰ অনুশীলন আজিৰ প্ৰজন্মই কৰিলে বহুতেই উপকৃত হব বুলি ভাব হয় ৷
ব্যস্ততাৰ মাজতো “আলাপ” শিতানত ভাগ লৈ আমাক যি আনন্দ দিলে তাৰবাবে বালৈ থাকিল ধন্যবাদ আৰু অযুত কৃতজ্ঞতাৰ শৰাই৷
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
০১/০৩/১৭
Show more reactions

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...