Saturday 25 February 2017

জোন মোৰ – পৰী পাৰবিন

জোন মোৰ,
ৰাতিটোৱে মোট সলালেই তোমাৰ দশমতম জনম বৰ্ষ । কথাবোৰ সৌ সিদিনাৰহে আছিল । তোমাক আদৰিবলৈ সাজু হৈছিলো । অনেক প্ৰত্যাহবানৰ মাজতো তুমি মোৰ কোলা শুৱনি কৰিবলৈ আহিছিলা ।
কথাবোৰ বুজি পোৱা ধৰণেৰে জীৱনটো আৰম্ভ হোৱাই নাছিল । মাতৃত্বৰ দায়িত্ববোধে তিলমানো চুব পৰা নাছিল তেতিয়ালৈ । কিমান যে পাগলী আছিলো মই । অকলশৰীয়া ভাৰাঘৰটোৰ পৰা তিনিআলিৰ গুমটিখনৰ পকৰীৰ সোৱাদ লবলৈ মন গলেই অকলে ওলাই আহিছিলো । অ' পাহৰিছোৱেই, তোমাৰ দেউতাও তেতিয়া চাকৰিসূত্ৰে অলপ দূৰত থাকিব লগা হৈছিল । মোৰ লগত কোননো আছিল ? অ' আছিল । ভগৱানৰ সুদৃষ্টি আছিল মোৰ ওপৰত । নহলেনো তোমাক গৰ্ভত লৈ ৰাতিৰ ৰাতিটো নিশ্চিন্তমনে টোপনি যাব পাৰোনে ?
২০০৭ চনৰ ২৫ ফেব্ৰুৱাৰী । দেওবাৰ । সিদিনা তোমাৰ দেউতাও ওলালহি । লগতে তোমাৰ জেঠাইও পালেহি । দেওবাৰ যদিও অফিচৰ কামবোৰ শেষ কৰিবলৈ মই অফিচলৈ ঢাপলি মেলিছিলো । ছুটিত যোৱাৰ আগতে কামবোৰ শেষ নকৰিলে বাকীবোৰে অসুবিধা পাব সেই মনোভাৱেৰে । কামবোৰ চিজিল লগাই মোৰ সহকৰ্মীজনক সবিশেষ বুজাই দিলো যাতে মই নাথাকিলে অফিচত অসুবিধা নহয় । তুমি যে অহাৰ কথা ! অৱশ্যে ডাক্তৰৰ হিচাপমতে তেতিয়াও কিছুদিন বাকী ।
শেষৰাতিলৈ তুমি অহাৰ উমান দিলা । এনাস্থেচিয়াৰ জালত তোমাৰ জোনহেন কণমানি মুখখনি প্ৰথমে দেখাৰ সৌভাগ্য নহ'ল । যেতিয়া জ্ঞান আহিল , জীৱনলৈ অপাৰ হেঁপাহ কঢ়িয়াই মোৰ কাষত শুই আছিলা তুমি ।
এই জোন, তোমাক কোলাতেই থম নে বোকোচাতেই থম তেতিয়া । তুমি অহাৰ পাছত জীৱনটো ৰঙীন হৈ পৰিল । ইমান অহংকাৰ হৈ পৰিল মোৰ পৃথিৱীখন । গপ তুলি তুলি বছৰবোৰ আহে । নিমিষতে বাগৰে । অহংকাৰবোৰ দিনক দিনে বাঢ়িহে গৈছে দেখোন ।
তুমি ডাঙৰ হ'লা । মোক কিটচেনত মটৰৰ বাকলি গুচাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা । ভাইটিক কাপোৰ পিন্ধাই দিব পৰাকৈ তুমি ডাঙৰ হ'লা ।
জোন মোৰ । কেইটিমান কথাৰে চিঠিখন সামৰো । এই যে তোমাক পুৱা সাত বজাতে স্কুললৈ টানি টানি লৈ যাওঁ, পৰীক্ষাৰ ভুল উত্তৰৰ কাৰণে চকু পকাই ধৰো । সেয়া নিতান্তই এটা চাকৰি নতুবা পৰীক্ষাৰ নম্বৰকেইটিৰ কাৰণে নহয় কিন্তু । মোৰ লক্ষ্য হ'ল, তোমালোকক জ্ঞানী কৰি তোলাহে । জ্ঞান নহলে ভুল-শুদ্ধৰ বিচাৰটিকে কেনেকৈ কৰিবা ? উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লবলৈকে আমাক জ্ঞানৰ দৰকাৰ । নহয় জানো ?
জোন মোৰ । সপ্তাহৰ এটি মাথো দেওবাৰ । সেইদিনাও আৰ্ট স্কুল নতুবা গানৰ স্কুল । ইয়াতো কিন্তু সুগভীৰ লক্ষ্য মোৰ । প্ৰতিযোগিতাত প্ৰশংসা বুটলাটো মোৰ লক্ষ্য নহয় । মোৰ লক্ষ্য অনন্য । এই সাধনাই তোমাৰ ভিতৰৰ 'তুমি'টোক আজীৱন সংগ দিব । বিষাদ জয় হ'ব তোমাৰ সুৰত, নতুবা বিষাদ সামৰিব কেনভাচত বুলাই লোৱা তুলিকাত । সেয়াহে মোৰ লক্ষ্য ।
তুমি সুখী হোৱা । কায়িকভাৱে নহলেও মোৰ অন্তৰাত্মা তোমাৰ খোজে প্ৰতি ।
তুমি ভাল মানুহ হোৱা । দহজনৰ চকুত নহয়, নিজে নিজৰ চকুত শুদ্ধ হোৱা ।
তুমি ধনী হোৱা । ধনৰ নহয়, মনৰ ।
 তুমি সু্স্থ থাকা । কেৱল শৰীৰেৰে নহয় , আত্মাৰেও ।
তোমাৰ জনমদিনত এইয়ে মোৰ কামনা ।
চিঠিখন বহুতেই দীঘল হ'ল ন সোণ ? ক'বলৈ যে এতিয়াও বহুত বাকী । চিঠিখন পঢ়িবলৈ টান পাইছা নেকি বাৰু ? ইংৰাজী মাধ্যমত পঢ়িলা বুলিয়ে অসমীয়া নপঢ়িলে নহব কিন্তু । চোৱাচোন আমাৰ ভাষাটো কিমান সুন্দৰ । গতিকে মোৰ চিঠিখন পঢ়িবলৈকে তুমি কিন্তু আমাৰ মাতৃভাষাটো শিকিব লাগিব ।
কথা দিবানে তুমি ? মোৰ সৰু অনুৰোধটো ৰাখিবা দেই সোণ । মোৰ জোন ।
এইবাৰলৈ সামৰো দেই ।
ইতি
তোমাৰ মা

No comments:

Post a Comment

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান।

[ পুতাইলৈ চিঠি ] -উইল চিদ্দিকুৰ ৰহমান। (এখন পুৰণি চিঠি ‘চিঠি.....Letter’ গোটৰ জৰিয়তে পুনৰ পাঠকবর্গলৈ আগবঢ়ালো) মৰমৰ সোণ, মৰম লবি। বহ...