Monday 6 March 2017

মৰমৰ মৌ : অনিতা গগৈ

মৰমৰ মৌ,
আজি হঠাতে মন গ'ল এখন চিঠি লিখিবলৈ । তুমি কৈছিলা যে, হয়তো সেয়ে । আচলতে এই কামটোত মই একেবাৰে কেঁচা। লিখিবলৈ লৈ ভাবি থাকোঁ কি লিখোঁ ? এসোপামান ভাব মনৰ মাজত অগাদেৱা কৰি থাকে অথচ সহজে ওলাই নাহে। এনে লাগে যেন চিঠি এখন লিখোঁ বুলি ভাবিলেই মোৰ সোঁৱে বাৱেঁ, আগে পিছে , টেবুলৰ ওপৰে তলে , দুপদুপাই ঘূৰি ফুৰে ভাববোৰ। অথচ লিখিব খুজিলেই মুখ ভেঙুচাই দৌৰি পলায় । মূৰকত একো লিখা নহয়গৈ বা আধৰুৱাকৈয়ে সামৰা হয়। তুমি শুনিলে হাঁহিবা মই মাত্র দুটা শাৰীৰ চিঠিও লিখি পাইছোঁ।
বাৰু এইবোৰ কথা থাকক। আচলতে বহুকথাই ক'বলৈ মন গৈছে কিন্তু কোনটো আগতে কওঁ ,কোনটো পিছত এনে লাগিছে। এই যে ফাগুন মাহ ! মন উৰুঙা উৰুং লগা। সৰু কালত আমাৰ স্কুলৰ পৰা অহাৰ বাটত এজোপা মদাৰৰ গছ আছিল। তলসৰা মদাৰৰ পাপৰিৰে পথৰ এছোৱা ভৰি থাকে যেন বহু দূৰলৈ এখন ৰেড কাৰ্পেট পাৰি থোৱা। সেই গছজোপাৰ গুৰিতে বাটটো শেষ হৈছে। সন্মুখত এখন মেটেকানিৰে ভৰা বিল । স্কুল ছুটিৰ সময়লৈ অধীৰ আগ্রহেৰে বাট চাই ৰওঁ, কেতিয়াকৈ গৈ সেই ঠাই পাওঁগৈ ? কেনেকৈ আনতকৈ আগতে গছজোপাৰ গুৰিৰ পৰা ওখকৈ থকা শিপা এডালত বহিবগৈ পাৰোঁ ? ... ওপৰত নীলা আকাশ ৰঙাই ফুলা মদাৰৰ কল্লোলিত কথকতা , সন্মুখৰ মেটেকানিৰ জয়াৰ নিৰ্জনতা। দীঘল দীঘল নখৰ দৰে পাপৰি বোৰ আঙুলিত পিন্ধি ... চাই ৰওঁ আকাশৰ অ'ত ত'ত উৰি ফুৰা ৰং বিৰঙী চিলাবোৰ। মেটেকানিৰ স্তব্ধতা ভাঙি হুৰুসকৈ আকাশলৈ উৰি যোৱা চৰাইবোৰ। কিবা এক আবেশে আচ্ছন্ন কৰে মন। পিছে সেই এখন্তেকহে । ইফালে সময়মতে ঘৰ আহি সোমোৱাৰ অলিখিত চমন।
জানানে মৌ, এই ফাগুন চ'ত মাহতে যে মেট্রিক পৰীক্ষাৰ বাবে স্কুলৰ দীঘলীয়া বন্ধবোৰ হয়,সেই দিনবোৰ মই প্রায়ে এগৰাকী জেঠাইদেউৰ ঘৰত কটাইছিলোঁ। জেঠাইদেউহঁতৰ চাহ বাগিছাৰ ঘৰলৈ সোমোৱা বাটৰ মূৰতে চন্তৰীৰ দৰে থিয় হৈ থাকে দুজোপা শিমলু গছ। চৌপাশে ওখ ওখ শিৰিষ গছৰ ছাঁয়াৰে আবৰা চাহগছৰ সেউজ শোভা , চাহশ্রমিকৰ শাৰী শাৰী আবাস , কলঘৰৰ পৰা ভাঁহি অহা চাহপাতৰ সুতীব্র সজীৱ সুবাস... কিযে ভাললগা । জেঠাইদেউৰ ঘৰৰ আগফালে আছিল এটা প্রকাণ্ড পুখুৰী। দলনিৰ আঁৰত অনবৰতে মাছে খলখলাই থাকে । কাষে কাষে ফুলি থাকে ভেঁট আৰু পদুমবোৰ। সন্ধ্যাৰ আন্ধাৰত ভাঁহি অহা উঁইচিৰিঙাৰ চিঁ চিঁয়নিৰে জয়াল পৰিবেশক অধিক ৰহস্যময় কৰি তোলে দূৰৈৰ মজদুৰ লাইনৰ পৰা ভাঁহি অহা মাদলৰ মাতে। বাৰে বাৰে খিৰিকীৰ পৰ্দা তুলি চাওঁ । আকাশৰ জোনটো শিমলুৰ ডালত ওলমি থকা যেন লাগে ...। পুখুৰীৰ ওপৰত উৰি ফুৰা জোনাকী পৰুৱাবোৰক আকাশৰ তৰা যেন লাগে । বেছি দেৰিলৈ চাই থাকিব নোৱাৰি সেই পৰিবেশ, পুখুৰীৰ মাজৰ পৰা কোনোবাই যেন হাতবাউলি মাতে । ভয়ে ভয়ে চকু আঁতৰাই আনি বিচনাৰ গাঁৰু টো চকুত হেঁচি ধৰোঁ ... পঢ়ি থকা কিতাপখন পুনৰ মেলি লওঁ। জেঠায়ে চিঞৰে --- আইচুমানু , মোৰ ভাত হৈছেই ... টোপনি নাযাবি ।... টোপনি মোৰ নাহেই । বহু ৰাতিলৈ জেঠাইৰ কাষত শুই পিনপিনাই ফুৰোঁ ৰূপকথাৰ দৰে লগা মায়াময় জগত এখনত।
জেঠাইদেউৰ ল'ৰা ধনটিদাৰ সৈতে বাগিছাৰ মাজৰ ৰাষ্টাৰে চাইকেলত উঠি যাওঁ আইতাৰ ঘৰলৈ । জয়াল জৰী এজোপাই আগুৰি থকা পুৰণা শিৱমন্দিৰৰ আগত ৰৈ যায় ধনটি দাৰ চাইকেল। ' মন্দিৰৰ আগেৰে চাইকেল চলাই যাব নাপায় ।' জেঠাইৰ এই এষাৰ কথা ধনটিদাই মানে। মন্দিৰৰ চৌহদত এটা প্রকাণ্ড ষাড়গৰু ঘূৰি ফুৰে । কেনেবাকৈ খেদি আহে বুলি ভয়ে ভয়ে ধনটিদাৰ আঁৰত লুকাওঁ। ভৰিৰ তলত কিবা এটা কেচেককৈ ভাঙে । চাই দেখোঁ আন ক'তো দেখা নোপোৱা সচৰাচৰ দেখাতকৈ ডাঙৰ আকৃতিৰ কজলা বৰণীয়া কেৰেলুৱা এবিধ কিলবিলাই ফুৰা । গা কিচ্ কিচাই যোৱাকৈ গোল গোল হৈ বাগৰি যোৱা। হঠাতে ক'ৰবাৰ পৰা জপিয়াই আগতে পৰেহি মলুৱা বান্দৰ এটা ..দুটা , পুনৰ লাফ মাৰি গছৰ ডালে পাতে ওলমি চকুৰ পচাৰতে নাইকীয়া হয়। ওখ ওখ গছবোৰৰ পৰা কপৌফুল বোৰ হালি জালি ওলমি থাকে। ওখ পাহাৰটোৰ সিপাৰৰ ক'ৰবাৰ পৰা কুলিয়ে বিনায়। ধনটিদাই কয়,
'' দেখিছ? তহঁতৰ নামৰূপত এইবোৰ আছে ? '' ... মনে মনে কওঁ -- সঁচাই নাই ধনটিদা , কিন্তু মুখ ফুটাই কওঁ --- ইহ ! আমাৰ তাত ইয়াতকৈও ধুনীয়া ঠাই আছে।
পথাৰৰ মাজৰ বহল আলিটোৰে বজাৰখন পাৰ হৈ গৈ আইতাহঁতৰ গাওঁখন পাওঁ । কালভাৰ্টৰ ওপৰত এখন্তেক ধনটিদাই চাইকেলখন ৰখায়। পথাৰৰ ন' পানীত জাক জাক দৰিকণা মাছে কমাই থকা চাই চাই এপৰলৈ তধা লাগে ধনটিদা । পথাৰৰ আলিয়েদি পাৰহৈ যোৱা দুই এগৰাকী পেহী ,আইতা সম্বন্ধীয় মানুহে সোধে -- '' সেইটো ধনটি নে ? কলেজ বন্ধ নেকি ? লগত সেইজনী আইচুমানু নহয়নে ? আগতকৈ ডাঙৰ হ'লচোন ।'' --- নহ'বনে ডাঙৰ ? আমাৰ মঙলুৱে ( মঙলু ধনটিদাহঁতৰ বাৰীত কাম কৰা মানূহ এজন ) তাইক বিয়া কৰাবলৈ ৰৈ থকা নাই জানো?... ধনটিদাই ৰিঙিয়াই উত্তৰ দিয়ে। মানুহে নেদেখাকৈ ধনটিদাৰ পিঠিত বজ্রচিকুট এটা দিওঁ , জোতাৰ আগেৰে থপ্ থপকৈ মাটিত ভৰি আচাৰি চকুৰ পানীৰে বাট নেদেখা হওঁ । ...কিয় ক'বা মোক ডাঙৰ বুলি ? মই ডাঙৰ নহওঁ কাহানিও। বেলিটো আকাশৰ চুকত হেলনীয়া হোৱাৰ আগতেই আমি আইতাৰ ঘৰ পাওঁগৈ...।
কেনেকৈ যে পাৰ হৈ যায় সময়বোৰ।খাঁজ কাটি ৰৈ যায় মাথোঁ সোঁৱৰণি মনৰ মাজত । যেন কোনো কাহানিয়ে মচ নোখোৱা এটা এটা মুহূৰ্তৰ এখন এখন ছবি। এৰা , ছবি ! সেই মোৰ সৰুকালৰ মৰমৰ এডভেঞ্চাৰ প্রিয় ধনটিদাটোও আজি নাই । আছে মাথোঁ ফ্রেমত বন্ধোৱা এখন বিবৰ্ন ছবি ।
মৌ, চোৱাচোন ..কি কওঁ ? কি লিখোঁ কৈ বহুকথাই ক'লোঁ মোৰ শৈশৱৰ । সিদিনা তুমি তোমালৈ লিখিবলৈ কওঁতে কিয় জানো মোৰ শৈশৱৰ কথাহে মনলৈ আহিল। আচলতে সৰুকালৰ স্মৃতিবোৰেই মোৰ প্রিয় সম্পদ । তাতে মই পাকঘূৰণি খাই ফুৰোঁ । এই যে কবিতা বুলি লিখোঁ দুই এটা তেতিয়াও আহে সেই অতীত ... গল্পটো ( গল্প অৱশ্যে বহুদিন লিখাই নাই ) কেতিয়াবা অতীতে ভুমুকিয়াই । এনে লাগে যেন সেই অতীততে ৰৈ আছোঁ মই ।.. এই যে আজিৰ মই জনী , যেন মাথোঁ অতীতৰ একো একোটা চলমান মুহূৰ্তৰ প্রতিচ্ছবিহে ।
মৌ, যা তা বলকি যোৱা অসংলগ্ন কথাবোৰ শুনি তোমাৰ চাগৈ আমনি লাগিছে ... ? আজিলৈ সামৰোঁ দিয়া । পুনৰ কেতিয়াবা লিখিম মন গ'লে .। শেষত তোমালৈ বহু মৰম আৰু জান হিয়া দুয়োলৈ চুমু।
.... ইতি
তোমাৰ অনিতা বা
নামৰূপ সাৰনগৰী
৬।৩।২০১৭।।

No comments:

Post a Comment

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...